/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-24/84f43t0g/accident-24.jpg)
শিৱসাগৰত ভয়াবহ দুৰ্ঘটনাত মৰিগাঁৱৰ ব্যক্তিৰ মৃত্যু...
ডিজিটেল সংবাদ শিৱসাগৰ: শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী থানাৰ অন্তৰ্গত জি জি এছ চাৰিআলিত আজি নিশা এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ পথ দুৰ্ঘটনাত থিতাতে এজন ব্যক্তি নিহত হয় ৷
অচিনাক্ত বাহনে মহতিয়াই নিয়ে এ এছ ০৪ ভি ৭৪২৬ নম্বৰৰ বাইক আৰোহীক। যাৰ ফলত এজন ব্যক্তি নিহত হয় ৷ নিহত ব্যক্তিজনক অৰবিন্দ ৰাজখোৱা বুলি চিনাক্ত কৰা হৈছে।
মৰিগাঁৱৰ নিবাসী অৰবিন্দ ৰাজখোৱা পকামিস্ত্ৰী হিচাপে দ্বীপেন দাস নামৰ ব্যক্তিজনৰ ঘৰত কৰ্মৰত আছিল। গুৰুতৰভাৱে আহত আনজন ব্যক্তি দ্বীপেন দাসক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
ঘটনাস্থলীত উপস্থিত হৈ জয়সাগৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । আহত ব্যক্তিজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে নিহত অৰবিন্দ ৰাজখোৱাৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষা সম্পাদনৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
Also Read: বৰহোলাত ৩৩ হাজাৰ কে ভি লাইন ব্যাহতঃ দুদিন ধৰি অন্ধকাৰ ৪০ খন গাঁও...