গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ শিৱসাগৰৰ যুৱতীৰ নশ্বৰদেহ : আৰক্ষীৰ লেহেমীয়া তদন্তত অসন্তুষ্ট পৰিয়াল

গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ শিৱসাগৰৰ যুৱতীৰ নশ্বৰদেহ : আৰক্ষীৰ লেহেমীয়া তদন্তত অসন্তুষ্ট পৰিয়াল

author-image
Asomiya Pratidin
New Update
বনৰীয়া হাতীৰ গচকত মৃত্যু শিশুৰ

ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰ নগৰৰ সমীপৰ কোঁৱৰপুৰ টেপৰতল গোঁহাইগাঁৱৰ এগৰাকী যুৱতীৰ মৃতদেহ গুৱাহাটীৰ এটা ফ্লেটত উদ্ধাৰ হোৱা ঘটনা পলমকৈ পোহৰলৈ আহিছে। কৰ্মসংস্থাপনৰ বাবে গুৱাহাটীলৈ যোৱা যুৱতীগৰাকীৰ মৃত্যুক লৈ বৰ্তমান শিৱসাগৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Advertisment

ঘটনাৰ বিৱৰণী অনুসৰি শিৱসাগৰ কোঁৱৰপুৰৰ নিৱাসী দেৱেন বুঢ়াগোহাঁই আৰু পৰিয়াল কৰ্মসূত্ৰে গুৱাহাটীৰ ডাউন টাউন অসমী পথৰ ১৮ নং ফ্লেটত ভাড়াতীয়াৰূপে আছিল। তেওঁৰ ২৭ বছৰীয়া ছোৱালী বনস্মিতা বুঢ়াগোহাঁই বিউটিচিয়ানৰূপে নিয়োজিত হৈ পৰিয়াল পোহপাল দি আছিল।

২৬ জুনৰ নিশা একেটা বিল্ডিঙত থকা ৰিয়া নামৰ এগৰাকী বান্ধৱীৰ সৈতে ৰাতি থাকিবলৈ যোৱা বনস্মিতাৰ মৃতদেহ ৰিয়াৰ ঘৰত সন্দেহজনকভাৱে উদ্ধাৰ হয়। হাতত ফেনাইল বটল লৈ মুখেৰে ফেন আৰু তেজ নিৰ্গত বধস্মিতাৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছত স্থানীয় দিশপুৰ আৰক্ষীক পিতৃ দেৱেন বুঢ়াগোহাঁইয়ে এজাহাৰ দিয়ে।

উক্ত সন্দেহজনক মৃত্যুৰ ঘটনাক বান্ধৱী ৰিয়াই আত্মহত্যা বুলি দাবী কৰে যদিও পৰিয়ালৰ লোকে এই দাবী খাৰিজ কৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে। উক্ত হত্যাৰ সৈতে গুৱাহাটীৰ হাতীগাঁৱৰ ৰাহুল আলি নামৰ এজন যুৱক জড়িত থকাৰো সন্দেহ কৰিছে বনস্মিতাৰ পৰিয়ালে।

ৰাহুল আলিয়ে বনস্মিতাক বিভিন্ন সময়ত আমনি কৰি থকাৰ কথাও এজাহাৰত উল্লেখ কৰিছে পিতৃ দেৱেন বুঢ়াগোহাঁইয়ে। উল্লেখযোগ্য যে দৰিদ্ৰ পৰিয়ালৰ ছোৱালী বনস্মিতাৰ এনে আকস্মিক মৃত্যুৰ ঘটনা মৃত্যুৰ প্ৰায় ১৪ দিন পৰ্যন্ত লোকচক্ষুৰ পৰা লুকাই থকাত সচেতন মহলে সন্দেহ প্ৰকাশ কৰিছে।

মঙলবাৰে গুৱাহাটীৰ এক সংবাদ কৰ্মীয়ে দিশপুৰ থানালৈ যাওঁতে এই ঘটনাৰ উমান লাভ কৰাৰ পাছতহে সংবাদ মাধ্যমৰ জড়িয়তে এই ঘটনা পোহৰলৈ আনে। মৃত যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে এই ঘটনা আত্মহত্যা নহয় কিন্তু পৰিকল্পিত হত্যা বুলি দাবী কৰি দোষীৰ শাস্তি দাবী কৰিছে।

ঘটনা সন্দৰ্ভত দিশপুৰ আৰক্ষীয়ে ৬৫৫/২৪ নম্বৰ এক গোচৰ ৰুজু কৰি তদন্ত আগবঢ়াইছে যদিও ঘটনা সংঘটিত হোৱাৰ ১৪ দিনৰ পাছতো কোনো অগ্ৰগতি লাভ নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে

Also Read: সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ শপতগ্ৰহণ

Assam police