বিশ্বনাথত বিধ্বস্ত পথ : চকু মুদা কুলিৰ ভাওত জনপ্ৰতিনিধি

বিশ্বনাথত বিধ্বস্ত পথ : চকু মুদা কুলিৰ ভাওত জনপ্ৰতিনিধি

author-image
Asomiya Pratidin
New Update
বিশ্বনাথত বিধ্বস্ত পথ : চকু মুদা কুলিৰ ভাওত জনপ্ৰতিনিধি

ডিজিটেল সংবাদ, বিহালীঃ বিশ্বনাথৰ সমষ্টিৰ অন্তৰ্গত বেজৰহোলা আৰু ডিপলোঙা সংযোগী পথৰ দুৰৱস্থাই জ্বলাকলা খুওৱাইছে স্থানীয় ৰাইজক৷ মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ট বিশ্বনাথৰ বিধায়কৰ প্ৰমোদ বৰঠাকুৰৰ সমষ্টিৰ যাতায়ত ব্যৱস্থাৰ এই দুৰৱস্থাৰ বাবে এতিয়া দুৰ্ভোগ ভুগীবলগীয়া হৈছে সমষ্টিবাসী ৰাইজে।

Advertisment

দীৰ্ঘদিনৰে পৰা বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰক অঞ্চলবাসীয়ে পথছোৱাৰে যোগাযোগ সুচল তথা মেৰামতি কৰাৰ বাবে বাৰম্বাৰ অনুৰোধ জনাই আহিছে৷ কিন্তু বিধায়ক প্ৰমোদ বৰঠাকুৰে ৰাইজৰ অনুৰোধক তিলমানো গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে সমষ্টিবাসী ৰাইজে৷

বেজৰহোলা আৰু ডিপলোঙা সংযোগী পথটোৰ মাজত থকা প্ৰকাণ্ড- প্ৰকাণ্ড গাত তথা জৰাজীৰ্ণ অৱস্থা যাৰ ফলত পথছোৱাৰে দৈনিক বিদ্যালয়-মহাবিদ্যালয়লৈ অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মূখীন হ'বলগীয়া হৈছে ৷

বিশ্বনাথৰ বেজৰহোলা আৰু ডিপলোঙাবাসীয়ে শীঘ্ৰে পথটো মেৰামতি নকৰিলে ৰাইজে ৰাজনৈতিক নেতাৰ প্ৰৱেশ গাওঁত নিষিদ্ধ কৰিব বুলি সদৰি কৰিছে৷ উল্লেখ্য যে, এই পথটোত বাঢ়নি পানীত জলমগ্ন হোৱাৰ সময়ত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰক পথছোৱা মেৰামতি নকৰাৰ বাবে নিজ সমষ্টিৰ পৰাই উভতাই পথাইছিল স্থানীয় ৰাইজে৷

Also Read: উন্নয়ণ ধোৱাঁচাঙতঃ নিমাতী কইনাৰ ৰূপত জনপ্ৰতিনিধি