বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি পোৱাৰ দিশে চৰাইদেউ

বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি পোৱাৰ দিশে চৰাইদেউ

author-image
Asomiya Pratidin
New Update
বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি পোৱাৰ দিশে চৰাইদেউ

ডিজিটেল সংবাদ, চৰাইদেউ: বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম তালিকাত স্থান পোৱাৰ দিশে আগবাঢ়িছে আহোমৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদাম স্থলী। অহা ৭ অক্টোবৰত চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ আহিব ইউনেস্কৰ বিশেষ প্ৰতিনিধি দল। ইয়াকে লৈ চৰাইদেউ মৈদাম স্থলীত দিনে নিশাই চলিছে ব্যাপক প্ৰস্তুতি।

Advertisment

নতুন ৰূপত আকৰ্ষণীয়কৈ সজাই -পৰাই তোলা হৈছে চৰাইদেউৰ মৈদাম স্থলী। ইউনেস্ক'ৰ প্ৰতিনিধি দল অহাৰ পূৰ্বে চৰাইদেউৰ মৈদামস্থলীত চলি থকা প্ৰস্তুতি তথা সৌন্দৰ্য বৰ্ধনৰ কাম-কাজৰ অগ্ৰগতি সম্পৰ্কে সঘনাই বুজ লৈছে অসম চৰকাৰৰ প্ৰতিনিধিকে ধৰি কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অতিৰিক্ত সঞ্চালক জাহ্নৱীজ শৰ্মা, অসম চৰকাৰৰ জৰীপ আৰু প্ৰত্নতাত্বিক বিভাগৰ সঞ্চালিকা দিপীৰেখা কুলিৰ লগতে বিভাগীয় বিষয়াসকলে।

ইফালে ইউনেস্ক'ৰ প্ৰতিনিধি দলৰ আগমনক লৈ ইতিমধ্যে মন্ত্ৰী, বিধায়ক, বিভিন্ন জাতীয় দল-সংগঠনৰ বিষয়ববীয়া তথা স্থানীয় ৰাইজ তৎপৰ হৈ পৰিছে। ডচিয়াৰত উল্লেখ থকা ৭০৯ বিঘা মাটিক লৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব চৰাইদেউৰ মৈদাম স্থলী। চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ দিশে অগ্ৰসৰ হোৱাৰ পাক মূহুৰ্তত মন্ত্ৰী-বিধায়ক, বিভিন্ন জাতীয় দল-সংগঠনৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে। চৰাইদেউ মৈদামক্ষেত্ৰই অনাগত দিনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মানচিত্ৰত যাতে অন্তৰ্ভুক্ত হয় সেয়া অন্তঃকৰণেৰে কামনা কৰিছে ৷

Also Read: বিশ্বনাথত বিধ্বস্ত পথ : চকু মুদা কুলিৰ ভাওত জনপ্ৰতিনিধি

Saraideu