/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/b196cdd3-3adf-47a6-a25c-9627f3cd1640/hemlota_3.jpg)
ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপ্ত শিক্ষয়িত্ৰী, শিশু সাহিত্যিক হেমলতা দত্ত হাজৰিকা আৰু নাই
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষয়িত্ৰী তথা বিশিষ্ট শিশু সাহিত্যিক হেমলতা দত্ত হাজৰিকা আৰু নাই। শনিবাৰে তেওঁ শিৱসাগৰৰ কোঁৱৰপুৰৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।
মৃত্যুৰ সময়ত দত্ত হাজৰিকাৰ বয়স আছিল ৬৯ বছৰ। উল্লেখ্য যে, প্ৰয়াত দত্ত হাজৰিকাই ২০০৭ চনত ৰাজ্যিক আৰু ২০০৯ চনত ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰিছিল।
দহখনৰো অধিক গ্ৰন্থ ৰচনাৰে অসমীয়া শিশু সাহিত্যলৈ অনবদ্য অৰিহণা আগবঢ়োৱা হেমলতা দত্ত হাজৰিকা বিশিষ্ট শিল্পী প্ৰেমেশ্বৰ দত্তৰ পত্নী।
Also Read: ৰিজনেল কলেজ অফ হেলথ চাইন্সৰ নৱাগত আদৰণি সভা সম্পন্ন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us