সূতা-কম্বলৰ পাৰ্টিক ভোট দিলে ভোট নষ্ট হ’ব : মন্ত্ৰী পীযুষ

সূতা-কম্বলৰ পাৰ্টিক ভোট দিলে ভোট নষ্ট হ’ব : মন্ত্ৰী পীযুষ

ডিজিটেল সংবাদ,শিৱসাগৰ : "অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কিবা এটা কয় সকলোৱে বিশ্বাস কৰে ৷ তেওঁ যদি কয় যে এইটো কাম মই কৰিম, তেওঁ কৰি দিবই ৷ তেওঁৰ প্ৰতি মানুহৰ বিশ্বাস আছে ৷" এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷

শিৱসাগৰ বিধানসভা সমষ্টিৰ কোঁৱৰপুৰ মণ্ডলৰ অফলা মুৰংঘৰ প্ৰাংগণত শনিবাৰে এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি এইদৰে মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ ভাষণত তেওঁ অহা ডেৰ বছৰত অসমত যিমান মানুহৰ ৰেচন কাৰ্ড আছে, সকলো মানুহকে অৰুণোদয় দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷

সূতা-কম্বলৰ পাৰ্টি বুলি কংগ্ৰেছক আজি পুনৰ আক্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, সূতা-কম্বলৰ পাৰ্টি কংগ্ৰেছে এইবিলাক একো দিয়া নাছিল ৷ গতিকে সূতা-কম্বলৰ পাৰ্টিক ভোট দিলে ভোট নষ্ট হ’ব বুলি তেওঁ কয় ৷ তেওঁ কয় যে অসমত আমি বিগত দুবছৰত ১১০০ কিলোমিটাৰ মথাউৰি পকী কৰিলো, ৰাস্তা-ঘাট উন্নত কৰিলো ৷ কংগ্ৰেছ চৰকাৰৰ দিনত এনেকুৱা কাম হৈছিল নেকি বুলি তেওঁ উপস্থিত ৰাইজক প্ৰশ্ন কৰে ৷

তেওঁ আৰু কয় যে, কংগ্ৰেছ চৰকাৰৰ দিনত ৰাস্তা-ঘাটৰ অৱস্থা তথৌবচ আছিল ৷ ১০ বছৰ পূৰ্বে মাজুলীলৈ যাওঁতে সময় লাগিছিল ১০ ঘণ্টা, এতিয়া সময় লাগে ৩-৪ ঘণ্টা ৷ কিয়নো এতিয়া ৰাস্তা-ঘাট উন্নত৷ মথাউৰিও পকীকৰণ হ’ল ৷

এই সকলোবোৰ কৰি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ সেয়ে মন্ত্ৰীগৰাকীয়ে ভোট যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক দিবলৈ আহ্বান জনায় ৷ ভাষণত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ চৰকাৰৰ দিনত লাভ কৰা ঘৰ বিলাক এটা ৰুমৰ ঘৰ আছিল বুলি কয়।

এতিয়া সেই ঘৰবিলাক ডাঙৰ ডাঙৰ হ’ল বুলি তেওঁ কয় ৷ মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ দিনত টকা দিহে চাকৰি লাভ কৰিছিল, কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত অসমৰ নিবনুৱা যুৱক-যুৱতীয়ে এটকা নিদিয়াকৈ চাকৰি লাভ কৰিবলৈ সক্ষম হ’ল ৷ তেওঁ কয় যে এয়া সম্ভৱ তুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, এয়া সম্ভৱ তুলিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ মন্ত্ৰীগৰাকীয়ে ভাষণত বিশেষকৈ ছাত্ৰী শিক্ষাৰ বাবে গ্ৰহণ কৰা আঁচনিৰ লগতে চৰকাৰৰ বিভিন্ন কল্যাণমুখী আঁচনিৰ কথা উল্লেখ কৰে ৷

সূতা-কম্বলৰ পাৰ্টিক ভোট দিলে ভোট নষ্ট হ’ব : মন্ত্ৰী পীযুষ
লখিমপুৰত ৭ লাখতকৈও অধিক ভোটত জয়ী হ'ব প্ৰদান বৰুৱা : মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in