/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e128d736-de1f-413d-abbb-a18e3d086204/21.jpg)
ডিজিটেল সংবাদ,শিলচৰ: বৃহস্পতিবাৰে ৩ দিনৰ বাবে বৰাক উপত্যকাত উপস্থিত হয় কাছাৰৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। মন্ত্ৰীগৰাকীয়ে শিলচৰৰ কেইবাটাও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বন্যাৰ্তসকলৰ খা খবৰ লৈ বান পৰিস্থিতি সন্দৰ্ভত জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনাত মিলিত হয়।
শিলচৰৰ আয়ুক্তৰ কনফাৰেন্স হলত জিলা আয়ুক্ত, স্থানীয় বিধায়ক,প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগৰ উচ্চপদস্থ বিষয়াৰ সৈতে হোৱা পৰ্যালোচনা বৈঠকত জয়ন্ত মল্লবৰুৱাই বানপানী আৰু সাহাৰ্য্য বিতৰণ প্ৰক্ৰিয়াৰ ফলত হোৱা ক্ষয়ক্ষতিৰ বিষয়ে আলোচনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/227418a7-2dfe-431b-bb69-58d66e591c65/c28c130c-a290-48c7-8cb8-d5ca46b5163c.jpg)
এই সময়ছোৱাত সাহাৰ্য্য আৰু উদ্ধাৰ অভিযানক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ লগতে বানত ক্ষতিগ্ৰস্তই সাহাৰ্য্য পোৱাটো নিশ্চিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। লগতে বানাক্ৰান্ত অঞ্চলত এন ডি আৰ এফৰ জোৱানক পৰ্যাপ্ত পৰিমাণে নিয়োগ কৰাটো নিশ্চিত কৰিবলৈও কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে জয়ন্ত মল্লবৰুৱাই।
অভিভাৱক মন্ত্ৰীগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি কেন্দ্ৰীয় চৰকাৰৰ সৈতে অহৰহ যোগাযোগ কৰি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/47cadf2d-063e-4097-bd81-692e04996bf8/101257d6-8adb-40f4-9889-16387ab20d92.jpg)
পৰ্যালোচনা সভাখনত জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই জিলাখনত বানপানীৰ দুটা ঢৌৰ ফলত ৯ জন লোক মৃত্যু হোৱা বুলি জানিব দিয়ে। লগতে মৃতকৰ আত্মীয়ক ইতিমধ্যে ৪ লাখ টকা দিয়া বুলিও জনায়।
জিলা আয়ুক্তগৰাকীয়ে কয় যে ইতিমধ্যে ৰাজহ চক্ৰ পৰ্যায়ত ক্ষতিপূৰণ নিৰূপণ সমিতি গঠন কৰা হৈছে। এই সমিতিয়ে ২০ জুলাইৰ ভিতৰত প্ৰশাসনক বানাক্ৰান্ত গৃহসমূহৰ প্ৰতিবেদন দাখিল কৰিব।
জানিব পৰা মতে শেহতীয়া বানত ৮২টা পি ডব্লিউ ডি পথ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰিও ১৪০খন খোৱাপানী আঁচনিৰ ক্ষতিসাধন হৈছে।ইয়াৰে ১১৮খন পি.এইচ.ই বিভাগে পুনৰ নিৰ্মাণ কৰিছে। ইয়াৰ উপৰিও শেহতীয়াকৈ বানৰ ফলত ৭খন স্বাস্থ্য কেন্দ্ৰ আৰু ১০১৭ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/732a9695-3d8e-40a2-a3d6-36b113922231/16f9b00f-42ef-4eae-9703-d1efd549e2d2.jpg)
লগতে কয় যে বানপানীৰ প্ৰথম ঢৌত কাছাৰ জিলাত মুঠ ১২৮ টা সাহাৰ্য্য শিবিৰ স্থাপন কৰা হৈছে আৰু দ্বিতীয় ঢৌত ৮৫ টা সাহাৰ্য্য শিবিৰ স্থাপন কৰা হৈছে। য’ত ১৮৯১৯ জন লোকক আশ্ৰয় দিয়া হৈছে। জানিব পৰা মতে শেহতীয়া বানত ১৯০ টা এপিডিচিএলৰ ডিটিআৰ ক্ষতিগ্ৰস্ত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d64c5042-85f6-4553-a805-b7410f6bac2b/10334e7f-9ee6-4aaa-85bd-6d608fc7a184.jpg)
প্ৰথম ঢৌত মুঠ ৩২২টা চিকিৎসা শিবিৰ স্থাপন কৰা হৈছিল, য’ত ৩২৬৫ জন লোকক চিকিৎসকৰ দলে চিকিৎসা প্ৰদান কৰিছে।দ্বিতীয় ঢৌত মুঠ ১৫৫টা চিকিৎসা শিবিৰ স্থাপন কৰা হৈছে আৰু জিলাখনত ৬৭১৫ জন লোকক চিকিৎসা প্ৰদান কৰা হয়।
উল্লেখ্য যে, বানপানীৰ সৈতে জড়িত ক্ষতিৰ মূল্যায়নৰ বাবে "SAHAYATA" নামৰ এটা পৰ্টেল আৰু কাছাৰ জিলাত সামগ্ৰিক দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবে "RAHAT" নামৰ এটা এপ আনুষ্ঠানিকভাৱে মুকলি কৰে অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/306628ec-2934-4fb4-80a6-10ad63bf0630/4cbe2908-3d13-4e3e-9cbc-213fc5d3dc1f.jpg)
এই সভাত শিলচৰৰ বিধায়ক দিপায়ন চক্ৰৱৰ্তী, লখিমপুৰৰ বিধায়ক কৌশিক ৰায়, উধৰবন্দৰ বিধায়ক মিহিৰ কান্তি শ্বোম আৰু বিধায়ক কাতিগোৰা,খলিল উদ্দিন মজুমদাৰে অংশগ্ৰহণ কৰে।
ইফালে, মন্ত্ৰী ,জয়ন্ত মল্লবৰুৱাই তাৰাপুৰ বালিকা হাইস্কুলৰ সাহাৰ্য্য শিবিৰ পৰিদৰ্শন কৰি ২৬ নং ৱাৰ্ডৰ শিশু মন্দিৰ বিদ্যালয়ত ৪৯২ টা পৰিয়ালক সাহাৰ্য্য বিতৰণ কৰে।আম্বিকাপুৰ জিপিৰ অন্তৰ্গত টাপাবনগৰৰ ৭৫০ টা পৰিয়ালক সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰে। কাছাৰ হাইস্কুলৰ সাহাৰ্য্য শিবিৰ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে বন্যাৰ্তৰ সৈতে মত বিনিময়। লগতে চৰকাৰৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/c367c39c-5ce0-4fd5-89ca-4419e303354b/0ae24614-631a-48d4-a29a-8b8483533020.jpg)
পৰৱৰ্তী সময়ত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি জিলাখনৰ বান সাহাৰ্য্যৰ বাবে প্ৰশাসনৰ প্ৰচেষ্টাত সন্তুষ্টি প্ৰকাশ কৰে। লগতে তেওঁ কয় যে বানপানীৰ ফলত হোৱা পৰিস্থিতিক লৈ অতিশয় চিন্তিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।তেখেতে অহৰহ সাহাৰ্য্য বিতৰণ প্ৰক্ৰিয়া অনুসৰণ কৰি আছে।