সমাজকৰ্মী, অভিনেতা শৈলেন চিৰিং ফুকনৰ অভিনন্দন গ্ৰন্থ উন্মোচন...

সমাজকৰ্মী, অভিনেতা শৈলেন চিৰিং ফুকনৰ অভিনন্দন গ্ৰন্থ উন্মোচন...
সমাজকৰ্মী, অভিনেতা শৈলেন চিৰিং ফুকনৰ অভিনন্দন গ্ৰন্থ উন্মোচন...

ডিজিটেল সংবাদ শিৱসাগৰঃ আহোম যুগৰ ৰাজধানী ৰংপুৰৰ প্ৰাণকেন্দ্ৰ বৃহত্তৰ জয়সাগৰ অঞ্চলৰ উন্নয়নৰ বাবে সুদীৰ্ঘ ছটা দশক কাম কৰি অহা বিশিষ্ট সমাজকৰ্মী তথা জ্যেষ্ঠ নাগৰিক শৈলেন চাৰিংফুকনৰ জীৱন আৰু কৰ্মক প্ৰাধান্য দি ৰাজহুৱাভাৱে প্ৰকাশ কৰা “অভিনন্দন” নামৰ গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট কবি, সাহিত্যিক প্ৰেম গগৈয়ে ৷

গ্ৰন্থখনি উন্মোচন কৰি প্ৰেম গগৈয়ে কয় যে, শৈলেন চৰিংফুকন ব্যক্তি নহয় এক অনুষ্ঠান ৷ বুৰঞ্জীয়ে পৰশা এই অঞ্চলৰ উন্নয়নৰ বাবে তেওঁ জনজাগৰণ সৃষ্টি কৰাই নহয় ৰাইজক নেতৃত্ব প্ৰদান কৰিলে ৷ তেওঁ ঐতিহাসিক সম্পদ ৰক্ষাৰ ক্ষেত্ৰতো জনজাগৰণ সৃষ্টি কৰিলে ৷

বুৰঞ্জীৰ প্ৰভাকৰ ভুৱন চন্দ্ৰ সন্দিকৈৰ প্ৰসংগ উত্থাপন কৰি প্ৰেম গগৈয়ে কয় বিভিন্ন প্ৰৱন্ধ তথা “ৰংপুৰৰ পাণ্ডা” প্ৰকাশ কৰি তেওঁ বৃটিছৰ দৃষ্টি আকৰ্ষণেৰে পৌৰাণিক সম্পদ ৰক্ষাৰ প্ৰচেষ্টা চলাইছিল ৷ পৰৱৰ্তীকালত শৈলেন চিৰিং ফুকন জয়সাগৰৰ উন্নয়নৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত হৈ পৰে ৷

গ্ৰন্থ উন্মোচনৰ বাবে জয়সাগৰৰ পহৰাদাৰ আলিৰ কাষত থকা শৈলেন চিৰিং ফুকনৰ বাসগৃহত অনুষ্ঠিত সভাখনি পৰিচালনা কৰে গ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি প্ৰেম গগৈয়ে ৷ সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বালন কৰে দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ৰত্নেশ্বৰ দেউৰীয়ে ৷

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সম্পাদনা সমিতিৰ সম্পাদক এনামউদ্দিন আহমেদে কয় যে, বৃহত্তৰ জয়সাগৰৰ উন্নয়নত যিসকল ব্যক্তিৰ অৱদানৰ বিষয়ে এৰাই চলিব নোৱোৰি তেওঁলোকৰ ভিতৰত শৈলেন চিৰিং ফুকনো অন্যতম ৷ শৈলেন চিৰিং  ফুকন জয়া যুৱ সংঘৰ অন্যতম প্ৰতিষ্ঠাপক ৷ জয়সাগৰ আৰক্ষী চকী, জয়সাগৰ হাইস্কুল, চিকিৎসালয় সহিতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠা তথা ৰক্ষাৰ লগত তেওঁ জড়িত ৷

উল্লেখ্য যে, শিৱসাগৰ জিলাৰ বেতবাৰী অঞ্চলত জন্মগ্ৰহণ কৰা শৈলেন চিৰিংফুকন শ্বিলঙত পঞ্চায়ত বিভাগত চাকৰি কৰিছিল ৷ ১৯৬৫ চনত তেওঁ শ্বিলঙৰ পৰা জয়সাগৰৰ পঞ্চায়ত প্ৰশিক্ষণ কেন্দ্ৰলৈ বদলি হৈ আহে ৷ তাৰ পিছৰে পৰা তেওঁ জয়সাগৰৰ উন্নয়নৰ লগত একাত্ম হৈ পৰে ৷

অনুষ্ঠানত উপস্থিত থাকি ৰংপুৰ সাহিত্য সভাৰ সভাপতি হেম বৰুৱাই কয় সামাজিক কামকাজ কৰিবলৈ এটা বহল মন লাগিব ৷ সামাজিক অনুষ্ঠানত ব্যক্তিস্বাৰ্থ নিহিত থাকিলে ন’হব ৷ শৈলেন চিৰিং ফুকন নিস্বাৰ্থ সমাজকৰ্মী ৷ তেওঁ এটা সময়ত অসমৰ কৰ্মচাৰীসকলক নেতৃত্ব প্ৰদান কৰিছিল ৷

শিৱসাগৰ কলেজ, জয়সাগৰৰ প্ৰাক্তন উপাধ্যক্ষা মণিকা শইকীয়াই কয় যে, শৈলেন চিৰিং ফুকনে সমাজৰ কল্যাণৰ বাবে কাম কৰি আহিছে ৷ তেওঁ ঐতিহাসিক জয়সাগৰ পুখুৰী পৰিস্কাৰ আৰু সংৰক্ষণৰ আন্দোলনত নেতৃত্ব প্ৰদান কৰিছিল ৷

বিশিষ্ট শিক্ষাবিদ ড° পদুম দওই কয় জয়সাগৰ হাইস্কুল গঠনৰ সময়ত মাটি দখলকাৰীৰ পৰা উদ্ধাৰ কৰাৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল ৷ যোৱাটো শতিকাৰ ষাঠি দশকত কৰ্দযময় পৰিবেশ গ্ৰাস কৰা জয়সাগৰ পুখুৰী পৰিস্কাৰ কৰাৰ ক্ষেত্ৰত তেওঁ ৰাইজক নেতৃত্ব প্ৰদান কৰিছিল ৷

শিৱসাগৰ চৰকাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজীৱ ফুকনে কয় এই অঞ্চলৰ সকলো ৰাজহৱা কামতেই শৈলেন চিৰিং ফুকনে নেতৃত্ব প্ৰদান কৰি আহিছে ৷ তেওঁ ৰাজহুৱা কামৰ পথপ্ৰদৰ্শক ৷ নতুন চামক এই ক্ষেত্ৰত প্ৰেৰণা যোগায় আহিছে ৷

সচেতন মহিলা ৰুণুপমা সন্দিকৈয়ে সভাত অংশগ্ৰহণ কৰি কয় প্ৰতিধ্বনি বোলছবিত অভিনয় কৰা শৈলেন চিৰিং ফুকন জয়া যুৱ সংঘ প্ৰতিষ্ঠাত নেতৃত্ব প্ৰদান কৰিছিল ৷ অসম পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক ডা° পৰমানন্দ ভড়ালীয়ে কয় উন্মোচন কৰা গ্ৰন্থখনিয়ে কৰ্মৰ প্ৰতিফলন কৰিলে ৷ ভবিষ্যতৰ দিনত এই গ্ৰন্থই নতুন চামক তথ্যৰ সন্ধান দিব ৷

প্ৰাক্তন অধ্যাপক কনক বৰাই জয়সাগৰৰ জ্যেষ্ঠ নাগৰিক সন্থা গঠনৰ পৰা আৰম্ভ কৰি আন আন অনুষ্ঠান গঢ়াৰ ক্ষেত্ৰত শৈলেন চিৰিং ফুকনৰ অৱদানৰ বিষয়ে উল্লেখ কৰে ৷ সভাত হৰিনাৰায়ণ বৰুৱাই বক্তব্য আগবঢ়াই ৷ সভাত ডিম্বেশ্বৰ গগৈ, তিলেশ্বৰী গোঁহাই চিৰিং ফুকন, বিজু চিৰিং ফুকন, গীতামণি বৰগোহাঁই চিৰিং ফুকন  অঞ্জলি দেউৰী, মায়া চাংমাই, মোখেশ্বৰ বৰা, ব্ৰজেন গোঁহাইকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে ৷

সমাজকৰ্মী, অভিনেতা শৈলেন চিৰিং ফুকনৰ অভিনন্দন গ্ৰন্থ উন্মোচন...
অন্তিন মুহূৰ্তত স্থগিত ইছৰোৰ গগণযানৰ উৎক্ষেপণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in