
ডিজিটেল সংবাদ, শিৱসাগৰ : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাহমৰা আঞ্চলিকৰ সম্পাদক লক্ষী দাস পানিকাক কেমেৰাৰ সন্মুখতেই আক্ৰমণ কৰা অনাঅসমীয়া ঠিকাদাৰ নিৰ্মল ম’ৰেৰ শিৱসাগৰৰ বাবুপট্টীস্থিত বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীৰ ওপৰত ম’ৰেৰ পৰিয়ালে শিলাবৰ্ষণ কৰে। যাৰ ফলত কৰ্তব্যৰত এগৰাকী সাংবাদিক আহত হোৱাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷
থলুৱা যুৱকক বৰ্বৰ অত্যাচাৰ চলোৱা অনাঅসমীয়া বিতৰ্কিত ঠিকাদাৰ নিৰ্মল ম'ৰেৰ বাসগৃহ ঘেৰাও কৰিবলৈ যোৱা যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীৰ ওপৰত ম’ৰেৰ পৰিয়ালে চলোৱা শিলাবৰ্ষণত চৰিফুল আহমেদ নামৰ সংবাদকৰ্মী গৰাকী আহত হোৱাৰ পিছতেই সমগ্ৰ শিৱসাগৰ চহৰতেই সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ ৷ বিভিন্ন জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ শ-শ যুৱকে নিৰ্মল ম’ৰেক গ্ৰেপ্তাৰ আৰু শিলাবৰ্ষণৰ লগত জড়িত ম’ৰেৰ পৰিয়ালৰ সদস্যক গ্ৰেপ্তাৰৰ দাবীত বাবুপট্টীত পথ অৱৰোধেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখ্য যে, চৰাইদেউ জিলাৰ কাকতিবাৰীত নিৰ্মিয়মান জলজীৱন মিচনৰ এক পানী যোগান আঁচনিত ব্যাপক অনিয়মৰ সন্দৰ্ভত যুৱ ছাত্ৰ পৰিষদৰ মাহমৰা আঞ্চলিকৰ সম্পাদক লক্ষী দাস পানিকাৰ নেতৃত্বত যোৱা এটা দলে তিনি দিনৰ পূৰ্বে ঠিকাদাৰ নিৰ্মল ম'ৰেক সেই বিসংগতি আৰু অনিয়মৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল ৷ কিন্তু অ’ এন জি চিৰ কোটি টকীয়া চিণ্ডিকেটৰ ধন আৰু শিৱসাগৰৰ দুটাকৈ ৰাজনৈতিক দালালৰ ক্ষমতাৰে বলিয়ান নিৰ্মলে সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখতেই যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক লক্ষী দাস পানিকাক নিৰ্মম প্ৰহাৰ কৰিছিল ৷
ঘটনাৰ সন্দৰ্ভত আহত লক্ষী দাসে কাকতিবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও কাকতিবাৰী আৰক্ষীয়ে গুৰুতৰ অভিযোগক লঘু কৰি ৰাজ আতিথ্যৰে ঠিকাদাৰ নিৰ্মল ম’ৰেক আধা ঘন্টাতেই থানাৰ পৰা জামিনত মুকলি কৰি দিয়ে ৷ ইফালে জাতীয় সংগঠনৰ নেতাক আক্ৰমণ চলোৱা নিৰ্মল ম’ৰেক গ্ৰেপ্তাৰৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ লগতে কেইবাটাও জাতীয় সংগঠনৰ কৰ্মীয়ে নিৰ্মলৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আমোলাপট্টীৰ ব্যৱসায়ীক প্ৰতিস্থান-কাৰ্যালয়ত তলা ওলোমাই ৷ উদণ্ড ঠিকাদাৰ নিৰ্মল ম’ৰেক বিনা স্বৰ্তে শিৱদ’লৰ সন্মুখত কাণত ধৰি আঠু কাঢ়ি অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিবলৈ সকীয়নি দিয়া বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক গৃহবন্দী কৰি ৰাখিছিল শিৱসাগৰ আৰক্ষীয়ে ৷
যুৱ ছাত্ৰ পৰিষদ, অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত সেনা, জাতীয় সংগ্ৰামী সেনা, ঐক্য সেনা অসমৰ লগতে একাধিক সংগঠনে বাৰম্বাৰ আৰক্ষী প্ৰশাসনক শীঘ্ৰে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ চলোৱা অনাঅসমীয়া বিতৰ্কিত ঠিকাদাৰ নিৰ্মল ম'ৰেক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিল যদিও আৰক্ষী প্ৰশাসনে নিৰ্মল ম’ৰেক গ্ৰেপ্তাৰৰ পৰিৱৰ্তে জাতীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছিল ৷ জাতীয় সংগঠনৰ দাবী-আহব্বানক তুচ্চ তাচিল্যৰে মবাইলৰ ভিডিঅ' যোগে অজ্ঞাত স্থানৰ পৰা ক্ষমা বিচৰা কাৰ্যত ক্ষোভিত হৈ পৰে যুৱ ছাত্ৰ পৰিষদ ৷
যাৰ পৰিপ্ৰেক্ষিতত যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতি, চৰাইদেউ জিলা সমিতিৰ লগতে লক্ষী দাস পানিকাই দেওবাৰে বিয়লি পাঁচ বজাত ম’ৰৰ বাবুপট্টীৰ বাসগহৰ সন্মুখত প্ৰতিবাদ কৰোতেই পৰিয়ালৰ লোকে তৃতীয় মহলাৰ পৰা প্ৰতিবাদকাৰীক লক্ষ্য কৰি চাদৰ পৰা শিলগুটি নিক্ষেপ কৰাৰ ফলতেই সংবাদকৰ্মী চৰিফুল আহমেদৰ মূৰ ফাটি ঘটনাস্থলিত পৰি যায় ৷ লগে লগেই সতীৰ্থ সকলে সংবাদকৰ্মী গৰাকীক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় ৷ আনহাতে ম’ৰেৰ পৰিয়ালৰ এই বৰ্বৰ আক্ৰমণৰ পিছতেই শিৱসাগৰৰ গৰিষ্ঠ সংখ্যক জাতীয়-জনগোষ্ঠীয় সংগঠনৰ কৰ্মী নিৰ্মল ম’ৰেৰ ঘৰৰ সন্মুখৰ বাবুপট্টী পথ অৱৰোধেৰে পৰিস্থিতি উত্তপ্ত কৰি তুলে ৷
নিৰ্মল ম’ৰেৰে দাদাগিৰি নচলিব, অনাঅসমীয়াৰ গুণ্ডাগিৰি নচলিব, অসমীয়াৰ ওপৰত আক্ৰমণ চলোৱা নিৰ্মল ম’ৰেক গ্ৰেপ্তাৰ কৰক, অসমত অনা অসমীয়াৰ প্ৰভুত্ব নচলিব, অসম পুলিচ হায় হায় ধ্বনীৰে নিশাৰ শিৱসাগৰ উত্তপ্ত কৰি তুলে ৷ ঘটনাৰ খবৰ পায়েই সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডা° দেৱজিত নাথ, নিৰাপত্তা বিভাগৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰিফ আহমেদ, সদৰ ভাৰপ্ৰাপ্ত বিষয় কুলেন্দ্ৰ কুমাৰ হুজুৰীৰ লগতে বিশাল আৰক্ষী বাহিনী উপস্থিত হৈ প্ৰতিবাদকাৰীৰ সৈতে আলোচনাত মিলিত হয় ৷ দীৰ্ঘ সময় ধৰি পথ অৱৰোধৰ অন্তত অহা কাইলৈৰ দিনৰ ১২ বজাৰ ভিতৰত নিৰ্মল ম’ৰেক গ্ৰেপ্তাৰৰ চুড়ান্ত সময়সীমা বান্ধি দি অৱৰোধ উঠাই লয় ৷
ইফালে সংবাদকৰ্মীৰ ওপৰত নিৰ্মল মৰেৰ পৰিয়ালে চলোৱা আক্ৰমণৰ বিৰুদ্ধে আহত সাংবাদিক চৰিফুল আহমেদ স্বাক্ষৰিত এখন এজাহাৰ সদৰ আৰক্ষী থানাত দাখিল কৰিছে ৷ উদণ্ড অনা-অসমীয়া ঠিকাদাৰ নিৰ্মল ম'ৰেৰ পৰিয়ালৰ শিলাবৰ্ষণত কৰ্তব্যৰত সাংবাদিক আহত হোৱা কাৰ্যত তীব্ৰ ভাষাৰে গৰিহণা দিছে আছু কেন্দ্ৰীয় সহকাৰী সম্পাদক সমীৰণ ফুকন, বীৰ লাচিত সেনাৰ শৃংখল চলিহা, অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি যাদৱ গগৈ, আটাছুৰ কেন্দ্ৰীয় উপ সভাপতি বসন্ত গগৈ, অসমীয়া যুৱ মঞ্চৰ সভাপতি বিষ্ণু শইকীয়া, সংগ্ৰামী সেনাৰ সভাপতি চিতু বৰুৱাকে আদি কৰি শিৱসাগৰৰ বহু দল-সংগঠনে উচিত বিচাৰৰ দাবী জনায়।