/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/de8294ea-9dbb-4565-b2a1-e9eb8812af8c/88.jpg)
ডিজিটেল সংবাদ, চৰাইদেউঃ শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে চৰাইদেউ চলাপথাৰ শ্যাম গাঁৱত ড° শাসনবংশ মহাথেৰাৰ "পয় লেং" উৎসৱ ৷ চৰাইদেউ চলাপথাৰ শ্যাম গাঁৱত চলিছে উৎসৱৰ ব্যাপক প্ৰস্তুতি ৷ উত্তৰ-পূৱ ভাৰতৰ লগতে এক লাখ বৌদ্ধধৰ্মীয় লোকৰ সমাৱেশ ঘটিব "পয় লেং" উৎসৱলৈ ।
প্ৰায় ৩০ বিঘা মুকলি পথাৰত এই উৎসৱৰ উদযাপনৰ কাম চলিছে । ইতিমধ্যে উদযাপন সমিতিয়ে ৯০ শতাংশ কাম সম্পন্ন কৰা লগতে দুশ ফুট দীঘল বিশাল মণ্ডপ, পঞ্চাছ ফুট দীঘল এখন ৰথ, ভোজনালয়, গ্ৰন্থ আৰু বাণিজ্য বিপনী.তোৰণসহ আটকধুনীয়াকৈ উদযাপনস্থলী সজাইপৰাই সাজু কৰি তুলিছে ৷ এই অনুষ্ঠানটোত দক্ষিণ কোৰিয়া , থাইলেণ্ড, ম্যানমাৰ আৰু চীনৰ অতিথিয়ে অংশগ্ৰহণ কৰিব ৷
Also Read: ৰঙিয়াত বিজেপিৰ বৰ্দ্ধিত কাৰ্যনিবাহক সভা সম্পন্ন...