২২ জুলাইৰ পৰা সংসদৰ বাজেট অধিবেশনঃ ২৩ জুলাইত দাখিল কৰিব বাজেট...

বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণৰ অভিলেখ

author-image
Asomiya Pratidin
New Update
২২ জুলাইৰ পৰা সংসদৰ বাজেট অধিবেশনঃ ২৩ জুলাইত দাখিল কৰিব বাজেট...

২২ জুলাইৰ পৰা সংসদৰ বাজেট অধিবেশনঃ ২৩ জুলাইত দাখিল কৰিব বাজেট...

ডিজিটেল ডেস্কঃ ২২ জুলাইৰ পৰা সংসদৰ বাজেটি অধিৱেশন। ২৩ জুলাইত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব ২০২৪-২৫ বৰ্ষৰ পূৰ্ণাংগ বাজেট। নৰেন্দ্ৰ মোডীৰ নেতৃত্বত গঠিত এন ডি এ চৰকাৰৰ প্ৰথমখন বিশেষ অধিবেশন সম্পন্ন হোৱাৰ পিছতে বাজেট অধিবেশনৰ দিন ঘোষণা কৰিলে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে।

Advertisment

উল্লেখ্য যে, তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এয়া হ’ব নিৰ্মলা সীতাৰমণৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। যিহেতু ইয়াৰ পূৰ্বৰ দুখন চৰকাৰত বিজেপি একক সংখ্যাগৰিষ্ঠ দল আছিল আৰু এইবাৰ সেই সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে গতিকে এইবাৰৰ বাজেট পূৰ্বৰ বাজেটসমূহতকৈ বহু পৃথক হোৱাৰ সম্ভাৱনা আছে।

সেয়ে এইবাৰৰ বাজেটৰ ওপৰত বহুতৰ দৃষ্টি থাকিব। শনিবাৰে এক্সত এক পোষ্টৰ জৰিয়তে কিৰেণ ৰিজিজুৱে জনাইছে ২২ জুলাইৰ পৰা বাজেট অধিবেশন আৰম্ভ হ'ব। এই অবিধেশন ১২ আগষ্ট পৰ্যন্ত চলিব। কেন্দ্ৰীয় চৰকাৰে বাজেট অধিবেশন আহ্বানৰ প্ৰতি ৰাষ্ট্ৰপতিয়ে সহাৰি দিছে। সংসদত ২৩ জুলাইত ২০২৪-২৫ অৰ্থনৈতিক বৰ্ষৰ বাজেট ২৩ জুলাইতদাখিল কৰিব।

ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰী হিচাপে মুঠ ৭ বাৰ বাজেট দাখিল কৰিছে নিৰ্মলা সীতাৰমণে। নিৰ্মলা সীতাৰমণৰ এয়াও এক অভিলেখ। ইয়াৰ পূৰ্বে মোৰাৰজী দেশায়ে মুঠ ৬ বাৰ সংসদত বাজেট দাখিল কৰিছিল।

Also Read: অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হ'ল NEET-UG ৰ কাউন্সেলিং...

বাজেট অধিবেশন