/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/c0348215-61c8-45d9-a6bb-118edffb61b0/435480594_1064253868394962_6150139113055013026_n.jpg)
ডিজিটেল সংবাদ,লখিমপুৰ : শনিবাৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ধেমাজি জিলাৰ বৰদলনি কলিতা গাঁৱত এখন বিশাল নিৰ্বাচনী সভাত জনসাধাৰণক সম্বোধন কৰে। এই সভাত লখিমপুৰ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টী সমৰ্থিত প্রার্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/2fdccf6c-1dcd-4534-b557-f58f31d4c2ce/434553848_1064253931728289_6553523015807984914_n.jpg)
প্ৰতিকূল বতৰকো নেওচি উপস্থিত হোৱা জনগণক উদ্দেশ্যি মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে, ৰাইজৰ এই অফুৰন্ত সঁহাৰি দেখি তেওঁ নিচিন্ত যে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰদান বৰুৱা ৭ লাখতকৈও অধিক ভোটত বিজয়ী হ'ব। অনুষ্ঠানত মহিলাৰ বাবে অৰুণোদয়, ছাত্ৰ-ছাত্ৰী বাবে কিতাপ পত্ৰৰ লগতে বাহনৰ সুবিধা আদিকে ধৰি চৰকাৰৰ বিভিন্ন কল্যাণমুখী কাম-কাজৰ কথা উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/92e372fe-33a5-426d-b836-e2bd526fd43f/435486322_1064253898394959_1257928666980884106_n.jpg)
লগতে আগন্তুক সময়তো ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে আন আন নতুন জনকল্যাণমুখী পদক্ষেপ আৰম্ভ কৰিব বুলি মন্ত্ৰী বৰুৱাই আশ্বাস প্ৰদান কৰে। প্ৰধানমন্ত্ৰীৰ জীৱন বীমা আঁচনিৰ জৰিয়তে প্ৰত্যেক ৰেচন কাৰ্ড থকা পৰিয়ালৰ মূল মানুহজনক একো একোটাকৈ জীৱন বীমা চৰকাৰে কৰি দিব বুলি ভাষণত তেওঁ উল্লেখ কৰে ৷ ভাষণৰ অন্তত মন্ত্ৰীগৰাকীয়ে প্ৰদান বৰুৱাক অহা ১৯ এপ্ৰিলত ভাট দি বিপুল সংখ্যক ভোটত জয়যুক্ত কৰিবলৈ উপস্থিত ৰাইজক আহ্বান জনায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/2e87308e-6b18-403c-b154-505b26523ada/435386726_1064254075061608_9132552963357738488_n.jpg)
অনুষ্ঠানত বিৰোধী দল কংগ্ৰেছৰ অস্তিত্ব একেবাৰে নাই বুলি উল্লেখ কৰাৰ লগতে আগন্তুক সময়তো কেবল মাত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে জনকল্যাণমূলক আঁচনিৰ সমান্তৰালকৈ উন্নয়নমূলক কাম-কাজ সমূহ আগুৱাই নিব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, আজিৰ এই সভাত বিভিন্ন দলৰ নেতা আৰু কাৰ্যকৰ্তাই ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/80dc413d-96de-4ca8-bfc8-fe12b33e0b9d/435476427_1064253968394952_1355087879231200370_n.jpg)
মন্ত্ৰী বৰুৱাই আজি লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত মাছখোৱাতো এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। লগতে ধেমাজি টাউনত আন এখন নিৰ্বাচনী ৰেলীতো অংশগ্ৰহণ কৰে।