চলাপথাৰত পয় চাংকেন উৎসৱ পালন...

অসমীয়া জাতিৰ আয়ুসৰেখা ব’হাগ বিহুৰ সামান্তৰালকৈ অনুষ্ঠিত হয় "পয় চাংকেন"। অসমৰ লগতে অৰুণাচলত কেইটিমান সৰু সৰু তাই জনগোষ্ঠী তাই ফাকে, তাই খাময়াং, তাই আইতন, তাই তুৰুং, তাই খামটিৰ লগতে চিংফৌ সকলে প্ৰতিবছৰৰ দৰে এইবেলিয়েও উদযাপন কৰে "পয় চংকেন" উৎসৱ

author-image
Asomiya Pratidin
New Update
চলাপথাৰত পয় চাংকেন উৎসৱ পালন...

ডিজিটেল সংবাদ, চৰাইদেউঃ অসমীয়া জাতিৰ আয়ুসৰেখা ব’হাগ বিহুৰ সামান্তৰালকৈ অনুষ্ঠিত হয় "পয় চাংকেন"। অসমৰ লগতে অৰুণাচলত কেইটিমান সৰু সৰু তাই জনগোষ্ঠী তাই ফাকে, তাই খাময়াং, তাই আইতন, তাই তুৰুং, তাই খামটিৰ লগতে চিংফৌ সকলে প্ৰতিবছৰৰ দৰে এইবেলিয়েও উদযাপন কৰে "পয় চংকেন" উৎসৱ ৷

চলিত বৰ্ষৰ চ'ত মাহৰ শেষ দিন অৰ্থাত গৰু বিহু দিনাৰ পৰা বহাগৰ ২য় দিনটোলৈকে পালন কৰে এই উৎসৱ । এই উপলক্ষে চৰাইদেউ জিলাৰ মথুৰাপুৰ সমীপৰ চলাপথাৰ গাঁৱত অৱস্থিত বৌদ্ধ বিহাৰত পয়চাংকেন উৎসৱ পালন কৰা হয় ৷

বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ পয়চাংকেন উৎসৱত অংশগ্ৰহণ কৰে বিদেশী পৰ্যটকেও ৷ ইউৰোপ মহাদেশৰ অতিথিৰ উপস্থিতিয়ে দুগুণে বৃদ্ধি কৰিছে উৎসৱৰ আনন্দ উল্লাস।

Also Read: হিন্দুত্ব বিৰোধী মন্তব্য কৰি ভাৰতীয় নাগৰিকত্ব হেৰুৱালে অভিনেতাই...

পয় চাংকেন চৰাইদেউ