/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/f88e3a17-ba91-4299-b111-f1db2c231fe4/shivsagar_30.jpg)
শান্তি চুক্তিৰ পাছতে শিৱসাগৰত ৬০ দিনলৈ ১৪৪ ধাৰা জাৰি...
ডিজিটেল ডেস্কঃ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আলোচনাপন্থী আলফাৰ ত্ৰিপাক্ষিক চুক্তি সম্পন্ন হোৱাৰ পাছতে শিৱসাগৰত জাৰি কৰা হৈছে ১৪৪ ধাৰা। এই চুক্তিৰ পাছতে জিলাখনত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা নহয় তাৰ বাবে সতৰ্কতামূলকভাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ।
জিলাখনত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ ১৪৪ ধাৰা জাৰি থাকিব। এই সময়ছোৱাত ৫ জন বা তাতোধিক লোক একলগে সমাগম হ'ব নোৱাৰিব।
জিলাখনত সকলোধৰণৰ সভা, সমিতি, শোভাযাত্ৰা বাহিৰ কৰাতো আৰোপ কৰা হৈছে নিষেধাজ্ঞা। অসম-নাগালেণ্ড সীমান্তত বিশেষভাৱে প্ৰযোজ্য হ'ব এই ধাৰা। পৰৱৰ্তী ৬০ দিনলৈ বাহাল থাকিব এই ধাৰা।
Also Read: নীতিশ কুমাৰ হ'ব নেকি মোডীৰ বিকল্প ? সভাপতিৰ দায়িত্বৰ সৈতে দলৰ সকলো কৰ্তৃত্ব লাভ...