/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/1a80d335-3b31-4dc2-bd05-06b30c9af44e/25.jpg)
ডিজিটেল ডেস্ক : জি এন আৰ চি হাস্পতালৰ উদ্যোগত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বসন্তকালীন চি এম ই (অবিৰত চিকিৎসা শিক্ষা কার্যসূচী) ২০২৪ শীৰ্ষক অনুষ্ঠান শনিবাৰে সফলতাৰে সম্পন্ন হয়। এই কাৰ্যসূচীত ২০০ৰো অধিক চিকিৎসকে অংশগ্রহণ কৰে বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।
এইখনিতে উল্লেখ কৰা প্ৰয়োজন যে উক্ত অনুষ্ঠানটি এছ'চিয়েছন অৱ ছার্জনছ অৱ ইণ্ডিয়াৰ অসম অধ্যায়ৰ সহযোগত আয়োজন কৰা হয়। মহানগৰীৰ ভিভাণ্টা হোটেলত আয়োজিত উক্ত অনুষ্ঠানত ছিংগাপুৰ জেনেৰেল হাস্পতাল আৰু ভাৰতৰ বিশিষ্ট চিকিৎসকসকল উপস্থিত থাকি শোভাবৰ্দ্ধন কৰে।
আনহাতে আন্তঃৰাষ্ট্ৰীয় বসন্তকালীন চি এম ই ২০২৪ শীৰ্ষক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ছিংগাপুৰ জেনেৰেল হাস্পতালৰ জ্যেষ্ঠ হেপাট-বিলিয়েৰী ছার্জন ডাঃ লণ্ডন অই। ইয়াৰোপৰি অনুষ্ঠানত সম্মানীয় অতিথিৰ আসন অলংকৃত কৰে গ্রুপ চীফ অৱ নাৰ্ছিং ছিং হেল্থ, ছিংগাপুৰৰ অধ্যাপক ট্ৰেচী এইৰ, জ্যেষ্ঠ সঞ্চালক ইণ্টাৰনেচনেল কলাব'ৰেশ্বন অফিচৰ ছিং হেলথ বিজয়া ৰাও,গ্ল'বেল হেল্থ ছিষ্টেম প্র'গ্রাম, ছিং হেল্থৰ জ্যেষ্ঠ প্রবন্ধক য়ে কাই চিন।
উক্ত অনুষ্ঠানত অধ্যাপক সুভাষ খান্না, ডাঃ পিনাক দাসগুপ্তা, অধ্যাপক মনোজ কুমাৰ চৌধুৰী, ডাঃ দেবর্ষি শর্মা, ডাঃ এছ এ মজিদ, ডাঃ ছাইদুল ইছলাম আৰু ডাঃ জয়ন্ত দাস বক্তা হিচাপে অংশগ্ৰহণ কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানত জিএনআৰচি হাস্পতালৰ অধ্যক্ষ ডাঃ নোমল চন্দ্ৰ বৰা আৰু ডাঃ নিপাংক গোস্বামীও উপস্থিত থাকে।
Also Read: ৰহাৰ ৰাষ্ট্ৰপতি পদকপ্ৰাপ্ত বিষয়া গহেশ্বঢ় বৰদলৈৰ বিয়োগ