হাওৰাঘাটত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ

হাওৰাঘাটত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ

author-image
Asomiya Pratidin
New Update
হাওৰাঘাটত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ

ডিজিটেল সংবাদ, হাওৰাঘাটঃ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ ৰূপায়ণত, সমগ্ৰ শিক্ষা অসমৰ সহযোগত আৰু ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ কাৰ্বি আংলং জিলাৰ উদ্যোগত হাওৰাঘাট ইংৰাজী মাধ্যম উচ্চ মাধ্যমিক বিদ্যালয়ত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে কাৰ্বি আংলং জিলাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত জিলা ভিত্তিত প্ৰকল্প প্ৰতিযোগিতা অনুষ্ঠিত হ'য়।

Advertisment

স্মৰ্তব্য যে কাৰ্বি আংলং জিলাৰ বিভিন্ন শিক্ষাখণ্ডৰ অধিনস্থ চৰকাৰী বিদ্যালয় সমূহৰ মাজত দুটা ভাগত ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হয় । কণিষ্ঠ ভাগত নৱম আৰু দশম শ্ৰেণীৰ প্ৰতিযোগীৰ মাজত আৰু জ্যেষ্ঠ ভাগত একাদশ -দ্বাদশ শ্ৰেণীৰদ প্ৰতিযোগীৰ মাজত আজিৰ প্ৰকল্প প্ৰতিযোগিতা অনুষ্ঠিত হয়। কণিষ্ঠ শাখাত প্ৰকল্পৰ মূল বিষয়-"পৰিবেশৰ বাবে জীৱনশৈলী " আৰু জ্যেষ্ঠ শাখাৰ বাবে প্ৰকল্পৰ মূল বিষয় - "বহনক্ষম উন্নয়নৰ বাবে থলুৱা বৈজ্ঞানিক জ্ঞান" ধাৰ্য কৰা হৈছিল।

দেওবাৰে অনুষ্ঠিত জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত কাৰ্বি আংলং জিলাৰ সাতটা উন্নয়ন খণ্ডৰ পৰা প্ৰায় ২৫খন চৰকাৰী উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰে। কাৰ্যসূচী মৰ্মে পুৱা প্ৰতিযোগী সকলৰ নাম পঞ্জীয়ন আৰু প্ৰপত্ৰ পূৰণ কৰাৰ পাছতে প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰা হয়। প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ হাওৰাঘাট খণ্ডৰ প্ৰাক্তন সভাপতি তৰুণ চন্দ্ৰ সন্দিকৈয়ে ।

উক্ত উদ্বোধনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে -হাওৰাঘাট নগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃণাল কুমাৰ মহন্ত, অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ সন্দিকৈ, ভৱেশ ৰাজবংশী, জিলা সমন্বয়ক ভৱানন্দ খাখলাৰী, সমাজ কৰ্মী কৃষ্ণ ৰাজবংশী, বোকাজান উন্নয়ন খণ্ডৰ খণ্ড সম্ন্বয়ক কনকেশ্বৰ বুঢ়াগোহাঁই, প্ৰদ্যুন্ন চাণ্ডিল, সুগ্ৰীৱ সুৰ্বে, পংকজ শইকীয়া,নিলিপ উন্নয়ন খণ্ডৰ খণ্ড সমন্বয়ক হেমন্ত ফুকন আদি উপস্থিত থাকে।

প্ৰতিযোগিতাৰ শেষত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ,হাওৰাঘাট খণ্ডৰ খণ্ড সমন্বয়ক প্ৰবীণ নাথে প্ৰকল্প এটাৰ প্ৰতিবেদন কেনেদৰে লিখিব আৰু উপস্থাপন কৰিব লাগে সেই সম্পৰ্কে এক বিস্তৃত ব্যাখ্যা আগবঢ়ায়। কাৰ্যসূচীৰ শেষত অনুষ্ঠিত হোৱা বিজ্ঞান অনুসন্ধান প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলক একোখনকৈ মানপত্ৰ দিয়াৰ সমান্তৰালকৈ তত্বাবধায়ক শিক্ষক-শিক্ষয়ত্ৰী আৰু সমল ব্যক্তিসকলকো এখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।

Also Read: ৰঙিয়াত দৌল উৎসৱৰ আয়োজন

hauraghat National Children's Science Conference