ৰৌমাৰীত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা বিধায়ক কৃষ্ণ কমল তাঁতীৰ

ৰৌমাৰীত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা বিধায়ক কৃষ্ণ কমল তাঁতীৰ

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ সমীপৰ খনামুখৰ ৰৌমাৰী আঞ্চলিক যুৱক সংঘৰ সৌজন্যত ৰৌমাৰী হৰিহৰ মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত শনিবাৰে কৃতি ছাত্ৰ-ছাত্ৰীৰ এক সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ৷ ৰৌমাৰী গোৰ্খা ভৱনত অনুষ্ঠিত অনুষ্ঠানটিৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে।

বিধায়ক তাঁতীয়ে ২০২৩ বৰ্ষৰ কুৰিৰো অধিক কৃতি ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচাৰে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে অভিনন্দন পত্ৰ আৰু কলম উপহাৰ প্ৰদান কৰে । বিশিষ্ট সমাজকৰ্মী ৰণ বাহাদুৰ বৰালে আঁত ধৰা অভিনন্দন অনুষ্ঠানটিৰ সভাপতিৰ আসন অলংকৃত কৰে অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক তথা অঞ্চলৰে জ্যেষ্ঠ সমাজকৰ্মী দেৱী বাহাদুৰ ছেত্ৰীয়ে ৷ ইয়াৰোপৰি সম্বৰ্দ্ধনা অনুষ্ঠানটিত অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

ৰৌমাৰীত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা বিধায়ক কৃষ্ণ কমল তাঁতীৰ
ইটাখোলাত বাইকৰ পৰা পৰিল লাখ টকাসহ নথি-পত্ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in