সদৌ অসম কৃষ্ণ সূৰ্য নাম সমাজৰ সৌজন্যত সংকল্পিত মহা পালনাম আৰু ভাওনা প্ৰদৰ্শন

সদৌ অসম কৃষ্ণ সূৰ্য নাম সমাজৰ সৌজন্যত সংকল্পিত মহা পালনাম আৰু ভাওনা প্ৰদৰ্শন

ডিজিটেল সংবাদ, শিৱসাগৰ: সদৌ অসম কৃষ্ণ সূৰ্য নাম সমাজৰ সৌজন্যত  শিৱসাগৰবাসীৰ আতিথ্যত  বিশ্ব মানৱ জাতিৰ মংগলৰ বাবে ৩১ অক্টোবৰ পৰা  ৪ নৱেম্বৰলৈকে ৫ দিনীয়া কাৰ্যসূচীৰে শিৱসাগৰৰ ব'ৰ্ডিং খেলপথাৰত "সংকল্পিত মহা পালনাম আৰু ভাওনা প্ৰদৰ্শন"ৰ মাংগলীক অনুষ্ঠান আৰম্ভ হ’ব। বৃহৎ ৰভা ঘৰ নিৰ্মাণ কৰি বৰ্ডিং  খেল পথাৰত আধ্যাত্মিক পৰিবেশ সৃষ্টি কৰিছে। মঙলবাৰৰ পৰা হৰি নাম ধ্বনিৰে মুখৰিত হ'ব শিৱসাগৰ চহৰ। শিৱসাগৰ বৰ্ডিং খেলপথাৰত ৫দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা  হ'ব মহা পালনাম।

কৃষ্ণ সূৰ্য নাম সমাজ'ৰ উদ্যোগত উদযাপন কৰিবলগীয়া মহা পালনাম উপলক্ষে বৰ্ডিং খেলপথাৰত  প্ৰস্তুতি সম্পন্ন হৈছে।  নিৰ্মাণ কৰা হৈছে একেলগে ২৫০০ ভকত বৈষ্ণৱ বহি নাম প্ৰসংগ কৰিব পৰাকৈ বিশাল মণ্ডপ তথা অস্থায়ী নামঘৰ। শিৱসাগৰ জিলা উপৰি  অসমৰ বিভিন্ন জিলাৰ ভকত বৈষ্ণৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাটো নিশ্চিত কৰিছে। মহাপাল নামত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।  উদ্যোগতা সকলে হাজাৰ হাজাৰ ভকত   বৈষ্ণৱক আদৰিবলৈ  কেইবা সহস্ৰাধিক কৰ্মীৰ ব্যৱস্থা কৰিছে।  উল্লেখ্য যে মহামাৰী কভিড কালত বিশ্ব মানৱ জাতিৰ লগতে অসমীয়া জাতিৰ পৰিত্ৰাণ বিচাৰি জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ নামধৰ্ম আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰত অহোপুৰুষাৰ্থ কৰা শিৱসাগৰ জিলাকে প্ৰমুখ্যে কৰি  চৰাইদেও যোৰহাট ডিব্ৰুগড় জিলাৰ বহু জন ভকত বৈষ্ণৱে মহা প্ৰভুৰ শ্ৰী চৰণ কমলত সংকট মোচন এভাগী মহাপাল নাম আয়োজন কৰা কথা চিন্তা কৰিছিল। অৱশেষত মহা পালনামৰ বাবে প্ৰস্তুতি একপ্ৰকাৰৰ সম্পূৰ্ণ কৰিছে উদ্যোক্তা সকলে। সেই অনুসৰি মঙলবাৰে পুৱা পৰা মহা আয়োজনে অনুষ্ঠিত হ’ব সংকল্পিত মহা পালনাম আৰু ভাওনা প্ৰদৰ্শন মাংগলিক অনুষ্ঠান।

কাৰ্যসূচী অনুসৰি মঙলবাৰে পুৱাৰ পৰা ক্ৰমে গুৰু আসন প্ৰতিষ্ঠা, শৰাই অৰ্পণ, নাম প্ৰসঙ্গ, কীৰ্ত্তন পাঠ, আইমাতৃ সকলৰ ধৰ্মালোচনী সভা আৰু সন্ধিয়ালৈ দিহানাম পৰিবেশন। সেই অনুসৰি দ্বিতীয় দিনা অৰ্থাৎ ১ নৱেম্বৰত পুৱা ৫:৩০ বজাৰ পৰা ক্ৰমে শৰাই অৰ্পণ, প্ৰাত:প্ৰসঙ্গ, পুৱা ৯ বজাৰ পৰা ক্ৰমে ধৰ্মধব্বজা উত্তোলন , শত সংখ্যক পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপন, শৰাই অৰ্পণ, নাম প্ৰসঙ্গ, কীৰ্ত্তন পাঠ, আৰু দিনৰ ১১ বজাত ধৰ্মীয় শোভাযাত্ৰাৰ অনুষ্ঠিত কৰিব । একেদিনাই দিনৰ ১:৩০ বজাত গুৰু সকলক আদৰণি অনুষ্ঠান, আবেলি  ২বজাত গুৰু সকলৰ দ্বাৰা অক্ষয় বন্তি প্ৰজ্বলন আৰু  ২:৩০ বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব  বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা।

বিয়লি ৩ বজাত পালনাম অনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব শ্ৰীশ্ৰী আউনীআটীয় সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ডঃ পীতাম্বৰ দেৱ গোস্বামীয়ে। তৃতীয় দিনা অৰ্থাৎ  ২ নৱেম্বৰত  পুৱা ৫:৩০ বজাৰ পৰা ক্ৰমে শৰাই অৰ্পণ , প্ৰাত:প্ৰসঙ্গ, পালনাম প্ৰসঙ্গ, সন্ধিয়া ৫ বজাত হিয়া নাম আৰু বিন্দাবনীয়া নাম  উদ্বোধনী অনুষ্ঠান। চতুৰ্থ দিনা অৰ্থাৎ ৩ নৱেম্বৰত  পুৱা ৫:১৫ ৰ পৰা ক্ৰমে শৰাই অৰ্পন, প্ৰাত:প্ৰসঙ্গ, শৰাই অৰ্পণ, নাম প্ৰসঙ্গ, কীৰ্ত্তন পাঠ , দিনৰ ১২ বজাত নাগাৰা নাম উদ্বোধন কৰিব থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইয়ে।  ইয়াৰ পাছত নাগাৰা নাম পৰিবেশন কৰিব নলবাৰীৰ " মিলিজুলি ভোলানাথ নাগাৰা নাম দলে । বিয়লি ৩ বজাত ভাওনা মঞ্চৰ উদ্বোধন কৰিব কংগ্ৰেছ নেতা মঞ্জীৰ গগৈয়ে।  উক্ত অনুষ্ঠানৰ পাছত আমগুৰিৰ বনমালী সাংস্কৃতিক মঞ্চৰ দ্বাৰা  " ৰাম পৰাজয় সীতা পাতাল গমন "নামৰ ভাওনা প্ৰদৰ্শন । ইয়াৰ পাছত একেদিনাই দ্বিতীয় ভাগ ভাওনাৰ মঞ্চ উদ্বোধন কৰিব সাংসদ তপন কুমাৰ গগৈয়ে।

ইয়াৰ পাছত  যোৰহাটৰ স্পন্দন নাট্য গোষ্ঠীৰ দ্বাৰা " শকূনিৰ প্ৰতিশোধ " ভাওনা প্ৰদৰ্শন হ'ব। পঞ্চম তথা অন্তিম দিনা ৪ নৱেম্বৰৰ  পুৱা ৫:৩০ বজাৰ পৰা ক্ৰমে শৰাই অৰ্পণ, প্ৰাত:প্ৰসঙ্গ, শৰাই অৰ্পণ, নাম প্ৰসঙ্গ, কীৰ্ত্তন পাঠ,দিনৰ ১১:৪৫ বজাত দিহানাম উদ্বোধন। উদ্বোধন কৰিব বিধায়ক অখিল গগৈয়ে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।আবেলি  ২ বজাত সংগীত ময় ভাগৱত প্ৰৱচন উদ্বোধন কৰিব অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকাই সন্ধিয়া ভাওনা মঞ্চ উদ্বোধন কৰিব মন্ত্ৰী যোগেন মহনে। ইয়াৰ পাছত " নহুষৰ অজগৰ প্ৰাপ্তি "ভাওনা প্ৰদৰ্শন কৰিব যোৰহাটৰ পাঞ্চজন্য নাট্য গোষ্ঠীয়ে।

উল্লেখযোগ্য যে ,ক'ৰণা মহামাৰীয়ে বিশ্বত সংহাৰ ৰূপ ধাৰণ কৰাৰ সময়ত এই মহামাৰীৰ পৰা বিশ্বৰ মানৱ জাতিৰ পৰিত্ৰাণ পোৱাৰ মানসেৰে এভাগি মহাপালনামৰ সংকল্প কৰা হৈছিল। উল্লেখ কৰা প্ৰয়োজন যে মহা পালনামৰ আটাইকেইদিন অসমীয়া যুৱ মঞ্চ আৰু  অসমীয়া মহিলা মঞ্চৰ শিৱসাগৰ জিলাৰ সমিতিৰ যৌথ উদ্যোগত সংকল্পিত মহা পালনামৰ ভক্ত সকলৰ সুবিধাৰ্থে বিশুদ্ধ খোৱা পানী ব্যৱস্থা কৰা হৈছে বুলি অসমীয়া যুৱ মঞ্চৰ সচিব বিষ্ণু শইকীয়া জানিব দিয়ে।

সদৌ অসম কৃষ্ণ সূৰ্য নাম সমাজৰ সৌজন্যত সংকল্পিত মহা পালনাম আৰু ভাওনা প্ৰদৰ্শন
অভিলেখ : অষ্টমবাৰৰ বাবে বেলন ডি অৰ বঁটা লাভ ফুটবল তাৰকা লিয়নেল মেছিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in