চৰাইদেউত পোষণ মাহৰ সামৰণি অনুষ্ঠান

চৰাইদেউত পোষণ মাহৰ সামৰণি অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
চৰাইদেউত পোষণ মাহৰ সামৰণি অনুষ্ঠান

ডিজিটেল সংবাদ,চৰাইদেউ: শনিবাৰে চৰাইদেউ জিলাত সমাজ-কল্যাণ বিভাগৰ অধীনত চলি থকা পোষণ মাহৰো সামৰণি অনুষ্ঠান সম্পন্ন হয়। ইয়াৰ অন্তৰ্গত জিলাখনৰ মুঠ ৪টা আই চি ডি এচ প্ৰকল্পৰ ভিতৰত সাপেখাতী আই চি ডি এচ প্ৰকল্পই 'পোষণ ৱাটিকা' শিতানত ৰাজ্যৰ ভিতৰতে শ্ৰেষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হয়।

Advertisment

জিলাখনৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে প্ৰস্তুত কৰা বিবিধ প্ৰকাৰৰ খাদ্য-সম্ভাৰ আৰু শিশুৰ উপযোগী শ্ৰেণীকোঠাৰ প্ৰয়োজনীয় খেলনা আৰু আৰ্হিৰ এখন প্ৰদৰ্শনীৰ দুৱাৰ মুকলি কৰে জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে ।

আয়ুক্তগৰীয়ে জিলাখনলৈ সুনাম কঢ়িয়াই অনা সাপেখাতী আই চি ডি এচক শ্ৰেষ্ঠতাৰ বঁটা প্ৰদান কৰে। উক্ত অনুষ্ঠানত আয়ুক্তৰ লগতে চৰাইদেউৰ অতিৰিক্ত আয়ুক্তসকল, সোণাৰিৰ উপ- সংমণ্ডল বিষয়া তথা জিলা সমাজ কল্যাণ বিষয়া শ্ৰাৱনা সোণোৱাল , শিশু কল্যাণ প্ৰকল্প বিষয়াসকলৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

Also Read: এছিয়াডত ইতিহাস : পেৰিছ অলিম্পিকলৈ 'লৌহকন্যা' লাভলীনা..

Saraideu