
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় "ৰঙালী বিহু" অনুষ্ঠান ।
বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত সতী ৰাধিকা স্মৃতি ক্ষেত্ৰৰ নৈসৰ্গিক পৰিৱেশত অনুষ্ঠিত কাৰ্যসূচীৰ পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ অনুষ্ঠিত হয় ।
শোভাযাত্ৰাৰ পাছত ১ বজাত চিত্ৰাংকন, পিঠা পনা প্ৰতিযোগিতাত, বিভিন্ন পৰম্পৰাগত খেল ধেমালী, ডিজিটেল কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।
সন্ধ্যা আৰম্ভ হোৱা সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা নিশা ১১ বজাত সামৰণি পৰে ।
সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে শিৱসাগৰৰ জাঁজী বিহুৱা দলে, দ্বিতীয় স্থান লাভ কৰে কলিয়াবৰৰ ফ্ৰেইণ্ডশ্বিপ ক্লাৱ বিহুৱা দলে, তৃতীয় স্থান লাভ কৰে গহপুৰৰ পাঞ্চজন্য বিহুৱা দলে ।
লগতে ব্ৰহ্মপুত্ৰ বিহুৱা দল জখলাবন্ধাৰ পৰা শ্ৰেষ্ঠ ঢুলীয়া নিৰ্বাচিত হয়, শ্ৰেষ্ঠ বিহুৱা গগনা বিহুৱা দল মৰিগাঁৱৰ আৰু শ্ৰেষ্ঠা নাচনী ধনচেং মুকলি বিহুৱা দল মৰিগাঁৱে লাভ কৰে বুলি উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি জোনমণি ভূঞা আৰু সম্পাদক সুনীল বৰুৱাই জানিবলৈ দিয়ে।