
ডিজিটেল সংবাদ, চিলাপথাৰঃ জোনাই সমষ্টিত মিছিং সকলৰ আদৰৰ "ৰিবি গাচেঙ"ক অপমানৰ বিষয়টোক লৈ অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। বাক যুদ্ধত ভূৱন পেগু বনাম ভূপেন বৰা। জোনাই বিধানসভা সমষ্টিত "চাঙে চাঙে কংগ্ৰেছ" কাৰ্যসূচী মুঠেই সুখকৰ নহ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বাবে।
যোৱা শনিবাৰে চিলাপথাৰৰ নপাম কুলি গাঁওত এঘৰত আতিথ্য গ্ৰহণ কৰিবলৈ গৈ গিৰিহঁতে পাৰি দিয়া মিছিং সকলৰ আদৰৰ ৰিবি গাছেঙৰ ওপৰত বহিবলৈ গৈ বাৰুকৈয়ে ৰোষত পৰিল শীৰ্ষ কংগ্ৰেছ নেতাগৰাকী। জোনাই সমষ্টিৰ বিধায়ক তথা বিজেপিৰ মুখপাত্ৰ ভূৱন পেগুৱে এয়া মিছিং জাতিৰ বাবে ঘোৰ অপমান বুলি মন্তব্য কৰি তীব্ৰ সমালোচনাৰে থকা-সৰকা কৰিলে সভাপতি ভূপেন বৰাক। কংগ্ৰেছ নেতাসকলে মিছিং লোকৰ গাৱে গাঁৱে গৈ শীঘ্ৰে ক্ষমা প্ৰাৰ্থনা কৰিব লাগে বুলি দাবীও উত্থাপন কৰিলে পেগুৱে।
ইপিনে গিৰিহঁতে য'তেই বহিবলৈ দিছে ত'তেই আসন গ্ৰহণ কৰিছে বুলি চাফাই দিলে সভাপতি ভূপেন বৰাই। সকলো জাতি জনগোষ্ঠীৰ কৃষ্টি সাংস্কৃতিৰ প্ৰতি কংগ্ৰেছে সদায় সন্মান জনাই আহিছে বুলি কৈ এইয়া যদিহে ৰাইজে তেওঁৰ ভূল বুলি ভাৱে তেন্তে হেজাৰ বাৰ ক্ষমা খুজিব বুলি কলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি জনে।