পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত স্কুলীয়া ছাত্ৰী : গতিৰোধকৰ বাবে জনোৱা আহ্বানৰ প্ৰতি নাই সঁহাৰি

আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন জব্দ কৰিছে।
পথ দুৰ্ঘটনাত বেবেজীয়া জামুগুৰি যুৱকৰ মৃত্যু...
পথ দুৰ্ঘটনাত বেবেজীয়া জামুগুৰি যুৱকৰ মৃত্যু...road accident

ডিজিটেল সংবাদ,কোকৰাঝাৰ : বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত শনিবাৰে এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী তীব্ৰবেগী গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হয়। আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকী বঙাইগাঁৱৰ এখন নাৰ্ছিংহোমত জীৱন মৃত্যুৰ সতে যুঁজি থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দুৰ্ভগীয়া ছাত্ৰীগৰাকী ৭১০ নং ডাব্লেগাঁও প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত। তেওঁৰ বয়স মাত্ৰ ৮ বছৰ। জানিব পৰামতে, আজি বিদ্যালয় ছুটীৰ পিছত ঘৰলৈ যোৱাৰ উদ্দেশ্যৰে ৰাস্তা পাৰ হ'বলৈ ধৰোতেই কোকৰাঝাৰৰ পৰা কাৰিগাঁও অভিমুখী তীব্ৰবেগী এ এচ ১৬ ই ৫১৩৫ নম্বৰৰ মাৰুতী চুইফট গাড়ীখনে কণমানিজনীক প্ৰচণ্ড জোৰে খুন্দা মাৰে।

ফলত দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীগৰাকী গুৰুতৰভাৱে আহত হয় । তীব্ৰবেগী গাড়ীৰ খুন্দাত তেওঁ মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ লগতে সোঁভৰিৰ হাড় ভাঙি বাহিৰলৈ ওলাই আহে । বিদ্যালয়ৰ প্ৰায় সন্মুখতে সংঘটিত হোৱা উক্ত দুৰ্ঘটনাৰ ফলত মুহূৰ্ততে হাহাকাৰ লাগে আৰু বিদ্যালয়ৰ শিক্ষয়িত্ৰীদ্বয়ে ততাতৈয়াকৈ কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰায়।

অৱস্থাৰ জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি আৰ এন বি চিকিৎসালয়ৰ পৰা কোকৰাঝাৰৰ এখন ব্যক্তিগতখণ্ডৰ নাৰ্ছিংহোমত ভৰ্তি কৰা হয় যদিও পিছত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত বঙাইগাঁৱৰ এখন ব্যক্তিগতখণ্ডৰ হস্পিতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান শিশুগৰাকী চিকিৎসালয়ত জীৱন -মৃত্যুৰ সতে যুঁজি হৈ আছে।

উল্লেখ্য যে ৭১০ নং ডাব্লেগাঁও প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত স্থানীয় ৰাইজে বহুদিনৰ পৰা গতিৰোধকৰ দাবী জনাই আহিছে যদিও প্ৰশাসনে গতিৰোধক নিদিয়াত উক্ত ঠাইত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে । আজিৰ দুৰ্ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে আৰু জেডি ৰোডৰ দৰে ব্যস্ত পথৰ কাষত থকা বিদ্যালয়সমুহত গতিৰোধক দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে।

ইপিনে দুৰ্ঘটনাৰ পিছতে ছাত্ৰীগৰাকীৰ মাতৃ দাংগী মাৰ্ডীয়ে কাৰিগাঁও উপ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। আনহাতে আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন জব্দ কৰিছে।

পথ দুৰ্ঘটনাত বেবেজীয়া জামুগুৰি যুৱকৰ মৃত্যু...
সাহিত্য-সংস্কৃতিৰ বাৰেৰহণীয়া কাৰ্যসূচীৰে ৬৩ সংখ্যক বাৰ্ষিক বড়ো সাহিত্য সভাৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in