শিৱসাগৰত পথ দুঘটনাঃ জনপ্ৰিয় ইউটুবাৰ অংকুৰ ৰাজ শৰ্মাৰ মৃত্যু

শিৱসাগৰত পথ দুঘটনাঃ জনপ্ৰিয় ইউটুবাৰ অংকুৰ ৰাজ শৰ্মাৰ মৃত্যু

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ চহৰত বুধবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত জনপ্ৰিয় ইউ টিউবাৰ, অভিনেতা তথা সামাজিক মাধ্যমত সক্ৰিয় হৈ থকা যুৱক অংকুৰ ৰাজ শৰ্মাই  প্ৰাণ হেৰুৱাই। জানিবপৰা মতে আজি নিশা জনপ্ৰিয় ইউ টিউবাৰ অংকুৰ ৰাজ শৰ্মাৰ  দৰিকাপাৰৰ দিশৰ পৰা শিৱসাগৰ চহৰৰ দিশে এ এছ ০৩ কিউ ৭০৪৮ নম্বৰ এখন বুলেটেৰে আহি থকা অৱস্থাত এন আৰ এল পেট্ৰল পাম্পৰ সন্মুখত পথৰ কাষত পথালিকৈ ৰখাই থোৱা এ এছ ০৪ বি চি ৪৫৮৫ নম্বৰ এখন টাটা এচি বাহনত খুন্দা মৰাত গুৰুতৰ ভাবে আহত হয়।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত অংকুৰ ৰাজক ঘটনাস্থলীত উপস্থিত থকা লোকে উদ্ধাৰ কৰি সমীপতে থকা সম্প্ৰীতি নাৰ্ছিং হোমলৈ আনে যদিও চিকিৎসক নথকা কথা দোহাই দি নাৰ্ছিং হোমখনে চিকিৎসা নকৰিলে। উপায়হীন হৈ তেওঁক জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে তেওঁ মৃত বুলি ঘোষণা কৰে। 

উল্লেখ কৰা প্ৰয়োজন যে অতি মেধা সম্পন্ন যুৱক গৰাকীয়ে সৰুৰে পৰা কিবা এটা কৰা মানসেৰে মোবাইলতে মনোৰঞ্জন ধৰ্মী টিক টক আৰম্ভ কৰি ইয়াৰ পৰৱৰ্তী সময়ত জনপ্ৰিয় চুটি ছবি পৰিচালক আক্ৰাম হুছেইনৰ লগত কেইবাখনো ছুটি ছবি নিৰ্মাণৰ লগতে অভিনয় কৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁ  অসমৰ এগৰাকী জনপ্ৰিয় ইউ টিউবাৰ হিচাবে স্থানদখল কৰিবলৈ সক্ষম হৈছিল। 

আজি সন্ধিয়া ব্যৱসায়ী সূত্ৰে তেওঁ বেতবাৰীলৈ গৈছিল ৷ বেতবাৰীৰ পৰা  পুনৰ ঘৰৰ অভিমুখে আহি থকা অৱস্থাত এন আৰ এল পেট্ৰল পাম্প ৰ সম্মুখত এই ভয়াবহ দুঘটনাটো সংঘটিত হয় । তেওঁৰ মৃত্যুৰ খৱৰ শিৱসাগৰত  বিয়পি পৰাত অগণন গুণমুগ্ধ আৰু তেওঁৰ বন্ধুবৰ্গ তেওঁ বাসগৃহ গনকপট্টিত উপস্থিত হৈ শোকত ভাগি পৰে।

জানিব পৰা মতে তেওঁৰ নশ্বৰ দেহ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা বাবে ৰখা হৈছে। বৃহস্পতিবাৰে তেওঁৰ শেষকৃত সম্পন্ন কৰা হ’ব। ইফালে এই দুঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। কিয়নো দুঘটনাস্থলীত তেওঁ চলাই অহা বুলেটখন কোনো ধৰণৰ ক্ষয় ক্ষতি নোহোৱা লগতে টাটা এচি খনৰো কোনো ধৰণৰ ক্ষতি সাধন হোৱা নাই। আৰক্ষীয়ে ইতিমধ্যে সমীপৰ ব্যৱসায়ী প্ৰতিষ্ঠান খনৰ চি চি টিভিৰ ফুটেজ পৰীক্ষা কৰিছে।চৰাইদেউত পথ দুৰ্ঘটনাঃ নিহত এগৰাকী মহিলা

শিৱসাগৰত পথ দুঘটনাঃ জনপ্ৰিয় ইউটুবাৰ অংকুৰ ৰাজ শৰ্মাৰ মৃত্যু
চৰাইদেউত পথ দুৰ্ঘটনাঃ নিহত এগৰাকী মহিলা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in