/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/b5039dc5-36ae-44e6-9467-098a69d63747/charaideo.jpg)
ৰঙালী বিহু সন্মিলনৰ ব্যাপক প্ৰস্তুতি
ডিজিটেল সংবাদ, চৰাইদেউঃ অহা ৬ আৰু ৭ মে’ত চৰাইদেউ জিলাৰ মাইবেলা কৃষিপাম সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত ১০১নং গ্ৰান্ট মাইবেলাবাসী ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৰঙালী বিহু সন্মিলন ।
দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত হ’বলগীয়া সন্মিলনখনৰ ব্যাপক প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে ।
ইতিমধ্যে গ্ৰামাঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৷ আয়োজক সমিতিয়ে শ্ৰমদানৰে মঞ্চ, তোৰণকে মূল মণ্ডপ সাজু কৰি তুলিছে ৷
উদযাপন সমিতিৰ সভাপতি প্ৰদীপ বুঢ়াগোঁহাইয়ে জানিবলৈ দিয়া মতে, সন্মিলনীৰ প্ৰথম দিনা পুৱা বিহুৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণৰ পিচতেই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হব ৷
শুভাযাত্ৰাৰ পাছতেই কণী যুঁজ প্ৰতিযোগিতা আৰু দুপৰীয়া মৌ-কুঁৱৰী ঢোল, পেপা,গগণাবাদন প্ৰদৰ্শন কৰা হব । দ্বিতীয় দিনা বিহু সন্মিলনৰ সৈতে সংগতি ৰাখি চিত্ৰাংকন, বিহুৱান, পিঠাপনা প্ৰতিযোগিতা অনুষ্ঠিত হব ৷
সন্ধিয়ালৈ আমন্ত্ৰিত হুঁচৰি আৰু জেংবিহু দলে বিহু প্ৰদৰ্শন কৰিব ৷ নিশালৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব বুলি জনাইছে আয়োজক সমিতিয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/8c9059e1-4ef0-4d52-a74b-6a14071d5aec/48d98ccf_dbf3_4bd9_8176_6b549ef79319.jpg)
Also Read: অগ্নিগৰ্ভা মণিপুৰ, সহায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ টুইট মেৰী কমৰ...