নেতৃত্বহীন হৈ  পৰিছে কংগ্ৰেছ দল

 নেতৃত্বহীন হৈ  পৰিছে কংগ্ৰেছ দল

ডিজিটেল সংবাদ, শিৱসাগৰ: যোৰহাট লোকসভা সমষ্টিত অহা ১৯ এপ্ৰিলত হ’বলগীয়া ভোটদান প্ৰক্ৰিয়াত কোনগৰাকী প্ৰাৰ্থীক ভোটাৰে ভোটদান কৰিব তাক লৈ সচেতন নাগৰিকৰ মাজত সৰৱ আলোচনা চলিছে ৷ উল্লেখ্য যে এইবাৰৰ নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ গৌৰৱ গগৈ আৰু বিজেপিৰ হৈ তপন কুমাৰ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ৷

যোৱা  লোকসভা নিৰ্বাচনত এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তপন কুমাৰ গগৈ বিপুল ভোটত জয়ী হৈছিল ৷ এইবাৰ তেওঁ একেটা সমষ্টিৰ পৰা দ্বিতীয় বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব ৷ ইয়াৰ বিপৰীতে কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে প্ৰথম বাৰৰ বাবে যোৰহাট লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ৷

উল্লেখ কৰাৰ প্ৰয়োজন যে যোৰহাট, মাজুলী, শিৱসাগৰ আৰু চৰাইদেউ জিলাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ সমৰ্থনত স্বতঃস্ফূর্তভাৱে হেজাৰ হেজাৰ লোক ওলাই অহিছে ৷ সমষ্টিটোত দুয়োটা দলেই অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ কিন্তু নিৰ্বাচনী প্ৰচাৰৰ নামত শাসকীয় বিজেপিৰ একাংশ নেতা মন্ত্ৰীয়ে শিক্ষিত লোকেৰে ভৰপূৰ সমষ্টিটোত তৰল কথাৰে গৌৰৱ গগৈক আক্ৰমণ কৰিছে ৷

জনসাধাৰণে  ৰাজনৈতিক নেতা মন্ত্ৰীৰ ৰুচিহীন তথা তলখাপৰ কথা-বতৰা বোৰ সমৰ্থন কৰা নাই ৷ ৰাইজৰ পৰা ভোট বিচৰাৰ পৰিবৰ্তে দেশৰ  ভিতৰতেই সংসদৰ মজিয়াত প্ৰধান সমস্যাক লৈ সৰৱ হৈ পৰা সংসদ গৌৰৱ গগৈক এনেদৰে আক্ৰমণ কৰাকলৈ জনসাধাৰণৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷

ইফালে গৌৰৱ গগৈৰ সমৰ্থনত সচেতন আৰু সাধাৰণ নাগৰিক ওলাই অহাৰ পিছটো কংগ্ৰেছে সেই সুবিধা গ্ৰহণ কৰিব পৰা নাই। একাংশ লোকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ কৃপাত জিলা কংগ্ৰেছৰ বিষয়বাব লাভ কৰি আছে যদিও প্রয়োজনীয় সময়ত দলক সহায় কৰাৰ পৰিবৰ্তে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰাক লৈ কংগ্ৰেছ কৰ্মীসকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইয়াৰ বিপৰীতে শাসকীয় বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে সঘনে অনুষ্ঠিত কৰিছে নিৰ্বাচনী প্ৰচাৰ সভা। সঁচা অৰ্থত যোৰহাট লোকসভা সমষ্টিত বিজেপিয়ে ধুমুহাৰ গতিৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে। বিজেপিয়ে পৰিকল্পিত আৰু সঠিক ৰণনীতিৰে চলোৱা নিৰ্বাচনী প্ৰচাৰ অভিযানৰ তুলনাত কংগ্ৰেছ দল একপ্ৰকাৰে নিষ্প্রভ হৈ পৰিছে। দলবিৰোধী কাৰ্যকলাপৰ লগতে আন আন কাৰণত দলৰ পৰা বহিষ্কাৰ কৰা লোকসকলকো  শেহতীয়াভাৱে বিজেপিয়ে নির্বাচনী বৈতৰণী পাৰ হোৱাৰ আশাৰে পুনৰ দললৈ উভতাই আনিছে।

 ইয়াৰ বিপৰীতে বিভিন্ন কাৰণত এটা সময়ত কংগ্ৰেছ দল ত্যাগ কৰি আন আন দলত যোগদান কৰা অনেক লোক গৌৰৱ গগৈৰ সমৰ্থনত পুনৰ কংগ্ৰেছ দললৈ  উভতি আহিছে যদিও এইসকল লোকক কংগ্ৰেছী নেতাই সঠিক কামত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ব্যর্থ হৈছে। একাংশ কংগ্ৰেছী নেতাই আনুষ্ঠানিকতা ৰক্ষা কৰিহে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

গৌৰৱ গগৈ শিৱসাগৰলৈ অহাৰ দিনা হঠাৎ সক্ৰিয় হৈ পৰা এই চাম কংগ্ৰেছী নেতা গৌৰৱ গগৈ শিৱসাগৰৰ প্ৰস্থানৰ পিচতেই দলীয় কাম-কাজলৈ পিঠি দিয়াৰ অভিযোগ উঠিছে। উল্লেখ্য যে গৌৰৱ গগৈয়ে কংগ্ৰেছ দলৰ প্রার্থিত্ব লাভ কৰাৰ পাচত সুদীৰ্ঘ দিন ধৰি দলৰ পৰা আঁতৰি থকা শ শ কংগ্ৰেছ কৰ্মী পুনৰ দললৈ উভতি আহিছে। এইচাম কংগ্ৰেছীৰ মনলৈ উভতি আহিছে হেৰুওৱা সাহস আৰু উদ্যম। 

কিন্তু এইচাম কংগ্ৰেছীক কোনে দলীয় কাম-কাজত নিয়োগ কৰিব তাক লৈ প্রশ্ন উঠিছে। শিৱসাগৰ জিলা কংগ্ৰেছৰ একাংশ বিষয়ববীয়া ক্রমাৎ গণ বিচ্ছিন্ন হৈ পৰিছে। নিজৰ অঞ্চলটোৰ লগতে ঘৰখনতেই একপ্ৰকাৰে অকলশৰীয়া হৈ পৰাৰ পিছটো গপত গঙাটোপ হৈ থকা এইচাম কংগ্ৰেছী নেতাই দলীয় কর্মীক নেতৃত্ব দিয়াটো বাদেই সম্পৰ্ক ৰক্ষা কৰি চলাৰ ক্ষেত্ৰতো চূড়ান্তভাৱে ব্যর্থ হোৱাৰ কথা দলীয় কৰ্মীৰ মুখে মুখে শুনিবলৈ পোৱা গৈছে।

আচৰিত যেন লাগিলেও সত্য যে শিৱসাগৰ আৰু চৰাইদেউত এই পর্যন্ত কংগ্ৰেছ দলে নির্বাচনী প্ৰচাৰ সমিতিকে গঠন কৰা নাই। মহিলা কংগ্ৰেছকো মানুহৰ ঘৰে ঘৰে ভোট বিচাৰি যোৱাৰ বাবে নিৰ্দেশ দিয়া বা অনুৰোধ  জনোৱা নাই ৷ বিশেষকৈ শিৱসাগৰ জিলা কংগ্ৰেছ কমিটীয়ে যোৰহাট লোকসভা সমষ্টিত কেনে ৰণনীতি প্ৰস্তুত কৰিছে এই বিষয়ে আজি পর্যন্ত প্রদেশ কংগ্ৰেছৰ সভাপতিসহ আন আন নেতাই খবৰেই লোৱা নাই। এনেক্ষেত্ৰত গৌৰৱ গগৈয়ে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ নকৰিলে বিজেপিৰ দৰে এটা সংঘবদ্ধ ৰাজনৈতিক দলৰ বিৰুদ্ধে যুঁজ কৰাটো ইমান সহজসাধ্য নহ'ব বুলি ৰাজনৈতিকভাৱে সচেতন লোকসকলে মন্তব্য কৰিছে। 

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে দুমাহৰ পূৰ্বেই গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিত প্রার্থিত্ব প্ৰদান কৰিলে তেওঁক নিৰ্বাচনত জয়ী কৰাই নিয়াৰ দায়িত্ব ল'ব বুলি ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আনকি গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিত প্রার্থিত্ব প্ৰদান কৰাৰ বাবে বিধায়ক অখিল গগৈয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীকো অনুৰোধ জনাইছিল। কিন্তু ৰাইজৰ দলে বিশেষভাৱে প্ৰচাৰ চলোৱা পৰিলক্ষিত হোৱা নাই।

বাকী সোণাৰি, মাহমৰা, টীয়ক, যোৰহাট, মৰিয়নী, মাজুলী আদি বিধানসভা সমষ্টিত কংগ্ৰেছ দলে কিদৰে প্ৰচাৰ চলাব, সেই কথা আজি পর্যন্ত স্পষ্ট হোৱা নাই। যোৰহাট, লোকসভা সমষ্টিৰ নিষ্ঠাৱান কংগ্ৰেছ কৰ্মীৰ মতে কেইবাটাও বিধানসভা সমষ্টিত জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ আৰু মণ্ডল কংগ্ৰেছ কমিটীৰ বিষয়ববীয়াসকল বর্তমানো নিষ্ক্রিয় হৈ আছে।

শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিত কংগ্ৰেছ দলৰ সাংগঠনিক ভেটি শক্তিশালী হোৱাৰ বিপৰীতে বাকী বিধানসভা সমষ্টিত কংগ্ৰেছৰ নেতাসকলে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ পৰা বিৰত থকাত নিষ্ঠাৱান কংগ্ৰেছ কৰ্মীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশ কংগ্ৰেছী নেতাই দলৰ বিষয়বাব লৈ আছে যদিও দলীয় কৰ্মীৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলা বা দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ পৰা বিৰত আছে। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতিসহ আন আন বিষয়ববীয়াই কংগ্ৰেছৰ জিলাৰ পৰা ব্লক আৰু মণ্ডল কংগ্ৰেছ সমিতিসমূহ সক্ৰিয় কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এনেবোৰ কাৰণত নিষ্ঠাৱান কংগ্ৰেছ কৰ্মীসকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

 নেতৃত্বহীন হৈ  পৰিছে কংগ্ৰেছ দল
উজনিৰ ৫টা সমষ্টি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in