ৰঙিয়াত বিজেপিৰ বৰ্দ্ধিত কাৰ্যনিবাহক সভা সম্পন্ন...

ৰঙিয়াত বিজেপিৰ বৰ্দ্ধিত কাৰ্যনিবাহক সভা সম্পন্ন...
ৰঙিয়াত বিজেপিৰ বৰ্দ্ধিত কাৰ্যনিবাহক সভা সম্পন্ন...

ডিজিটেল সংবাদ ৰঙিয়াঃ ৰঙিয়াত আজি ভাৰতীয় জনতা পাৰ্টীৰ এক বৰ্দ্ধিত কাৰ্যনিবাহক সভা অনুষ্ঠিত হয়। ৰঙিয়া সমষ্টিৰ অন্তৰ্গত কনিহাৰ নৱনিৰ্মিত তৰুণ সংঘ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতা ।‌

মূলতঃ মণ্ডল পৰ্য্যায়ত দলৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ লক্ষ্যৰে কাৰ্যনিৰ্বাহক সভাখনৰ উদ্দেশ্য বুলি সভাপতি কলিতাই উল্লেখ কৰে। তদুপৰি সভাপতিগৰাকীয়ে বৰ্দ্ধিত কাৰ্যনিবাহক সভাত ৰঙিয়া নগৰ মণ্ডল, পূৱপাৰ মণ্ডলৰ লগতে ৰঙিয়া বৰলীয়া ব্লক মণ্ডলৰ যৌথ উদ্যোগত অনুষ্ঠিত সভাখনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জনকল্যাণ আচঁনিৰ আলোকপাত পাত কৰাৰ উপৰিও ৩ আৰু ৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোডীৰ আগমনক লৈ দলীয় কাৰ্যকৰ্তা সৈতে এক বৈঠকত মিলিত হয়।

আজিৰ এই সভাত বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি সুৱল পাল, পূৱপাৰ মণ্ডলৰ সভাপতি মানৱেন্দ্ৰ কলিতাকে ধৰি দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে ।

ৰঙিয়াত বিজেপিৰ বৰ্দ্ধিত কাৰ্যনিবাহক সভা সম্পন্ন...
পঞ্চমবাৰৰ বাবে ইডিৰ চমন আওকাণ কেজৰিৱালৰঃ ক'লে তেওঁক গ্ৰেপ্তাৰ কৰিব বিচাৰে মোডীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in