নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ কাৰণে যে দেশৰ প্ৰধানমন্ত্ৰী হ’ব এই কথা বিৰোধীয়েও স্বীকাৰ কৰেঃ মন্ত্ৰী পীযুষ হাজৰীকা

অখিল গগৈক ধন্যবাদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

author-image
Asomiya Pratidin
New Update
নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ কাৰণে যে দেশৰ প্ৰধানমন্ত্ৰী হ’ব এই কথা বিৰোধীয়েও স্বীকাৰ কৰেঃ মন্ত্ৰী পীযুষ হাজৰীকা

ডিজিটেল সংবাদ,শিৱসাগৰ : "নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে যে দেশৰ প্ৰধানমন্ত্ৰী হ’ব এই কথা বিৰোধীয়েও স্বীকাৰ কৰে।"- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত ৰংপুৰ মণ্ডলত শনিবাৰে এখন নিৰ্বাচন প্ৰচাৰ সভা সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে।

Advertisment

সভাত তেওঁ যোৱা ১০ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহুতো পৰিৱৰ্তন অনা বুলি উল্লেখ কৰি কি কি পৰিৱৰ্তন আনিছে সেই বিষয়ে ব্যাখ্যা দাঙি ধৰে। তেওঁ কয়- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ জীৱনলৈকে বহুতো পৰিৱৰ্তন আনিছে। এই পৰিৱৰ্তনসমূহৰ ভিতৰত অন্যতম আয়ুষ্মান কাৰ্ড বুলি তেওঁ উল্লেখ কৰে।

ইয়াৰ উপৰি উজলা গেছ, ৰেচন কাৰ্ড, জলজীৱন আঁচনি, প্ৰধানমন্ত্ৰী আবাস যোজনা আদিৰ আঁচনি লাভ কৰাৰ বিষয়ে কয়। তেওঁ কয় যে, প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত লাভ কৰা ঘৰ বিলাক পূৰ্বতকৈ অধিক ভাল হ’ল। কিন্তু যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল, তেওঁলোকৰ দিনত প্ৰধানমন্ত্ৰী আবাস যোজনা নাছিল, কংগ্ৰেছৰ দিনত ইন্দিৰা আবাস যোজনা আছিল। এই ইন্দিৰা আবাস যোজনাৰ ঘৰবিলাকৰ বাবে তেওঁলোকে আবণ্টন দিছিল মাত্ৰ ৭৫ হাজাৰ টকা। আৰু এই বিলাক আছিল এটা ৰুমৰ ঘৰ। কাৰণ এই ঘৰবিলাক ঠিকাদাৰে বনাইছিল।

ঘৰবিলাকৰ অৱস্থা খুব বেয়া আছিল। কিয়নো ঠিকাদাৰে পইচা খাই ঘৰ বনাইছিল। ক’ৰবাত বিধায়ক, ইঞ্জিনীয়াৰ, পঞ্চায়ত প্ৰতিনিধিয়েও পইচা খাইছিল। কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে ৭৫ হাজাৰ টকাৰ এই ঘৰটো ডেৰ লাখ টকীয়া কৰিলে আৰু ঘৰটো নিৰ্মাণৰ দায়িত্ব ঠিকাদাৰক নিদি হিতাধিকাৰীক দি দিলে।

যাৰ ফলত আবাস নিৰ্বাণৰ সমগ্ৰ ধন ঘৰটোত ব্যৱহাৰ কৰিব পৰা হ’ল আৰু ঘৰৰ অৱস্থা পূৰ্বতকৈ যথেষ্ট ভাল হ’ল। ৰাইজে এটা ভাল ঘৰ নিৰ্মাণৰ সুবিধা পালে। মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষত ১০ বছৰত ৪ কোটি ঘৰ বনালে। মানুহ থাকিব পৰা ঘৰ বনালে। হিতাধিকাৰীয়ে নিজে ডেৰ লাখ টকাৰ লগত নিজৰো অলপ টকা যোগ দি সুন্দৰকৈ ঘৰটো বনোৱাৰ ব্যৱস্থা কৰিব পাৰিলে।

তেওঁ কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত এই সুবিধা নাছিল। মন্ত্ৰীগৰাকীয়ে ভাষণত ৰেচন কাৰ্ডৰ প্ৰসংগ উত্থাপন কৰি ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা হিতাধিকাৰীয়ে লাভ কৰে সেই বিষয়ে ব্যাখ্যা দাঙি ধৰে।

তেওঁ কয় যে, ৰেচন কাৰ্ড থাকিলে বিনামূলীয়া চাউল পায়, আয়ুষ্মান কাৰ্ড পায়, উজলা আঁচনিৰ গেছ পায়। এই আয়ুষ্মান কাৰ্ডৰ জৰিয়তে ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰে। তেওঁ ৰেচন কাৰ্ড থকা সকলো পৰিয়ালে অৰুণোদয় লাভ কৰিব বুলি ভাষণত উল্লেখ কৰে।

ডেৰ বছৰৰ ভিতৰত যাৰ যাৰ ৰেচন কাৰ্ড আছে সকলোকে মন্ত্ৰীগৰাকীয়ে অৰুণোদয় দিব বুলি প্ৰতিশ্ৰুতি দিয়ে। অসমৰ ৫২ লাখ পৰিয়ালে ৰেচন কাৰ্ড লাভ লাভ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছৰ দিনত এইবোৰ একো নাছিল। কংগ্ৰেছৰ দিনত মানুহে কেৱল সূতা-কম্বল আৰু আঁঠুৱা লাভ কৰিছিল। সূতা-কম্বল পাৰ্টিয়ে কেৱল ইমানখিনিয়ে দিব পাৰিছিল। মন্ত্ৰীগৰাকীয়ে উপস্থিত ৰাইজক সূতা-কম্বল লাগিব নে আয়ুষ্মান কাৰ্ড লাগিব বুলি প্ৰশ্ন কৰে।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ড০ হিমন্ত বিশ্ব শৰ্মাই যি কথা কয় সেয়া আখৰে আখৰে পালন কৰে। যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ নিবনুৱাক চাকৰি দিয়া, মাক্ৰ’ফাইনেন্সৰ ঋণৰ পৰা মহিলাক মুক্তি দিয়া, অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা আদিৰ প্ৰসংগ ভাষণত মন্ত্ৰীগৰাকীয়ে উত্থাপন কৰে।

বিজেপিয়ে যোৱা ১০ বছৰত ব্ৰহ্মপুত্ৰত ৯ খন দলং বনালে, কংগ্ৰেছে ৬০ বছৰত ব্ৰহ্মপুত্ৰত মাত্ৰ ৪ খন দলং নিৰ্মাণ কৰিছে। কংগ্ৰেছে ৬০ বছৰত অসমত মাত্ৰ ৬ মেডিকেল কলেজ বনাইছে, আমি যোৱা ৮ বছৰত ১৮ খন মেডিকেল কলেজ বনালো বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত কয়। কংগ্ৰেছে ৬০ বছৰত বিশ্ববিদ্যালয় বনালে মাত্ৰ ৭ খন, আমি ১০ বছৰত বিশ্ববিদ্যালয় বনালো ১৫ খন। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কামসমূহ কৰিছে বাবে ৰাইজে এতিয়া তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী বনাব।

আনহাতে, সভাৰ পিছত মন্ত্ৰী পীযুষ হাজৰীকাই অখিল গগৈয়ে কৰা কেতবোৰ মন্তব্য সন্দৰ্ভত সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, নৰেন্দ্ৰ মোদী যে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব অখিল গগৈৰ বক্তব্যত সেয়া প্ৰকাশ পাইছে। অৰ্থাৎ নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ কথা তেওঁলোকে মানি লৈছে। সেয়ে অখিল গগৈক মন্ত্ৰী পীযুষ হাজৰীকাই ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে অখিল গগৈয়ে কৈছিল যে সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হৈ থাকিবই, কাৰণ সোণোৱাল ৰাজ্যসভাৰ সাংসদ। অখিলৰ এই মন্তব্যৰ পৰা এয়াই স্পষ্ট হৈছে যে বিজেপিৰ চৰকাৰ আহিবই বুলি মন্ত্ৰী পীযুষ হাজৰীকাই মন্তব্য কৰে। অখিলে আকৌ কৈছিল যে, লুৰীণজ্যোতি গগৈ যদি জিকে, তেন্তে মোদী বিৰুদ্ধে গৰ্জন দিব, তাৰমানে মোদী আকৌ প্ৰধানমন্ত্ৰী হ’বই বুলি মন্ত্ৰী পীযুষ হাজৰীকাই মন্তব্য কৰে।

Also Read: জি এন আৰ চি হাস্পতালৰ আন্তঃৰাষ্ট্ৰীয় বসন্তকালীন চি এম ই ২০২৪ সম্পন্ন

pijush hazarika akhil gogoi