/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a9f77667-0d8a-4eed-a007-bbd340f32992/11.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰ : ১৯৮৩ চনৰ আজিৰ দিনটোতে(১ জুলাই) শিৱসাগৰ জিলা গঠন হৈছিল ৷ সেয়েহে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত শনিবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰ দিৱস উদযাপন কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/65a51dcd-2b39-4986-a73b-b15d1e74b3df/5edd5bf1_316f_408e_880d_243840c91288.jpg)
শিৱসাগৰ যুৱদলত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ তাৰ পূৰ্বে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ড০ ৰণোজ পেগু।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/7f95d0a7-1679-4311-b6e8-531cc529fc9e/1bb9d64e_71dc_495f_8bd3_d24419554b6c.jpg)
পেগুৱে ভাষণ প্ৰসঙ্গত অসমীয়া কৃষ্টি, সংস্কৃতি আৰু ঐতিহ্যক বিশ্বৰ দৰবাৰলৈ নিয়াৰ কাৰণে বৰ্তামানৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে । শিৱসাগৰক উন্নত জিলা হিচাপে জিলিকাই তোলা হ'ব বুলি মন্তব্য কৰে ।
এইক্ষেত্ৰত জিলাখনৰ পৰ্যটন ক্ষেত্ৰসমূহ উন্নয়ণৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ৰংঘৰক বিশ্ব মানৰ ক্ষেত্ৰ হিচাবে গঢ়ি তোলাৰ বাবে চৰকাৰে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে । জিলাখনৰ স্বাস্থ্য আৰু শিক্ষাখণ্ডৰ উন্নয়ণৰ কাৰণে চিকিৎসা মহাবিদ্যালয় অৰু বিশ্ববিদ্যালয় স্থাপনৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/df0aebee-f155-415f-a892-bc49015571e3/e4eb034c_d08b_4e5b_8c95_d99130799414.jpg)
সভাত উপস্থিত উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱে জিলাখনত উদ্যোগিক উন্নয়ণ, টাই যাদুঘৰ, ৰংঘৰ আৰু পৰ্যটনৰ উন্নয়ণ সন্দৰ্ভত লোৱা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে । চৰাইদেউ ঐতিহ্যক্ষেত্ৰৰ সম্পৰ্কত হোৱা অগ্ৰগতি আৰু গ্ৰামাঞ্চলৰ ক্ৰীড়াৰ ক্ষেত্ৰত উন্নয়ণৰ কাৰণে প্ৰতিটো উন্নয়ণ খণ্ডত একোখনকৈ ষ্টেডিয়াম স্থাপন কৰা হ’ব বুলি সভাত অৱগত কৰে ।
শিৱসাগৰৰ প্ৰতিটো দলিচপৰাই ঐতিহাসিক সমল বুলি উল্লেখ কৰি শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমাৰজ্যোতি মহন্তই শিৱসাগৰৰ ঐতিহাসিক গুৰুত্বৰ বিষয়ে আজিৰ সভাত বিস্তৃত তথ্য দাঙি ধৰে। এই সভাতেই যোৱা ১৪ এপ্ৰিলত গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়ি বিহুনাচক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাত শিৱসাগৰ জিলাৰ পৰা অংশগ্ৰহণ কৰা ৮৩১ গৰাকী ঢুলীয়া-নাচনীৰ ভিতৰত ১৬ গৰাকীক মন্ত্ৰী ড০ ৰণোজ পেগুৱে মানপত্ৰ আৰু মাননিৰ চেক প্ৰদান কৰে ।
শিৱসাগৰ দিৱস উপলক্ষে জিলা প্ৰশাসনে উলিওৱা এখনি বাৰ্তালোচনী মন্ত্ৰী গৰাকীয়ে আজিৰ সভাত উন্মোচন কৰে । জিলা পৰিষদৰ ৪০ খন অভিলাসী আঁচনিও আজিৰ এই সভাতেই উন্মোচন কৰা হয় ।
উচ্চ ইংৰাজী আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী, গুণোৎসৱত ভাল প্ৰদৰ্শন কৰা শিক্ষা বিষয়া আৰু কেন্দ্ৰ সমন্বয়ক সকলক, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণৰ পাৰদৰ্শি কৰ্মচাৰীক আজিৰ এই সভাত প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। ইয়াৰোপৰি বিগত সময়ত ক’ভিড মহামাৰীত পিতৃ-মাতৃহাৰা কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক জমেট’ ফাউণ্ডেচনে আগবঢ়োৱা ‘টেবলেট’ মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰে ।
শিৱসাগৰ দিৱস উপলক্ষে আজি পুৱা ৫ বজাত শিৱসাগৰ বৰপুখুৰী পাৰৰ টুৰিষ্ট বাংলুৰ পৰা আৰম্ভ হোৱা হেৰিটেজ ৱাকত বহু লোকে অংশগ্ৰহণ কৰে । হেৰিটেজ ৱাক উদ্বোধন কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমাৰজ্যোতি মহন্তই ।
অৰ্জুন ভোগেশ্বৰ বৰুৱা প্ৰতিমূৰ্তিৰ পৰা আৰম্ভ হোৱা মিনি মাৰাথান দৌৰ উদ্বোধন কৰে শিৱসাগৰ ক্ৰীড়া সন্থাৰ সভাপতি পোণাৰাম মিলিয়ে । জিলা দিৱসৰ কাৰ্যসূচী অনুসৰি উপায়ুক্ত কাৰ্যালয়ত পতাকা উত্তোলন কৰে উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱে ।
শিৱসাগৰ উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ পৰা উলিওৱা স্কুটী ৰেলী উদ্বোধন কৰে শিৱসাগৰ পৌৰসভাৰ সভানেত্ৰী মৃণালী কোঁৱৰে । উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত খোৱা পানী যোগান উন্মোচন কৰে উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱে ।
আৰ্ট গেলেৰীত কলা প্ৰদৰ্শনী উন্মোচন কৰে লক্ষীকান্ত মহন্তই । ইয়াৰোপৰি যুৱদলত সাজ-পাৰ প্ৰতিযোগিতা, সন্ধিয়ালৈ যুৱদলত সাংস্কৃতিক সন্ধিয়া আৰু উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী সকলে “টেটোন তামুলী” নাট পৰিবেশন কৰে ।
Also Read: ৰৌমাৰীত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা বিধায়ক কৃষ্ণ কমল তাঁতীৰ