/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/d8d66cdb-2f5d-426b-90cd-b3b647a4fc6a/dfdfsfd.jpg)
বৰহোলাত ৩৩ হাজাৰ কে ভি লাইন ব্যাহতঃ দুদিন ধৰি অন্ধকাৰ ৪০ খন গাঁও...(প্ৰতিনিধিত্বমূলক ফটো)
ডিজিটেল সংবাদ বেকাজানঃ সোমবাৰে বিয়লি অহা এজাক ধুমুহা আৰু বৰষুণৰ বাবে তিতাবৰ বিদ্যুৎ উপ সংমণ্ডলৰ মাধপুৰ অংশত ৩৩ হাজাৰ কেভি লাইন ব্যাহত হোৱা ফলত সমগ্ৰ বৰহোলা অঞ্চলৰ প্ৰায় ৪০ খনকৈ অধিক গাঁও দুদিন ধৰি অন্ধকাৰত ডুব গৈ আছে। উল্লেখযোগ্য যে, আজিৰে পৰা চৰকাৰী বিদ্যালয়ত ছমহীয়া পৰীক্ষা আৰম্ভ হৈছে।
বিদ্যুৎ যোগান ব্যাহত হোৱাৰ ফলত পঢ়া-শুনা কৰাত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে শিক্ষাৰ্থী তথা ক্ষুদ্ৰ ব্যৱসায়ীসকল। আজি বৰহোলাৰ সকলোবোৰ ব্যৱসায় প্ৰতিষ্ঠান বিদ্যুৎ নথকাৰ বাবে বন্ধ হৈ পৰে।
তিতাবৰ উপসংমণ্ডলৰ বিদ্যুৎ বিভাগৰ চূড়ান্ত অভিযন্তা আৰু কৰ্মচাৰীৰ হেমাহি বাবে মাধপুৰৰ কোন অংশত বিদ্যুত পৰিবাহী তাঁৰত বিজুতি ঘটিছে তাক বিচাৰি উলিওৱা লৈ সক্ষম নোহোৱাতো দুৰ্ভাগ্যজনক। বৰহোলাবাসী ৰাইজে অভিযোগ কৰামতে তিতাবৰ উপসংমণ্ডলে গ্ৰাহককসকলক আজি সমগ্ৰ দিনতো লাইন মেৰামতি কৰি থকা বুলি জনাই সোনকালেই বিদ্যুৎ যোগান ধৰা হ'ব বুলি ৰাইজক আভুৱা ভাৰি থাকিল।
প্ৰকৃততে বিদ্যুৎ বিভাগে বিদ্যুৎ পৰিবাহী চৰজমিন অনুসন্ধান কৰা নাই। সেয়ে কোন ঠাইত বিজুতি ঘটিছে ক'ব নোৱাৰে। উল্লেখযোগ্য যে, এমাহ বিদ্যুতৰ বিল পৰিশোধ নকৰিলে সংযোগ বিছিন্ন কৰা তথা স্মাৰ্ট মিটাৰৰ জৰিয়তে গ্ৰাহককসকলক ত্ৰাহি মধুসূদন সোঁৱৰাই অহা তিতাবৰ বিদ্যুৎ বিভাগে এটা সামান্য বিজুতি আজি দুদিন ধৰি বিচাৰি উলিয়াব নোৱাৰা কাৰ্যই প্ৰমাণ কৰিছে তিতাবৰ বিদ্যুৎ সংমণ্ডলৰ কাৰিকৰী দিশত দক্ষতা আছে।
ইফালে তিতাবৰ বিদ্যুৎ সংমণ্ডলে চল্লিশখনকৈ অধিক গাঁৱক দুটা দিন অন্ধকাৰ ৰখাৰ পিছতো বিভাগটোক জবাবদিহি নকৰাত তিতাবৰ মহকুমাৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে বৰহোলাবাসী ৰাইজ। যোৰহাট জিলা আয়ুক্ত বিষয়টো শীঘ্ৰে হস্তক্ষেপ কৰিবলৈ ৰাইজে দাবী জনাইছে।
Also Read: পাটাছাৰকুছি বিদ্যাপীঠত ৫৫ সংখ্যাক এন এছ এছ প্ৰতিষ্ঠা দিৱস উদযাপন...