দুই পৰা আঢ়ৈ লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব তপন গগৈ: পিযুষ হাজৰিকাৰ

দুই পৰা আঢ়ৈ লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব তপন গগৈ: পিযুষ হাজৰিকাৰ

author-image
Asomiya Pratidin
New Update
দুই পৰা আঢ়ৈ লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব তপন গগৈ: পিযুষ হাজৰিকাৰ

ডিজিটেল সংবাদ, শিৱসাগৰঃ দুই পৰা আঢ়ৈ লাখ ভোটৰ ব্যৱধানত তপন গগৈ ডাঙৰীয়া জয়ী হ’ব। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে ৰাইজৰ কাৰণে কাম কৰিছে ৰাইজে স্বচক্ষুৰে দেখিছে। পৰিৱৰ্তন নিজৰ জীৱনলৈকে আহিছে, সমাজলৈকে আহিছে। গতিকে সকলোৱে মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিবলৈ সাজু হৈছে- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ।

Advertisment

শিৱসাগৰত সোমবাৰে সাংবাদিকৰ আগত এই মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে গৌৰৱ গগৈৰ সৈতে নিৰ্বাচনী প্ৰচাৰ কৰি থকা কেবাগৰাকীও কংগ্ৰেছ নেতা ইতিমধ্যে আমাৰ দলত যোগদান কৰিছে। উদাহৰণ স্বৰূপে তেওঁ চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি অনুজ বৰকটকী, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক যাক নেকি গৌৰৱ গগৈয়ে নিজে শিৱসাগৰৰ প্ৰচাৰৰ দায়িত্ব দিছিল মানস বৰা, গৌৰৱ গগৈৰ ছ’চিয়েল মিডিয়া চলাই থকা গৌৰৱ সোমানী আদিৰ কথা উনুকিয়ায়।

গৌৰৱ গগৈৰ লগত নিৰ্বাচনী প্ৰচাৰ চলাই থকা আৰু কেবাজনো নেতাই অহা সপ্তাহত বিজেপিত যোগদান কৰিব বুলি মন্ত্ৰী পীযুষ হাজৰীকাই মন্তব্য কৰে। কাৰণ তেওঁলোকে দেখিছে যে গৌৰৱ গগৈ নিজিকে, মোদী প্ৰধানমন্ত্ৰী হ’বই, মানুহে কংগ্ৰেছক বেয়া পায়, মানুহে যিহেতু কংগ্ৰেছক বেয়া পায়, তেওঁলোকে আৰু কংগ্ৰেছ দল কৰিব নিবিচাৰে, সেয়ে তেওঁলোকে বিজেপি দলত যোগদান কৰিছে। গতিকে এই কথাকেইটাই প্ৰমাণ কৰে যে আমি জিকিম, বহু লাখ ভোটৰ ব্যৱধানত আমি জিকিম- মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

অখিল গগৈ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে অখিল গগৈৰ প্ৰতি মোৰ আইডিয়া নাই, কিন্তু এটা কথাই মই জানো যে শিৱসাগৰ সমষ্টিটোত আমি লীড কৰিম। অখিল গগৈৰ সমষ্টি শিৱসাগৰত আমি লীড কৰিম।

কংগ্ৰেছৰ মাজত কোনো সমন্বয় নাই বুলি অখিল গগৈয়ে কৰা অভিযোগ সন্দৰ্ভত সাংবাদিকে মন্ত্ৰীগৰাকীৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে কংগ্ৰেছৰ লগত কোনে সমন্বয় কৰিব, কংগ্ৰেছীয়ে কোনেও কাকো বিশ্বাস নকৰে। যিজন মানুহ আজি ভূপেন বৰাৰ লগত ঘূৰি আছে কাইলৈ তেওঁৱে বিজেপিত যোগদান কৰি দিয়ে। আমাৰ লগত প্ৰায় সকলো কংগ্ৰেছ কৰ্মী যোগাযোগত আছে বুলি মন্ত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। বিৰোধী ঐক্যমঞ্চৰ প্ৰসংগত অসমত বিৰোধী ঐক্য আছে বুলি তেওঁ নাভাবে বুলি মন্তব্য কৰে।

আনহাতে, আজি কংগ্ৰেছৰ এই দুৰৱস্থাৰ মূলতে গৌৰৱ গগৈ বুলি তেওঁ সাংবাদিকৰ আগত মন্তব্য কৰে। তেওঁ কয় যে গৌৰৱ গগৈয়ে যদি পেৰাচ্যুট লেণ্ডিং নকৰিলেহেঁতেন, আজি কংগ্ৰেছৰ এই অৱস্থা নহ’লহেঁতেন। গৌৰৱ গগৈয়ে হঠাতে বিদেশৰ পৰা আহি ৰাজনৈতিক কুচক্ৰান্ত আৰম্ভ নকৰাহেঁতেন আজি কংগ্ৰেছৰ এই দুৰ্দশা নহ’লহেঁতেন বুলি তেওঁ কয়। তেওঁ আৰু কয় যে আমি তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰিছো। গৌৰৱ গগৈয়েতো কেতিয়াও কৰা নাছিল। তেওঁ ওপৰৰ পৰা জঁপিয়াই আহিলে, অমুকক বেয়া পায়, অমুক ওলাই যাব লাগে, তমুকক বেয়া পায় তমুক ওলাই যাব লাগে। এনেকৈ ওলাই ওলাই আজি কংগ্ৰেছ কৰা মানুহ নাইকিয়া হৈ থাকিল। গতিকে আজি কংগ্ৰেছ দলৰ দুৰ্দশাৰ মূল মানুহজন গৌৰৱ গগৈ বুলি পুনৰ মন্তব্য কৰে।

উল্লেখ্য যে আজি মন্ত্ৰী পীযুষ হাজৰীকাই শিৱসাগৰ জিলাত ইখনৰ পাছত সিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে আৰু প্ৰতিখন সভাতেই জনতাৰ সঁহাৰি দেখি মন্ত্ৰীগৰাকী অভিভূত হৈ পৰে। প্ৰতিখন সভাতেই ২০০০ পৰা ৩০০০ লোকে আদৰিণি জনায় মন্ত্ৰীগৰাকীক। যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ হৈ আজি বহুকেইখন নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা। নাজিৰাৰ পৰা হালোৱাটিঙৰ বৰুৱা আলি, হালোৱাটিং বজাৰ আৰু আমগুৰিৰ বৰবাম চাহ বাগিচাত মুঠ তিনিখনকৈ সভাত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা। প্ৰতিকূল বতৰকো নেওচি ৰাইজ ওলাই আহে সভাত অংশগ্ৰহণ কৰিবলৈ। ভোটাৰৰ বহুল উপস্থিতিত প্ৰতিখন সভাতেই উদাত্ত ভাষণ দাঙি ধৰে যোৰহাট লোকসভা সমষ্টিৰ মুখ্য নিৰ্বাচনী প্ৰচাৰক মন্ত্ৰী পীযুষ হাজৰীকাই।

Also Read: ইণ্ডিয়া'ই যিমানেই দল একত্ৰিত নকৰক কিয়, প্ৰধানমন্ত্ৰী মোডীয়েই হ'বঃ অমিত শ্বাহ

pijus hazarika bjp