ডিজিটেল সংবাদ, শিৱসাগৰ : কেন্দ্ৰীয় লোকসেৱা আয়োগে ঘোষণা কৰা সংযুক্ত ভূ-বিজ্ঞানী পৰীক্ষা, ২০২৩ বৰ্ষৰ চূড়ান্ত ফলাফলত শিৱসাগৰৰ সন্তান প্ৰণয় তামুলীয়ে সুখ্যাতিৰে উতীৰ্ণ হৈ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ শুকুৰবাৰে নিশা পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতেই শিৱসাগৰৰ জনসাধাৰণে আনন্দ প্ৰকাশ কৰে ৷
বিভিন্ন ব্যক্তি তথা দল সংগঠনৰ বিষয়ববীয়াই মেধাৱী ছাত্ৰজনক অভিনন্দন জনায় ৷ শিৱসাগৰীয়া সন্তান প্ৰণয় তামুলীয়ে সৰ্বভাৰতীয় পৰ্যায়ত ৬৯ সংখ্যক স্থান লাভ কৰি জিঅ’লজিকেল ছাৰ্ভে অব ইণ্ডিয়াত (জি এছ আই) ভূ-বিজ্ঞানীৰূপে নিযুক্তি লাভৰ বাবে নিৰ্বাচিত হয় ৷
উল্লেখ্য যে ঐতিহাসিক ৰংঘৰৰ সমীপৰ জোনাকী নগৰৰ বাসিন্দা টংকেশ্বৰ তামুলী আৰু অণু তামুলীৰ একমাত্ৰ সন্তান প্ৰণয় তামুলী ৷ পিতৃ টংকেশ্বৰ তামুলী অইল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত বিষয়া ৷
চাকৰিসূত্ৰে তেওঁ পৰিয়াল সহিতে সুদীৰ্ঘকাল দুলীয়াজানত আছিল ৷ যাৰ বাবে প্ৰণয় তামুলীয়ে দুলীয়াজানস্থিত দিল্লী পাব্লিক স্কুলত অধ্যয়ন কৰিছিল ৷ দিল্লীত পাব্লিক স্কুলৰ পৰা দশম আৰু দ্বাদশ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উতীৰ্ণ হৈ কটন বিশ্ববিদ্যালয়ৰ পৰা ভূতত্ব বিজ্ঞান বিভাগৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ৷ পৰৱৰ্তী সময়ত মেধাৱী ছাত্ৰজনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত সুখ্যাতিৰে উতীৰ্ণ হয় ৷
২০২৩ চনৰ ২০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় লোকসেৱা আয়োগে অনুষ্ঠিত অনুষ্ঠিত কৰা সংযুক্ত ভূ বিজ্ঞানীৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰণয় তামুলী উতীৰ্ণ হয় ৷ যোৱা ২৪ আৰু ২৫ জুনত অনুষ্ঠিত হোৱা মূল পৰীক্ষাত তেওঁ অৱতীৰ্ণ হৈছিল ৷
১৯০ টা পদৰ বাবে প্ৰাৰ্থী বাচনি কৰা এই পৰীক্ষাত প্ৰণয় তামুলীয়ে সৰ্বভাৰতীয় পৰ্যায়ত ৬৯ স্থান অধিকাৰ কৰে ৷ আজি সন্ধিয়া অসম উন্নতি সভাৰ সাধাৰণ শৰৎ হাজৰিকাই প্ৰণয় তামুলীক অভিনন্দন জনায় ৷
প্ৰণয় তামুলীয়ে মাজুলী সহিতে অসমৰ গৰাখহনীয়া ৰোধৰ বাবে গৱেষণা কৰাৰ হেঁপাহ পুহি ৰখাৰ কথা ব্যক্ত কৰে ৷ চাকৰিৰ মাজতেই এই বিষটোত পি এইচ ডি কৰাৰ প্ৰচেষ্টা চলাব বুলি প্ৰণয় তামুলীয়ে মন্তব্য কৰে ৷