
ডিজিটেল সংবাদ, শিৱসাগৰঃ অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা সমিতিয়ে অ'এন জি চিৰ সদ্য প্রকাশিত ৩৭২ খন লঘু যান-বাহনৰ নিবিদাৰ ক্ষেত্ৰত প্ৰকাশিত বিজ্ঞাপনত কিছু বিসংগতি থকাৰ কথা প্ৰকাশ কৰে। এই সন্দৰ্ভত যোৱা ২৭ জুলাই তাৰিখে তেল আৰু গেছ নিগমৰ কাৰ্যবাহী সঞ্চালকলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰি নিবিদাৰ ক্ষেত্ৰত নিবনুৱাসকলৰ স্বাৰ্থত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছিল।
বিশেষকৈ বাণিজ্যিক বাহনৰ অভিজ্ঞতা ৫ বছৰ ধাৰ্য কৰি অভিজ্ঞলোকসকলৰ সাংবিধানিক ভাৱে থকা অধিকাৰ আৰু প্ৰাপ্যৰ পৰা বঞ্চিত নকৰি নিৰ্ধাৰিত সময় অতি কমেও এক মাহ নিৰ্ধাৰণ কৰি নতুনকৈ নিবিদাত অংশগ্ৰহণ কৰিম বুলি ভৱা নিবনুৱাসকলক অংশগ্ৰহণৰ সুবিধা কৰি দিবলৈ দাবী জনোৱা হৈছিল। পিছে আজি পৰ্য্যন্ত কোনো গুৰুত্ব আৰোপ নকৰাত ক্ষোভ প্ৰকাশ কৰি শনিবাৰে শিৱসাগৰ প্ৰেছ ক্লাৱত শিৱসাগৰ জিলা সমিতিয়ে এক সংবাদমেল অনুষ্ঠিত কৰে।
সংবাদমেলত শিৱসাগৰ জিলা সমিতিৰ সভাপতি যদুমণি কলিতা, সচিব প্রধান বিষ্ণুজ্যোতি শইকীয়া আৰু কেইবাগৰাকীও কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া উপস্থিত থাকি অ’এন জি চিৰ বিৰুদ্ধে পুনৰ সৰব হৈ তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে অতিশীঘ্ৰে নিবিদাৰ ক্ষেত্ৰত যুৱ মঞ্চই দাবী জনোৱা চৰ্ত সমূহ পূৰণ কৰিবলৈ দাবী জনায়। লগতে উল্লেখ কৰে যে, শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত অ’এন জি চিৰ খনন কাৰ্য চলাই কোটি কোটি টকা সংগ্ৰহ কৰাৰ বিপৰীতে তেল খনন কার্য চলি থকা বহু প্রান্তত উন্নয়ন মূলক কাম-কাজ কৰা বিশেষভাৱে পৰিলক্ষিত হোৱা নাই।
দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা দৃষ্টি গোচৰ হোৱা নাই বুলিও সংগঠনটোৰ নেতৃবৰ্গই অভিযোগ কৰে। ইয়াৰ উপৰি শিৱসাগৰ বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ বিপুল দাবীত শিৱসাগৰবাসীয়ে লাভ কৰা অ'এন জি চিৰ অধীনস্থ চ্যুকাফা হাস্পতাল আৰু অ এন জি চিত বিশেষকৈ নিয়োগৰ ক্ষেত্ৰত থলুৱাক নিযুক্তি দিয়াৰ বাবে কোনো গুৰুত্ব আৰোপ নকৰাত সংবাদমেলত জাঙুৰ খাই উঠে অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা সমিতি।
অন্যহাতে অ’এন জি চিৰ মুখ্য কাৰ্যালয় নাজিৰাত অৱস্থিত যদিও আজি পৰ্য্যন্ত নাজিৰাক তৈল নগৰী হিচাপে ঘোষণা নকৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে সংগঠনটোৱে। উল্লেখিত বিষয় সমূহ সমাধানৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবীত অহা ৯ আগষ্টত ২৪ ঘন্টীয়া অ’ এন জি চিৰ বন্ধ ঘোষণা কৰিছে যুৱ মঞ্চই। অ’এন জি চিৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চই ধাৰাবাহিক ভাৱে আন্দোলন কাৰ্যসূচী হাতত ল’ব বুলি সকীয়াই দিছে।