ব্ৰহ্মপুত্ৰৰ খহনীয়া কবলত দক্ষিণ শালমাৰাঃ জাহ গ'ল ৫০ৰো অধিক ঘৰ

ব্ৰহ্মপুত্ৰৰ খহনীয়া কবলত দক্ষিণ শালমাৰাঃ জাহ গ'ল ৫০ৰো অধিক ঘৰ

author-image
Asomiya Pratidin
New Update
ব্ৰহ্মপুত্ৰৰ খহনীয়া কবলত দক্ষিণ শালমাৰাঃ জাহ গ'ল ৫০ৰো অধিক ঘৰ

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰাৰ আইৰমাৰিত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে নৈপৰীয়া ৰাইজৰ। দক্ষিণ শালমাৰাৰ আইৰমাৰিত যোৱা কিছুদিন ধৰি চলা ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াৰ ফলত আতংকিত হৈ পৰিছে আইৰমাৰিৰ সাধাৰণ ৰাইজ। অঞ্চলটোত চলা খহনীয়াৰ ফলত এফালে বহু লোক গৃহহীন হৈ পৰাৰ লগতে আনফালে কৃষিত নিৰ্ভৰশীল হোৱা আবাদী মাটিখিনিও নদীৰ বুকুত জাহ যোৱাত মুৰে কপালে হাত দিব লগা হৈছে কৃষক ৰাইজে।

Advertisment

ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ খহনীয়াৰ ফলত নিমিষতে তচ নচ হৈ গৈছে প্ৰায় ৫০ৰো অধিক পৰিয়ালৰ ঘৰ-দুৱাৰ। যাৰ ফলত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াৰ ফলত প্ৰায় ১০০০ বিঘা কৃষি ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছে। তীব্ৰ খহনীয়াৰ ফলত ধুবুৰীৰ পৰা ফুলবাৰীলৈ নিৰ্মাণ হৈ থকা দলং খনৰ কাম কৰি থকা কৰ্মচাৰীৰ ঘৰ-দুৱাৰ চকুৰ সুন্মখতে সম্পূৰ্ণ ৰূপে ব্ৰহ্মপুত্ৰ বুকুত বিলিন হৈ যায়।

ইপিনে গৰাখহনীয়াৰ প্ৰতিৰোধৰ কাম কৰিব বুলি সাধাৰণ ৰাইজক প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়ালৈকে কুম্ভকৰ্ণ নিদ্ৰাত স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰীছ। স্থানীয় ৰাইজে অতি শীঘ্ৰে অঞ্চলটোৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছে।

Also Read: বৰপথাৰত বাৰ্মিজ চুপাৰি ভৰ্তি ১২ চকীয়া ট্ৰাক জব্দঃ চালকক আটক

south salmara erosion