প্ৰসংগ- সমষ্টি পুনৰ নিৰ্ধাৰণঃ আমগুৰি সমষ্টিক লৈ উত্তাল শিৱসাগৰ

আমগুৰি আৰু লাহোৱাল সমষ্টি বিলুপ্তকৰণক লৈ উজনিৰ সমষ্টিয়ে সমষ্টিয়ে ক্ষোভৰ উদ্গীৰণ...
প্ৰসংগ- সমষ্টি পুনৰ নিৰ্ধাৰণঃ আমগুৰি সমষ্টিক লৈ উত্তাল শিৱসাগৰ

ডিজিটেল সংবাদ, শিৱসাগৰঃ বিজেপিয়ে ৰাজনৈতিক অংকত নিৰ্বাচন আয়োগক সাৰথি কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত উজনিৰ আমগুৰি আৰু লাহোৱাল সমষ্টি চিৰদিনলৈ বিলুপ্ত কৰে ৷ ভাৰতৰ নিৰ্বাচন আয়োগে শুকুৰবাৰে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত আমগুৰি সমষ্টি বিলুপ্ত হোৱাৰ কথা স্পষ্ট হোৱাৰ পিচতে শনিবাৰে আমগুৰিৰ জনতা ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, টাই আহোম ছাত্ৰ সন্থা, টাইপা, অসমীয়া যুৱমঞ্চ, আমগুৰি সমষ্টি সুৰক্ষা সমিতি, আপ, কংগ্ৰেছ দলে মিলিতে ভাবে প্ৰতিবাদ সাব্যস্ত কৰে।

শনিবাৰে আমগুৰি নগৰ চাৰিআলিত প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অগপ বিধায়ক প্ৰদীপ হাজৰিকাৰ প্ৰতিমূৰ্তি দাহে ক্ষোভ উজাৰে। প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদকাৰীসকলে বিজেপি গ’ বেক, অসম গণ পৰিষদ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা কাম নাই, জাতিৰ দালাল প্ৰদীপ হাজৰিকা কাম নাই, অসমীয়া জাতিৰ প্ৰতাৰক প্ৰদীপ হাজৰিকা লেই লেই চেই চিই, অসম বিক্ৰী কৰিব বিচৰা হিমন্ত বিশ্বশৰ্মা মুৰ্দাবাদ, আমগুৰি সমষ্টি বিক্ৰী কৰা প্ৰদীপ হাজৰিকা হুচিয়াৰ আদি শ্ল’গানেৰে পথ অৱৰোধ কৰি উত্তাল কৰি তোলে।  শতাধিক আৰক্ষী আৰু প্ৰতিবাদকাৰী মাজত হতাহতি হোৱাত প্ৰতিবাদকাৰীসকল অদ্ধ উলংগ হৈ আমগুৰি নগৰ চাৰিআলিত এক উত্তপ্ত পৰিৱেশ সৃষ্টি  কৰে।

প্ৰতিবাদস্থলীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাই আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাক সমালোচনা কৰি কয়- প্ৰদীপ হাজৰিকা ইতিহাসত এক কলংকিত বিধায়ক হিচাপে চিহ্নিত হৈ ৰ’ব।  আমগুৰি সমষ্টিটো কেৱল মাত্ৰ প্ৰদীপ হাজৰিকাই গাদী বচাবলৈ, লুণ্ঠন কৰি থকা টকাৰ হিচাপ মুখ্যমন্ত্ৰীয়ে বিচাৰিব বুলি ভাবি হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত শৰণাপন্ন হৈ আমগুৰিবাসীক বিশ্বাসঘটকতা কৰিলে ৷ প্ৰদীপ হাজৰিকা বিজেপিৰ ওচৰত বিক্ৰী হোৱা কলংকিত বিধায়ক বুলি ৰাইজে মনত ৰাখিব। মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক আভুৱাভাৰী অশোক সিংহাল নামৰ বহিৰাগতৰ কথামতে উজনি অসমৰ খিলঞ্জীয়াৰ আমগুৰি আৰু লাহোৱাল সমষ্টি বিলুপ্তি কৰিলে।

বীৰ লাচিত সেনাৰ উদিয়াদিত্য বৰা, অসমীয়া যুৱ মঞ্চৰ আকাশ শইকীয়া, টাই আহোম ছাত্ৰ সন্থাৰ গৌতম দিহিঙীয়া, ছাত্ৰ মুক্তিৰ ৰবীন হাজৰিকা, পল্লব শইকীয়া, টাইপাৰ আদিত্য ৰুচাও, আপৰ ৰঞ্জিত শৰ্মা, কংগ্ৰেছৰ পুৰুজিত মহন্ত, পোহৰৰ পল্লৱজ্যোতি শইকীয়াই আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাক তীব্ৰ সমালোচনা কৰি কয়- অসম গণ পৰিষদৰ সম্পাদক নিৰ্বাচনী সমিতিৰ সদস্য হোৱাৰ পাছতো প্ৰদীপ হাজৰিকাই আমগুৰি সমষ্টি বিলুপ্তকৰণৰ বিৰোধীতাৰে এষাৰো মাত নেমাতিলে ৷  আমগুৰিবাসী  লগত ঐক্যবদ্ধ হৈ প্ৰতিবাদ কৰাৰ বিপৰীতে প্ৰদীপ হাজৰিকাই গুৱাহাটীত বহি থাকিলে । অনাগত দিনত অসম গণ পৰিষদ, বিজেপিক শিৱসাগৰ জিলাৰ পৰাই উৎসাত কৰা হ’ব বুলি তেওঁলোকে হুংকাৰ দিয়ে । আমগুৰি সমষ্টি বিলুপ্তকৰণৰ প্ৰতিবাদত সংগঠন কেইটাই অহা ১৪আগষ্টৰ পুৱা ৫বজাৰ পৰা বিয়লি ৫বজালৈ আমগুৰি সমষ্টি বন্ধ ঘোষণা কৰিছে। আমগুৰি সমষ্টি আগৰ দৰে বাহাল ৰখাৰ দাবীত আমগুৰিবাসীক আমগুৰি সমষ্টি বন্ধ সফল কৰিবলৈ আহ্বান জনায়। 

ইফালে ৰাইজৰ প্ৰতিবাদ আৰু ক্ষুৰধাৰ সমালোচনাত কিংকৰ্তব্যবিমূঢ় হৈ অগপ নেতা তথা বিধায়ক প্ৰদীপ হাজৰিকাই অগপৰ বিষয়বাবৰ পৰা অব্যাহতি বিচাৰি দলৰ নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷ ৰাইজৰ মতে প্ৰদীপ হাজৰিকাই ৰাইজৰ মন জয় কৰাৰ বাবে এখন নাটকৰ অৱতাৰণা কৰিছে ৷ প্ৰদীপ হাজৰিকাই যদি আমগুৰিক বা আমগুৰিবাসীক ইমান ভালেই পায় তেনে তেওঁ কিয় অগপৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰা নাই ৷ অগপৰ নেতৃত্বই অব্যাহতি নিদিলে তেওঁ পুনৰ দলতেই মূৰগুজি থাকিব বুলি ৰাইজে মত প্ৰকাশ কৰে ৷

অগপ নেতা অতুল বড়া আৰু কেশৱ মহন্তই প্ৰদীপ হাজৰিকাক চূড়ান্ত ভাৱে অপমান কৰিছে ৷ দলৰ প্ৰবীন নেতা গৰাকীয়ে প্ৰতিনিধিত্ব কৰা আমগুৰি সমষ্টি বিলুপ্তিকৰণক অতুল বড়া আৰু কেশৱ মহন্তই পোনপটীয়াকৈ সমৰ্থন কৰাৰ পিছত কি হেৰুৱাৰ ভয়ত প্ৰদীপ হাজৰিকাই দল ত্যাগ কৰা নাই বুলি দলীয়কৰ্মীয়ে প্ৰশ্ন কৰিবলৈ বাধ্য হয় ৷ ভাৰতৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত আমগুৰি সমষ্টিৰ নাম কৰ্তন কৰোঁতেই প্ৰদীপ হাজৰিকাই প্ৰতিবাদ কৰিব লাগিছিল ৷ এতিয়া প্ৰতিবাদ কৰাটো নাটকৰ বাদে আন একো নহয় ৷

ইফালে উজনি অসমৰ সমষ্টি বিলুপ্তিকৰণ আৰু সমষ্টিৰ নতুন সীমা নিৰ্ধাৰণৰ তীব্ৰ বিৰোধিতাৰে শনিবাৰে শিৱসাগৰ নগৰৰ দিচাংমুখ ডেকা বৰবৰুৱা চাৰিআলি তথা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাইজৰ দলৰ বহু সংখ্যক কৰ্মীয়ে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপি চৰকাৰ গ'বেক, অশোক সিংঘাল গ'বেক, সমষ্টি কৰ্তন মানি লোৱা নহ’ব, শিৱসাগৰ সমষ্টিক পূৰ্বৰ দৰে বাহাল ৰাখক ইত্যাদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। শুকুৰবাৰে দেশৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ গঠনৰ চূড়ান্ত  তালিকা প্ৰকাশ কৰাৰ পিছতেই  উজনি অসমত তীব্ৰ প্ৰতিক্ৰিয়া হয়। ৰাইজৰ দলে  প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি খবৰ লাভ কৰি শিৱসাগৰ আৰক্ষীয়ে শিৱসাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাংমুখ ডেকা বৰবৰুৱা চাৰিআলিটোৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দ্বাৰা কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে।

ৰাইজৰ দলৰ কৰ্মীসকলে নিৰাপত্তা বেষ্টনীৰ বেহু ফালি ৰাষ্ট্ৰীয় ঘাইপথটোক অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী মিছিলটোক নেতৃত্ব প্ৰদান কৰা ৰাইজৰ দলৰ নেতা জিতুজ্যোতি গায়নে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে - ঐতিহ্যমণ্ডিত শিৱসাগৰ বিধানসভা সমষ্টিটোত বিজেপি প্ৰতিটো নিৰ্বাচনত পৰাজিত হৈ আহিছে। এই পৰাজয়ৰ প্ৰতিশোধ ল’বৰ বাবেই শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়ক সুশান্ত বৰগোঁহাই আৰু অশোক সিংঘালৰ মন্ত্ৰনাত শিৱসাগৰ সমষ্টিটোৰ ভৌগোলিক সীমা ঠানবান কৰি আগন্তুক নিৰ্বাচন সমূহত জয়ী হোৱাৰ সপোন দেখিছে।

ঐতিহাসিক সমষ্টিটোৰ লাচিত, বেতবাৰী, খেলুৱা, নগৰমহল, আৰু দিচাংপাৰ গাঁও পঞ্চায়তক নতুন ডিমৌ সমষ্টিত সন্নিবিষ্ট কৰি এই পাঁচখন গাঁও পঞ্চায়তৰ জনসাধাৰণৰ ৰাজনৈতিকভাৱে পৰিচয়হীন কৰি তুলিছে। নিৰ্বাচন আয়োগ আৰু শাসক বিজেপি চৰকাৰৰ এই সিদ্ধান্তক মানি লোৱা নহ’ব। ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টি পূৰ্বৰ দৰে অক্ষত থাকিব লাগিব। যদি আয়োগ আৰু চৰকাৰে ইয়াৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আমি আত্মজাহৰ দৰে সিদ্ধান্ত লবলৈ বাধ্য হ'ম বুলি জিতুজ্যোতি গায়নে প্ৰকাশ কৰে।

প্ৰসংগ- সমষ্টি পুনৰ নিৰ্ধাৰণঃ আমগুৰি সমষ্টিক লৈ উত্তাল শিৱসাগৰ
অৰুণাচল প্ৰদেশত মহাদেৱৰ আশিস বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in