সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ শপতগ্ৰহণ

সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ শপতগ্ৰহণ

author-image
Asomiya Pratidin
New Update
সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ শপতগ্ৰহণ

ডিজিটেল সংবাদ,ধেমাজি : সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নৱ গঠিত ধেমাজি জিলা সমিতিখনে বুধবাৰে আনুষ্ঠানিকভাৱে বাটঘৰীয়া ৰাজহুৱা ভৱনত শপতগ্ৰহণ আৰু দায়িত্বভাৰ অৰ্পন কৰে ৷  এই উপলক্ষে আয়োজিত সভাত অতিথি হিচাপে উপস্থিত থাকে ভালেকেইগৰাকী বিষয়ববীয়া।

Advertisment

সভাত সোনোৱাল কছাৰী জাতীয় পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি কেশৱ সোনোৱালে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। ইয়াৰোপৰি সোনোৱাল কছাৰী ছাত্ৰ সন্থাক প্ৰতিমুহূৰ্ততে প্ৰেৰণা যোগাই অহা ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° লৱৰাম সোনোৱাল , মৃদুল সোনোৱাল , ধেমাজি সাহিত্য সভাৰ সম্পাদক কল্পজিৎ সোনোৱাল , অনিমা বৰ শইকীয়া , সন্থাৰ ৰাজু সোনোৱাল ,পৰিক্ষিত  সোনোৱাল , চন্দন সোনোৱাল আদিয়ে শুভেচ্ছা জনায় ৷

সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বই নৱ গঠিত ২১জনীয়া  জিলাসমিতিখনৰ সভাপতি মৃদুপৱন সোনোৱাল আৰু সাধাৰণ সম্পাদক দুলেন সোনোৱালৰ সৈতে সমিতিৰখনৰ সকলো বিষয়ববীয়া আৰু সদস্যসকলক শপতগ্ৰহণ কৰোৱায় ৷ ইয়াৰ আগেয়ে আৰম্ভণিতে সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক কুলানন্দ শুভ বৰুৱাৰ প্ৰতিচ্ছবিত সোনোৱাল কছাৰী পৰম্পৰা চাৰিমুখীয়া চাকিৰে বন্তি প্ৰজ্জ্বলন কৰা হয়।

বন্তি প্ৰজ্জ্বলন কৰে সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পৰিক্ষিত  সোনোৱালে ৷ সভাত ধেমাজি জিলা সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ ১২খন আঞ্চলিকৰ বিষয়ববীয়া আৰু কৰ্মীসকল উপস্থিত থাকে ৷

Also Read: বিস্ময়-মায়া-তৃষ্ণাতুৰ, মনত আছে নে দিনবোৰ !

All Assam Sonowal Kachari Students Union