থাওৰাত বিশাল জনসভা সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ: ৩ লাখ ভোটৰ ব্যৱধানত ভূপেন বৰাক পৰাস্ত কৰাৰ হুংকাৰ...

থাওৰাত বিশাল জনসভা সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ: ৩ লাখ ভোটৰ ব্যৱধানত ভূপেন বৰাক পৰাস্ত কৰাৰ হুংকাৰ...
থাওৰাত বিশাল জনসভা সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ: ৩ লাখ ভোটৰ ব্যৱধানত ভূপেন বৰাক পৰাস্ত কৰাৰ হুংকাৰ...

ডিজিটেল সংবাদ শিৱসাগৰঃ শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ অন্তৰ্গত নিতাই পানী দিহিং মণ্ডলত সোমবাৰে আয়োজিত বিজেপি দলৰ এখনি জনসভা সম্বোধন কৰে ৰাজ্যৰ জলসম্পদ, জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই। অনুষ্ঠানত বিগত উপ-নিৰ্বাচনত প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি জল সম্পদ বিভাগৰ পৰা থাওৰাৰ বান সমস্যাকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে ৩৪ কোটি টকা মুকলাই দিবলৈ সক্ষম হোৱাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।

নাৱাৰ্ডৰ পুঁজিৰে ৰূপায়ণ হ'ব লগা থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ককিলামাৰী শনিবৰীয়া বজাৰ এলেকাত ব্ৰহ্মপুত্ৰ নদীৰ গড়াখহনীয়া প্ৰতিৰোধ আঁচনিখনৰ আজি আধাৰশিলা স্থাপন কৰে মন্ত্ৰী হাজৰীকাই। ৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব লগা এই আঁচনিখনৰ জৰিয়তে নদীখনৰ খহনীয়া প্ৰতিৰোধ কৰি কাষৰীয়া ৰাইজক সকাহ দিব পৰা যাব বুলি ৰাজহুৱা সভাত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

অনুষ্ঠানত বিভিন্নজনে কেইবাটাও সমস্যা লিখিতভাৱে মন্ত্ৰী হাজৰীকাক প্ৰদান কৰে। উক্ত বিষয়সমূহ বিধায়ক সুশান্ত বৰগোঁহাই আৰু সাংসদ তপন গগৈৰ সৈতে আলোচনা কৰি সমাধান কৰা হ'ব বুলি ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

অনুষ্ঠানত মন্ত্ৰী হাজৰীকায় কয়, সাধাৰণতে ৰাজনৈতিক নেতাই নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰি পিছত পলাই ফুৰে। কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ ৰাইজৰ বাবে আখৰে আখৰে পালন কৰে।

নিৰ্বাচনৰ সময়ছোৱাত দিয়া ১ লাখ চৰকাৰী নিযুক্তিৰ প্ৰতিশ্ৰুতি অনুসৰিয়েই ৰাজ্য চৰকাৰে ইতিমধ্যে ৮৭ হাজাৰ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিছে। এই কথা উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয়, কোনোধৰণৰ টকা-পইচা নিদিয়াকৈ নিকাভাৱে আগন্তুক আঢ়ৈ বছৰত আৰু ৪৫ হাজাৰ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব।নিৰ্বাচনী প্ৰতিশ্ৰুতিতকৈ ৩৫ হাজাৰ অতিৰিক্ত নিবনুৱা যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিব।- মন্ত্ৰী হাজৰীকাই কয় এইদৰে।

নিৰ্বাচনৰ আন এক প্ৰতিশ্ৰুতি অনুসৰি মহিলাৰ মাইক্ৰ' ফাইনেঞ্চৰ ঋণ মাফৰ বাবে বেংকসমূহক প্ৰায় ২১০০ কোটি টকা ৰাজ্য চৰকাৰে ঘূৰাই দিছে। অসমৰ লাখ লাখ অৰোণোদয় আঁচনি লাভ কৰা মহিলাক উদ্দিশ্য কয়, অতি সোনকালে আঁচনিৰ ধন ১৪৫০ টকালৈ বৃদ্ধি কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে কয়।

লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি অনুসৰি নতুনকৈ ৬ লাখ মহিলাক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ'ব বুলিও জনায়। আনহাতে অসমৰ স্বাস্থ্য খণ্ডৰ কথা উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয়, বিগত ৭০ বছৰত কংগ্ৰেছ চৰকাৰৰ দিনত অসমত মাত্ৰ ৬ খন মেডিকেল কলেজ আছিল। বিজেপি চৰকাৰৰ দিনত অসমত মেডিকেল কলেজ ১২ খনলৈ বৃদ্ধি পালে।বৰ্তমানেও ৰাজ্যত আৰু ১২খন মেডিকেল কলেজৰ কাম পূৰ্ণগতিত চলি আছে। থাওৰাৰ মছকৰাটো অঞ্চলবাসীৰ বাবেও এখন মেডিকেল কলেজ স্থাপন কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাতেই অসমত কৃষকক নূন্যতম সমৰ্থন মূল্যৰ ব্যৱস্থা প্ৰবৰ্তন কৰাৰ কথা উল্লেখ কৰি তেওঁ কয়, এতিয়া ৰাজ্যৰ কৃষকসকলে ধানৰ উকৃষ্ট মূল্য লাভ কৰিছে।

বিজেপি চৰকাৰৰ দিনতেই মহিলা আত্মসহায়ক গোটৰ ৪ লাখ মহিলাক ২৫ হাজাৰকৈ টকা দিয়াৰ ব্যৱস্থা কৰা হৈছিল। এইবাৰ প্ৰতিটো আত্মসহায়ক গোটক ১ লাখ ১০ হাজাৰকৈ আৰ্থিক অনুদান দিয়া হ'ব। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে অসমৰ ২ লাখ যুৱক-যুৱতীক ১ লাখৰ পৰা ৫ লাখ টকালৈকে আৰ্থিক সকাহ দিয়াৰ ব্যৱস্থাও কৰাৰ কথা ঘোষণা কৰে হাজৰীকায়।

সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দিনতেই দেশৰ আৰ্থিক অৱস্থা পৰ্যায়ক্ৰমে ভাল হৈ গৈ আছে বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকায়। দেশৰ উন্নয়নৰ স্বাৰ্থত নৰেন্দ্ৰ মোডীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধামন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিবলৈ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি দলক ভোট প্ৰদান কৰিবলৈ অনুৰোধ জনায় মন্ত্ৰীগৰাকীয়ে।

ইফালে কংগ্ৰেছ চৰকাৰৰ দিনত দৰিদ্ৰ জনতাক তিনি টকাত চাউল প্ৰদান কৰা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয়, বিজেপি চৰকাৰে ৭০ লাখ পৰিয়ালক বিনামূলীয়াকৈ চাউল যোগান ধৰিছে। মিছন বসুন্ধৰা আঁচনিৰ অধীনত অসমৰ সকলো খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদান কৰা হ'ব বুলিও মন্তব্য কৰে তেওঁ।

নিজৰ ভাষণত তেওঁ অসম লোক সেৱা আয়োগৰ কথাও উল্লেখ কৰে। তেওঁ কয়, বিজেপি চৰকাৰ দিনতে কোনোধৰণৰ টকা-পইচাৰ লেনদেন নোহাৱাকৈ নিকাভাৱে অসম লোকসেৱা আয়োগত ৰাজ্যৰ বহু মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে চাকৰি লাভ কৰিছে।

কংগ্ৰেছক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ভূপেন বৰা এজন লুভীয়া মানুহ। লোভেই পাপ, পাপেই মৃত্যু। কাজিৰঙা লোকসভা সমষ্টিত যদি ভূপেন বৰাই প্ৰতিদ্বন্দিতা কৰে ৩ লাখ ভোটৰ ব্যৱধানত চতুৰ্থবাৰৰ বাবে নিৰ্বাচনত পৰাজয় বৰণ কৰিব। আগন্তুক নিৰ্বাচনত ভূপেন বৰা ৰাজনৈতিকভাৱে মৃত্যু হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই।

এই সভাত সাংসদ তপন কুমাৰ গগৈ, বিধায়ক সুশান্ত বৰগোহাঁই, দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী, জিলা বিজেপিৰ সভাপতি ময়ুৰ বৰগোহাঁই সহিতে ৰাজ্যিক, জিলা, মণ্ডল, বুথৰ কাৰ্যকৰ্তা সহিতে ৰাইজ উপস্থিত থাকে।

থাওৰাত বিশাল জনসভা সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ: ৩ লাখ ভোটৰ ব্যৱধানত ভূপেন বৰাক পৰাস্ত কৰাৰ হুংকাৰ...
মণিপুৰত সোমবাৰে পুনৰ দুজনে হেৰুৱালে প্ৰাণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in