নিয়ম উলংঘাঃ নাডাই ২ বছৰৰ বাবে অস্থায়ীভাৱে নিলম্বন কৰিলে হিমা দাসক...

২ বছৰৰ বাবে খেলপথাৰত নামিব নোৱাৰিব হিমা দাস। ৰাষ্ট্ৰীয় ড'পিং প্ৰতিৰোধী সংস্থাই (এনএডিএ) সাময়িকভাৱে নিলম্বন কৰিছে তাৰকা খেলুৱৈগৰাকীক।

author-image
Asomiya Pratidin
New Update
নিয়ম উলংঘাঃ নাডাই ২ বছৰৰ বাবে অস্থায়ীভাৱে নিলম্বন কৰিলে হিমা দাসক...

ডিজিটেল ডেস্কঃ ২ বছৰৰ বাবে খেলপথাৰত নামিব নোৱাৰিব হিমা দাস। ৰাষ্ট্ৰীয় ড'পিং প্ৰতিৰোধী সংস্থাই (এনএডিএ) সাময়িকভাৱে নিলম্বন কৰিছে তাৰকা খেলুৱৈগৰাকীক।

Advertisment

সূত্ৰ অনুসৰি জানিব পৰা মতে নিয়ম উলংঘা কৰাৰ বাবে খেলুৱৈ গৰাকীৰ বিৰুদ্ধে এই সিদ্ধান্ত লোৱা হৈছে। খেলুৱৈ গৰাকীয়ে এবছৰত তৃতীয়বাৰৰ বাবে অৱস্থান সম্পৰ্কীয় নিয়ম উলংঘা কৰিছিল। যাৰ বাবে নাডাই তেওঁক অস্থায়ীভাৱে নিলম্বিত কৰিছে।

নাডাৰ তৰফৰ পৰা জনোৱা মতে হিমাই ১ বছৰত ৩ বাৰ থকাৰ নিয়ম উলংঘা কৰিছে। যাৰ বাবে ২বছৰৰ বাবে খেল খেলিব নোৱাৰিব হিমাই। ইতিমধ্যে হিমাই ৰাষ্ট্ৰীয় শিবিৰ ত্যাগ কৰিছে। এই শাস্তিৰ পৰিমাণ হ্ৰাস হৈ ১ বছৰ হ'ব পাৰে।

অৱশ্যে হিমাই ক'ত আৰু কেতিয়া নিয়ম উলংঘা কৰিছে এতিয়ালৈকে জানিব পৰা হোৱা নাই। ৰেজিষ্টাৰ টেষ্টিং পুলত অন্তৰ্ভুক্ত খেলুৱৈয়ে নিজৰ সম্পূৰ্ণ ঠিকনা বা কামৰ ঠিকনা সম্পূৰ্ণ কৈ দিব লাগে।ইয়াৰোপৰি প্ৰতিটো গতিবিধিৰ সময়সীমা তৈয়াৰ কৰিব লাগে। খেলুৱৈ গৰাকী টেষ্টিঙৰ বাবে ৬০ মিনিটৰ সময় দিব লাগে। এই সময়চোৱাত ডোপ পৰীক্ষা কাৰী দলে নমুনা সংগ্ৰহ কৰে। যদি এই সময় নিয়ম পালন নকৰে তেতিয়া নিয়ম উলংঘা কৰা বুলি ধৰা হয়।

Also Read: শিলঘাটত গঁড়ৰ আক্ৰমনত আহত ১

hima das nada