শিৱসাগৰৰ বৈভৱ ৰাজ বৰবৰুৱাক জাপানৰ হকাইদো বিশ্ববিদ্যালয়লৈ আমন্ত্ৰণ

শিৱসাগৰীয়া সন্তান বৈভৱ ৰাজ বৰবৰুৱাক জাপানৰ হকাইদো বিশ্ববিদ্যালয়ে স্ক'লাৰশ্বিপ সহিতে পিএইচডি কৰাৰ বাবে আমন্ত্ৰণ জনাইছে ৷

author-image
Asomiya Pratidin
New Update
শিৱসাগৰৰ বৈভৱ ৰাজ বৰবৰুৱাক জাপানৰ হকাইদো বিশ্ববিদ্যালয়লৈ আমন্ত্ৰণ

ডিজিটেল সংবাদ, শিৱসাগৰ: শিৱসাগৰীয়া সন্তান বৈভৱ ৰাজ বৰবৰুৱাক জাপানৰ হকাইদো বিশ্ববিদ্যালয়ে স্ক'লাৰশ্বিপ সহিতে পিএইচডি কৰাৰ বাবে আমন্ত্ৰণ জনাইছে ৷ জাপানৰ সংশ্লিষ্ট বিশ্ববিদ্যালয়ে নিৰ্বাচিত কৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৭ গৰাকী ছাত্ৰৰ ভিতৰত অসমৰ বৈভৱ ৰাজ বৰবৰুৱাৰ নাম অন্তৰ্ভুক্ত হৈছে ৷

Advertisment

উল্লেখ্য যে মেধা ছাত্ৰ বৈভৱ ৰাজ বৰবৰুৱা মেঘালয়ৰ নেহু বিশ্ববিদ্যালয়ত এম এচ চি ( বায়টেকনলজী এণ্ড বায়নইনফৰমেটিকচ ) ৰ চূড়ান্ত পৰীক্ষাত অবতীৰ্ণ হৈছিল ৷ সোমবাৰে ঘোষণা কৰা ফলাফলত তেওঁ প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ উত্তীৰ্ণ হয় ৷

স্নাতকোত্তৰ মহলাত অধ্যয়ন কৰি থকাৰ মাজতেই ছাত্ৰজনে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় গৱেষণা কৰাত গুৰুত্ব দিছিল ৷ কিছুদিনৰ পূৰ্বে তেওঁ জাপানৰ সংশ্লিষ্ট বিশ্ববিদ্যালয়ত পি এইচ ডি কৰাৰ বাবে আবেদন কৰিছিল ৷

শিৱসাগৰ চহৰৰ মেলাচকৰ অঞ্চলৰ মৃদুল বৰবৰুৱা আৰু  চিত্ৰলেখা বৰগোহাঁইৰ পুত্ৰ বৈভৱ ৰাজ বৰবৰুৱাই  শিৱসাগৰ হলিনেম স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ নাজিৰা দিল্লী পাব্লিক স্কুলৰ পৰা দ্বাদশ পৰীক্ষাত উত্তীৰ্ণ হয় ৷ ছাত্ৰজনৰ সফলতাত শিৱসাগৰৰ জনসাধাৰণ উৎফুল্লিত হৈ পৰিছে ৷

Also Read: নিয়ম উলংঘাঃ নাডাই ২ বছৰৰ বাবে অস্থায়ীভাৱে নিলম্বন কৰিলে হিমা দাসক...