/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/be8b823f-1215-411e-93b5-2b598c2aead0/AP_FOR_WEB_jammu.jpg)
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত বৰ্খাস্ত হয় চিকিৎসাকৰ্মী, আৰক্ষী বিষয়া আৰু চৰকাৰী কৰ্মচাৰী। বুধবাৰে জম্মু-কাশ্মীৰ প্ৰশাসনে বৰ্খাস্ত কৰে এজন চিকিৎসক, আৰক্ষী কনিষ্টবলসহ আন ৪ জন চৰকাৰী কৰ্মচাৰী।
বৰ্খাস্ত হোৱা কেইজন- শ্ৰীনগৰৰ এছএমএইচএছ চিকিৎসালয়ত সহকাৰী অধ্যাপক (চিকিৎসা) নিছাৰ-উল-হাছান, কনিষ্টবল আব্দুল মজিদ ভট, উচ্চ শিক্ষা বিভাগৰ কৰ্মী আব্দুল ছালাম ৰাথোৰ আৰু শিক্ষা বিভাহৰ ফাৰুক আহমেদ মীৰ।
এই আটাইকেইজনকে ভাৰতীয় সংবিধানৰ ১১ নং অনুচ্ছেদৰ অধীনত বৰ্খাস্ত কৰা হয়। যোৱা তিনি বছৰত কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনে সংবিধানৰ অনুচ্ছেদ ৩১১(২))(গ)ৰ অধীনত ৫০ জনৰো অধিক কৰ্মচাৰীক বৰ্খাস্ত কৰিছে। অভিযোগ অনুসৰি এই লোকসকল পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনসমূহক সহায় কৰি আছিল লগতে সন্ত্ৰাসবাদীৰ আদৰ্শ প্ৰচাৰ, পুঁজি সংগ্ৰহ আদি কাৰ্যসূচীত জড়িত আছিল।
উল্লেখ্য যে, আজি বৰ্খাস্ত হোৱা নিছাৰ-উল-হাছানে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ নিৰ্দেশত "বিচ্ছিন্নতাবাদ" বিয়পাই আছিল। তেওঁ ভাৰতৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ বিৰুদ্ধে ব্যাপক হিংসা আৰু অস্থিৰতা সৃষ্টি কৰাৰ চেষ্টা কৰিছিল।
আব্দুল ছালাম ৰাথোৰৰ নামৰ চৰকাৰী কৰ্মচাৰীগৰাকীৰ কন্যাক পাকিস্তানৰ পঞ্জাৱৰ কাচুৰ অঞ্চলত লস্কৰ-ই-তৈবা (এল ই টি)ৰ কমাণ্ডাৰ হাবিবুল্লাহ মালিক ওৰফে চাজ্জাদ জাটৰ লগত বিয়া দিছিল। ৰাথাৰৰ কাম আছিল সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীন আৰু লস্কৰ-ই-তৈবাত যুৱকসকলক নিযুক্তি দিয়া। ইয়াৰোপৰি আৰু বহু অভিযোগ আছে ৰাথোৰৰ বিৰুদ্ধে।
কনিষ্টবল আব্দুল মজিদৰ বিৰুদ্ধে আছে বহু অভিযোগ। এইগৰাকী কনিষ্টবলে সন্ত্ৰাসবাদী কাৰ্যকালাপ আৰু নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত জড়িত আছে।
আনহাতে ফাৰুক আহমেদ মীৰ নামৰ চৰকাৰী কৰ্মচাৰী গৰাকী পাকিস্তানক প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদী। তেওঁ বিচ্ছিন্নতাবাদী হুৰিয়ত সন্মিলনৰ নেতা চৈয়দ আলী শ্বাহ গিলানিৰ দ্বাৰা গঠিত তেহৰিক-ই-হুৰিয়তৰ এজন শীৰ্ষ কৰ্মকৰ্তা ।
Also Read: সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত দেশৰ বাবে ছহীদ এগৰাকী সেনা জোৱান