বিষ্ণুদ’লৰ মুখ্য পূজাৰী হেমন্ত বৰঠাকুৰৰ মৃত্যু

বিষ্ণুদ’লৰ মুখ্য পূজাৰী হেমন্ত বৰঠাকুৰৰ মৃত্যু

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰৰ বিষ্ণুদ’লৰ মুখ্য পূজাৰী হেমন্ত বৰঠাকুৰে দেওবাৰে সন্ধিয়া ৫'২০ বজাত স্বগৃহত শেষ নিশ্বাস ত্যাগ কৰে ৷ প্ৰায় ৯০ বছৰীয়া পূজাৰী গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই সমগ্ৰ শিৱসাগৰ চহৰত শোকৰ ছাঁ পৰে ৷ তেওঁৰ ঘৰ শিৱসাগৰ চহৰৰ অসম ৰাজ্যিক পৰিবহণ বাছ আস্থান তিনি আলিৰ সমীপত৷ যোৱাটো শতিকাৰ ছয় দশৰক পৰাই তেওঁ আহোম যুগত নিৰ্মিত বিষ্ণুদ’লত পূজাৰী হিচাপে সেৱা আগবঢ়াই আহিছিল ৷ তেওঁ নিয়মীয়াকৈ নাম কীৰ্তন পৰিবেশন কৰিছিল ৷

পূজাৰী পৰিয়ালত জন্মগ্ৰহণ কৰিলেও তেওঁ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান তথা সামাজিক কাম কাজৰ লগত  জড়িত আছিল ৷ হেমন্ত বৰঠাকুৰ এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ আছিল ৷ যোৱা অভিৰুচি দিৱসত তেওঁক খেলুৱৈ হিচাপে ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জনোৱা হৈছিল ৷ তেওঁ বিষ্ণুদ’লৰ ভাদমহীয়া নাম প্ৰসংগ উদযাপন সমিতিৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত আছিল ৷

মৃত্যুৰ সময়ত তেওঁ এজন পুত্ৰ আৰু  দুগৰাকী জীক ইহসংসাৰত এৰি থৈ যায় ৷ তেওঁৰ মৃত্যুত শিৱসাগৰ দ’ল উন্নয়ন পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে ৷ জিলাখনৰ আন আন অনুষ্ঠান প্ৰতিষ্ঠানেও তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে৷ কাইলৈ পুৱা ৭ বজাত তেওঁৰ শেষকৃত্য থানামুখ শান্তিবন শ্মশানত সম্পন্ন কৰা হ’ব ৷

বিষ্ণুদ’লৰ মুখ্য পূজাৰী হেমন্ত বৰঠাকুৰৰ মৃত্যু
হাওৰাঘাটত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in