"চাওবিন ক্ষেত্ৰ"ত শতবৰ্ষীয় বৰগোহাঞি বংশাৱলীৰ পূৰ্ণাংগ অধিৱেশনৰ প্ৰস্তুতি

অহা ২৭, ২৮ আৰু ২৯ জানুৱাৰীত তিনিদিনীয়াকৈ বর্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰ জিলাৰ নাজিৰা মেছাগড়ত অনুষ্ঠিত হ’ব সদৌ বৰগোহাঞি বংশাৱলীৰ শতবৰ্ষীয় পূৰ্ণাঙ্গ অধিৱেশন। মেছাগড়, মাদুৰি আৰু মঠিয়াছিগা বাসীৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া শতবৰ্ষীয় অধিৱেশনখনি সুকলমে অনুষ্ঠিত কৰিবলৈ সকলো প্ৰস্তুতি পূৰ্ণ গতিত চলি আহিছে।

author-image
Asomiya Pratidin
New Update
"চাওবিন ক্ষেত্ৰ"ত  শতবৰ্ষীয় বৰগোহাঞি বংশাৱলীৰ পূৰ্ণাংগ অধিৱেশনৰ  প্ৰস্তুতি

ডিজিটেল সংবাদ, চৰাইদেউঃ অহা ২৭, ২৮ আৰু ২৯ জানুৱাৰীত তিনিদিনীয়াকৈ বর্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰ জিলাৰ নাজিৰা মেছাগড়ত অনুষ্ঠিত হ’ব সদৌ বৰগোহাঞি বংশাৱলীৰ শতবৰ্ষীয় পূৰ্ণাঙ্গ অধিৱেশন। মেছাগড়, মাদুৰি আৰু মঠিয়াছিগা বাসীৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া শতবৰ্ষীয় অধিৱেশনখনি সুকলমে অনুষ্ঠিত কৰিবলৈ সকলো প্ৰস্তুতি পূৰ্ণ গতিত চলি আহিছে।

Advertisment

ইতিমধ্যে উদযপন সমিতিয়ে নাজিৰাৰ মেছাগড় তিনিআলিৰ "চাওবিন ক্ষেত্ৰ" নামাকৰণে মুকলি পথাৰত বৃহৎ মণ্ডপ সাজু কৰি তোলাৰ লগতে বিভিন্ন বিভাগৰ উপ- সমিতিয়ে দিনে-ৰাতিয়ে অধিৱেশনৰ কাম-কাজ চলাই অহা পৰিলক্ষিত হৈছে ৷ ইপিনে অধিৱেশনলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ- বিদেশীত থকা বংশধৰ আৰু অতিথিবৃন্দ আদৰিবলৈ উদ্যোক্তাসকলে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে ৷

অধিৱেশনখনিৰ প্ৰথম দিনা পুৱা সদৌ বৰগোহাঞি বংশাবলীৰ কেন্দ্রীয় সমিতিৰ সভাপতি মুহি বৰগোহাঞি, শতবর্ষীয় বৰগোহাঞি বংশাবলীৰ পূর্ণাঙ্গ অধিবেশনৰ উদযাপন সমিতিৰ সভাপতি ড° দয়ানন্দ বৰগোহাঞি আৰু এশজন জ্যেষ্ঠ বৰগোহাঞি বংশধৰে পৃথকে পৃথকে পতাকা উত্তোলন কৰিব। ইয়াৰ পাছত পৰ্যায়ক্ৰমে মৈদাম তর্পন , থাও ম্যুঙ কাঙ্গন স্মৃতি উদ্যান উদ্বোধন, নাম প্রসঙ্গ, বান-ফী, সাত গৰাকী পুথাওৰ স্মৃতিত গছ পুলি ৰোপন, মুখ্য তোৰণ উদ্বোধন হ'ব।

দিনৰ ১১ বজাত শিবিৰ উদ্বোধন, মহীয়সী জয়মতী স্মৃতি উদ্যান উদ্বোধনৰ পাছত গ্রন্থমেলা, প্রদর্শনী আৰু বাণিজ্য মেলা উদ্বোধন হ'ব। ইয়াৰ পাছতে সদৌ বৰগোহাঞি বংশাৱলীৰ প্রাক্তন যুটীয়া সম্পাদক তথা বিশিষ্ট সমাজকর্মী নিৰঞ্জন বৰগোহাঞিয়ে কথাশিল্পী হোমেন বৰগোহাঞি সোঁৱৰণী মঞ্চ উদ্বোধন কৰিব। দিনৰ ১২ বজাত বংশলতিকা, স্মৃতিগ্রন্থ আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হ'ব। সন্ধিয়া লাইথেপেনা বৰগোহাঞি মৈদামত বন্তি প্রজ্বলন আৰু বৰগোহাঞি বংশধৰৰ গৃহত বন্তি প্রজ্বলনৰ পাছত প্রতিনিধি সভা আৰু সাংস্কৃতিক অনুষ্ঠানৰে প্ৰথম দিনৰ কাৰ্যসূচী অন্ত পৰিব। দ্বিতীয় দিনা পুৱা নাম প্রসঙ্গৰ পাছত তর্পন অনুষ্ঠান ফুৰালুং অনুষ্ঠিত হ'ব। ইয়াৰ পাছত কথাশিল্পী হোমেন বৰগোহাঞিৰ জীৱন আৰু কৃতি শীর্ষক ৰাজ্যিক ভিত্তিত বক্তৃতা প্রতিযোগিতা অনুষ্ঠিত হ'ব।

দিনৰ ১২.৩০ বজাত 'যুগ সন্ধিক্ষণৰ অসম আৰু থলুৱা অসমীয়াৰ ভৱিষ্যৎ' শীৰ্ষক এক আলোচনা চক্র অনুষ্ঠিত হ'ব। এয়া উদ্বোধন কৰিব যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচার্য ড° অজন্তা বৰগোহাঞি ৰাজকোঁৱৰে আৰু সঞ্চালনা কৰিব ড° দয়ানন্দ বৰগোহাঞিয়ে। ইয়াত মুখ্য আলোচক হিচাপে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গবেষক ড° গিৰিণ ফুকন আৰু আলোচক হিচাপে জাঁজী হেমনাথ শৰ্ম্মা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° প্রাঞ্জল প্রতীম বড়াই অংশগ্ৰহণ কৰিব। সন্ধিয়া বন্তি প্রজ্বলনৰ পাছত অনুষ্ঠিত হ'ব লগা যুৱ সম্মিলন উদ্বোধন কৰিব সাংবাদিক নিতুমণি শইকীয়াই।

টাই আহোম উন্নয়ন পৰিষদ, অসমৰ অধ্যক্ষ ময়ূৰ বৰগোহাঞিৰ সঞ্চালনাত সন্মিলনখনিত অংশগ্রহণকৰিব ক্ৰমে জিএনআৰচিৰ উপ-সঞ্চালক ড° উন্মনা বৰগোহাঞি, জ্যেষ্ঠ বিজ্ঞানী ড° অৰূপ বৰগোহাঞি, যুব উদ্যোগী তথা সমাজকর্মী প্রিয়াংশু বৰগোহাঞি, ৰাজ্যিক ড্রাগছ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদৰ উপাধ্যক্ষ জিতু বৰগোহাঞিকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি, খেলুৱৈ আৰু যুৱ সংগঠনৰ নেতৃবৃন্দই।সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আৰু মহীয়সী জয়মতী শীৰ্ষক নাট মঞ্চস্থ হ'ব। অধিৱেশনখনিৰ অন্তিম দিনা পুৱা নাম প্রসঙ্গ, তর্পন অনুষ্ঠান : জা-চিং-ফা সম্পন্ন হোৱাৰ পাছত ৯.৩০ বজাত মেছাগড় চাওবিন ক্ষেত্ৰৰ পৰা জয়সাগৰ, শিৱসাগৰ, গড়গাঁও আৰু নাজিৰা নগৰ হৈ পুনৰ ক্ষেত্ৰস্থলীলৈ সাংস্কৃতিক শোভাযাত্রা আৰম্ভ হ'ব।

দুপৰীয়া ১২.৩০ বজাত সদৌ বৰগোহাঞি বংশাবলীৰ কেন্দ্রীয় সমিতিৰ সভাপতি মুহি বৰগোহাঞিৰ সভাপতিত্বত শতবর্ষীয় বৰগোহাঞি বংশাবলীৰ পূর্ণাঙ্গ অধিবেশনৰ মুকলি সভা অনুষ্ঠিত হ'ব। ইয়াত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা আৰু সম্মানীয় অতিথি হিচাপে আহোম ৰাজপৰিয়ালৰ প্রতিনিধি অশোক নাৰায়ণ সিংহ উপস্থিত থাকিব। সভাখনিত নির্দিষ্ট বক্তা হিচাপে প্রাক্তন উপাচার্য অলক কুমাৰ বুঢ়াগোহাঞি, বিশিষ্ট অতিথি হিচাপে সাংবাদিক ৰাজদ্বীপ বাইলুঙ বৰুৱা বুৰঞ্জীবিদ পদ্মশ্রী ড° যোগেন্দ্র নাথ ফুকন, বিশিষ্ট সমাজকর্মী গংগা প্রসাদ বৰগোহাঞি, পূর্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি অতুল ফুকন, সদৌ বৰপাত্র গোহাঞি বংশাবলীৰ সভাপতি জিতেন বৰপাত্র গোহাঞি, আহোম সভাৰ সভাপতি সুশাংক নেওগ, সদৌ বুঢ়াগোহাঞি বংশাবলীৰ সাধাৰণ সম্পাদক ৰঞ্জন বুঢ়াগোহাঁই, অইল ইণ্ডিয়াৰ মুখ্য মহা প্রবন্ধক ত্রৈলোক্য বৰগোহাঞি আৰু মহন, দেওধাই, বাইলঙ সম্মিলনৰ সভাপতি ৰোহিনী মহন উপস্থিত থাকিব। সন্ধিয়া বন্তি প্রজ্বলনৰ পাছতে বৰগোহাঞি বংশৰ মন্ত্রী গোবিন বৰগোহাঞিৰ নামত উৎসর্গিত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ।

Also Read: আজি নেতাজীৰ ১২৭ সংখ্যক জন্মজয়ন্তী

borgohain family sivasagar choraideu