আধৰুৱা সপোন বাস্তৱায়িত হ’ল পৰাগ চলিহাৰঃ বিশ্ববিদ্যালয়লৈ উন্নীত হ’ল শিৱসাগৰ কলেজ, জয়সাগৰ...

আধৰুৱা সপোন বাস্তৱায়িত হ’ল পৰাগ চলিহাৰঃ বিশ্ববিদ্যালয়লৈ উন্নীত হ’ল শিৱসাগৰ কলেজ, জয়সাগৰ...

Published on

ডিজিটেল সংবাদ,শিৱসাগৰঃ সেউজ কোঁৱৰ পৰাগ চলিহাৰ সপোন বাস্তৱায়িত হ’ল৷ মহাসতী স্বদেশ আৰু স্বজাতিৰ মংগলৰ বাবে মৌনব্ৰতেৰে প্ৰাণ আহুতি দিয়া মহাসতী জয়মতীৰ স্মৃতি বিজড়িত জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত শিৱসাগৰ কলেজ, জয়সাগৰ বিশ্ববিদ্যালয়লৈ উন্নীত হ’ল ৷ উল্লেখ্য যে ফুলনিৰ কবি পদ্মধৰ চলিহা আৰু সেউজ কোঁৱৰ পৰাগ চলিহাৰ নেতৃত্বত শিৱসাগৰৰ একাংশ সমাজ সচেতন লোকে ১৯৪৭ চনৰ ২ নৱেম্বৰৰ প্ৰতিষ্ঠা কৰিছিল শিৱসাগৰ কলেজ, জয়সাগৰ ৷

প্ৰথমতে শিৱসাগৰ চহৰত থকা ঐতিহ্যমণ্ডিত কালী প্ৰসাদ সোঁৱৰণী ভৱনত শিৱসাগৰ কলেজৰ পাঠদান আৰম্ভ হৈছিল ৷ তাৰ পিছত এই কলেজৰ স্থায়ী ভৱন জয়সাগৰ পুখুৰীৰ পাৰত নিৰ্মাণ কৰা হয় ৷

অসমত শৈক্ষিক আন্দোনল গঢ়াত এইখন কলেজৰ অৱদান লেখত ল’বলগীয়া ৷ খ্যাতনামা কথাশিল্পী তথা পদ্মশ্ৰী সন্মান প্ৰাপক ইমৰান শ্বাহ এইখন কলেজৰ প্ৰাক্তন ছাত্ৰ আৰু অধ্যাপক ৷ বুৰঞ্জীবিদ তথা পদ্মশ্ৰী সন্মান প্ৰাপক  ড° যোগেন্দ্ৰ নাথ ফুকনৰ পৰা আৰম্ভ কৰি অনেক শিক্ষাবিদ সাহিত্যিক, বিজ্ঞানী, ৰাজনৈতিক নেতা, প্ৰশাসনিক বিষয়া এইখন কলেজৰ ছাত্ৰ ৷ অসমৰ স্বনামধন্য সাহিত্যিক ড° ভবেন্দ্ৰনাথ শইকীয়া, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীৰেন বৰকটকী, ড° কৃষ্ণ কুমাৰ মিশ্ৰ, ডম্বৰু কাকতী, ভাষাতত্ত্ববিদ ড° নাহেন্দ্ৰ পাদুন, নাট্যাচাৰ্য যোগেন চেতিয়া, সাংবাদিক জ্যোতিপ্ৰসাদ চলিহা, শৰৎ মহন্তকে ধৰি অনেক খ্যাতনামা ব্যক্তি এই কলেজৰ অধ্যাপক আছিল ৷

 পৰাগ চলিহাৰ নেতৃত্বত এই কলেজে এটা সময়ত ভাৰতৰ আগশাৰীৰ কলেজৰ লগত ফেৰ মাৰিবলৈ সক্ষম হৈছিল ৷ কলেজৰ অধ্যক্ষ হৈ থকাৰ সময়তে পৰাগ চলিহাই শিৱসাগৰ কলেজ, জয়সাগৰক বিশ্ববিদ্যালয় ৰূপে প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল ৷ এনে উদ্দেশ্য আগত ৰাখি চলিহাই এই কলেজৰ ছাত্ৰ ছাত্ৰীক শৈক্ষিক দিশৰ সমান্তৰালকৈ ক্ৰীড়া আৰু সাংস্কৃতিক দিশত আগবঢ়াই নিছিল ৷ কিন্ত চলিহাৰ সপোন তেওঁৰ জীৱনকালত বাস্তৱায়িত হৈ নুঠিল ৷ 

 ২০২১ চনৰ নৱেম্বৰত শিৱসাগৰ কলেজে উদযাপন কৰা মহাৰজত জয়ন্তী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাই অংশগ্ৰহণ কৰিছিল ৷ য'ত পৰাগ চলিহাৰ সহধৰ্মিনী দিপালী চলিহাই তেওঁৰ আধৰুৱা সপোনৰ কথা দোহাৰি মুখ্যমন্ত্ৰীক শিৱসাগৰ কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ আহ্বান জনাই ৷ লক্ষ্যণীয় ভাৱে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তিনিবছৰৰ ভিতৰত শিৱসাগৰ কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল ৷

নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি মুখ্যমন্ত্ৰীয়ে শিৱসাগৰ কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ কাম আৰম্ভ কৰে ৷ শেহতীয়া ভাৱে এই বিশ্ববিদ্যালয়ৰ কাম-কাজ আগবঢ়াই নিয়াৰ বাবে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ ড° জীতেন হাজৰিকাক  অতিৰিক্ত ভাৱে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে অসমৰ ৰাজ্যপালে নিযুক্তি প্ৰদন কৰা হয় ৷

বিশ্ববিদ্যালয়ৰ মান্যতা লাভ কৰাৰৰ পিছত  জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত শিৱসাগৰ বিশ্ববিদ্যালয়ত ড° জীতেন হাজৰিকাই আনুষ্ঠানিক ভাৱে উপাচাৰ্য্য হিচাপে যোগদান কৰে ৷ এই উপলক্ষে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ অধ্যাপক ড° দিলীপ দাসে আঁতধৰা সভাখনত উপাচাৰ্য ড° জীতেন হজৰিকাই কয় শিৱসাগৰ কলেজক পৃথিৱীৰ ভিতৰত এখন শ্ৰেষ্ঠ বিশেষ বিদ্যালয় ৰূপে প্ৰতিষ্ঠিত কৰাতো প্ৰত্যাহ্বান যদিও ইয়াক সুযোগলৈকে ৰূপান্তৰিত কৰিব লাগিব ৷

ড° হাজৰিকাই কয় আমাৰ দেশত ২০০০ বছৰৰ পূৰ্বে নালন্দা, তক্ষশিলাকে ধৰি  কেইখনমান বিশ্ববিদ্যালয়হে আছিল ৷ ১৮৫৭ চনত কলিকতা, আগ্ৰাকে ধৰি পাঁচখনমান বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল যদিও দেশে স্বাধীনতা লাভ কৰাৰ পৰা এই ৭৬ বছৰত দেশত বিশ্ববিদ্যালয়ৰ সংখ্যা প্ৰায় ১২০০ ৰ ঘৰত উপনীত হ’ব ৷ বিশ্ববিদ্যালয়ৰ সংখ্যা বৃদ্ধি হ’লেই নহ’ব, গুণগত মান উন্নত হ’ব লাগিব ৷ শিৱসাগৰ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা পদ্মধৰ চলিহা, পৰাগ চলিহা সহিতে বাকী ব্যক্তিসকলৰ অৱদানক পাহৰিলে নহ’ব।

শিৱসাগৰ বিশ্ববিদ্যালয়ৰ কাম শূন্যৰ পৰা আৰম্ভ হ’ব ৷ ইয়াত পূৰ্ণ পৰ্যায়ৰ এগৰাকী উপাচাৰ্য প্ৰয়োজন ৷ এগৰাকী উপাচাৰ্যই দুখন বিশ্ববিদ্যালয়ৰ কাম পৰিচালনা কৰাতো কঠিন ৷ ড° জীতেন হাজৰিকাই কয় এতিয়াৰে পৰা এই বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ দায়িত্ব বাঢ়িল ৷ তেওঁ কয় শিক্ষকে কেতিয়াও কামত ফাকি নিদিয়ে ৷ এতিয়াৰে পৰা শিৱসাগৰ বিশ্ববিদ্যালয়ৰ শিক্ষক সকল আবেলি ৫.৩০ বজালৈকে বিশ্ববিদ্যালয়ত থাকিব লাগিব ৷ পাঠদান হৈছে নে নাই এইবোৰ দিশ শিক্ষকে নিজেই পৰ্যবেক্ষণ কৰিব লাগিব ৷ তেওঁ তিনিমাহৰ ভিতৰত প্ৰাথমিক পৰ্যায়ৰ কাম সমাপ্ত কৰিব বুলি মন্তব্য কৰে ৷

অনুষ্ঠানৰ আৰম্ভণিতে ড° জীতেন হজৰিকাই উপাচাৰ্য্যৰ আসনত বহে ৷ তাৰ পিছতেই পদ্মধৰ চলিহাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বালন কৰি ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালে ৷ সেউজ কোঁৱৰ পৰাগ চলিহাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বালন কৰে সমাজ সংগঠক সৌৰভ চলিহাই ৷ শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° প্ৰফুল্ল কলিতাই  কয় শিৱসাগৰ কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ বাবে অনেক লোকে দেখা সপোন আজি বাস্তৱায়িত হ’ল ৷ চালুকীয়া অৱস্থাত থকা এই বিশ্ববিদ্যালয়ক পূৰ্ণাংগ ৰূপ দিয়াত ড° জীতেন হাজৰিকা সফল হ’ব বুলি আশা প্ৰকাশ কৰে ৷ বিশ্ববিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ দায়িত্ব  আৰু কৰ্তব্য বৃদ্ধি পালে বুুুলি ড° প্ৰফুল্ল কলিতাই মন্তব্য কৰে ৷ 

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° পৰমানন্দ সোণোৱালে কয় শিৱসাগৰৰ চহকী ইতিহাস আছে ৷ শিৱসাগৰৰ ঐতিহ্য আৰু গৰিমাৰ কথা কৈ শেষ কৰিব নোৱাৰি ৷ হ’লেও স্বাধীনতাৰ পিছত শিৱসাগৰ বহুকেইটা দিশত পিচপৰি ৰ’ল ৷ এইখন জিলাত এখন আইন মহাবিদ্যালয় নাই, অভিযান্ত্ৰিক মহাবিদ্যালয় নাই, আনকি এখন বি এইড কলেজো চৰকাৰী ভাৱে প্ৰতিষ্ঠা ন’হল ৷ শিৱসাগৰ কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাতো অসম চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত বুলি পৰমানন্দ সোণোৱালে কয় ৷

শিৱসাগৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা পৰিচালনা সমিতিৰ সভাপতি ড° প্ৰকাশ কটকীয়ে বক্তব্য আগবঢ়ায়৷ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্তই পৰাগ চলিহাৰ নেতৃত্বত শিৱসাগৰ কলেজ উত্তৰ পূব ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ কলেজ ৰূপে প্ৰতিষ্ঠিত হোৱা বুলি মন্তব্য কৰে ৷ আজিৰ অনুষ্ঠানত নতুন তথা প্ৰথম গৰাকী উপাচাৰ্যক বিশ্ববিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ লগতে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ হৈ সমীৰণ ফুকন, সাংবাদিক সোমেশ ডেকা, আটাছুুুৰ জিলা সমিতিৰ হৈ পাৰ্থ গগৈয়ে সম্বৰ্ধনা জনায় ৷

এই অনুষ্ঠানত ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলো উপস্থিত থাকে ৷ যিহেতু চৰকাৰে ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয় শিৱসাগৰ বিশ্ববিদ্যালয়ৰ লগত সংলগ্ন কৰাৰ কথা ইতিপূৰ্বে ঘোষণা কৰিছে ৷অনুষ্ঠানত যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দুলেন শইকীয়া, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তকে ধৰি ভালেকেইখন কলেজৰ অধ্যক্ষ উপস্থিত থাকে ৷

আধৰুৱা সপোন বাস্তৱায়িত হ’ল পৰাগ চলিহাৰঃ বিশ্ববিদ্যালয়লৈ উন্নীত হ’ল শিৱসাগৰ কলেজ, জয়সাগৰ...
ব্ৰহ্মপুত্ৰৰ খহনীয়া কবলত দক্ষিণ শালমাৰাঃ জাহ গ'ল ৫০ৰো অধিক ঘৰ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in