/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/fd0cc349-6615-4c7a-9404-6d6524d691ed/3.jpg)
ডিজিটেল সংবাদ, আমগুৰিঃ শুকুৰবাৰে ৰাইজৰ দলত এক বিশাল যোগদান কাৰ্যসূচী সমাপন হয়। যোগদান কৰে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ আমগুৰি সমষ্টিৰ প্ৰাক্তন সভাপতি জিতু জ্যোতি লাহন, সহকাৰী সাধাৰণ সম্পাদক সীমান্ত গগৈ, সাংগঠনিক সম্পাদক মিনহাজ ইছলাম, নামতি আলি পণ্চায়তৰ সভাপতি আব্দুল হালিম, অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় সংখ্যালঘু শক্তিৰ শিৱসাগৰ জিলাৰ সভাপতি জাকিৰ হুছেইনে। ইয়াৰোপৰি নামতি আলি পণ্চায়তৰ ৩০০ তকৈ অধিক লোকে সমূহীয়াভাৱে ৰাইজৰ দলত যোগদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/fb580afd-4a49-499e-a812-a80afd50f5a9/1c6d287a-e838-48ad-b194-745a03897120.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/0671da7b-a744-4ee2-8983-6df64ff3d2a1/c7d6818f-2836-48cf-98df-8254c3713a9a.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/c4248f1d-fe72-4f7c-becc-f2efafb1daed/d6def6d3-d1df-4094-a3bf-85817fdee3c3.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/1c74423e-b211-4302-a5de-98b799aa2bd8/129bed10-0159-46d0-bffa-ed92963e7cb5.jpg)
যোগদান সভাখনত সভাপতিত্ব কৰে শিৱসাগৰ জিলা ৰাইজৰ দলৰ সভাপতি মুনীন্দ্ৰ লাহনে। সভাত বক্তব্য ৰাখে ৰাইজৰ দলৰ সম্পাদক পদ্মকান্ত দাস, বিজিত দত্ত, সহকাৰী সম্পাদক দাদুল আলি , ছাহজাহান আলি বৰা, জিলাৰ সা: সম্পাদক পল্লৱ গগৈয়ে। যোগদান অনুষ্ঠানটোৰ আঁত ধৰে ৰাইজৰ দলৰ শিৱসাগৰ জিলাৰ সা: সম্পাদক মুজিদ আলিয়ে।অনুষ্ঠানটোত অখিল গগৈয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নৱাগতসকলক দললৈ আদৰণি জনাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b84d5924-fa8e-46dd-8694-4028d14da475/c1fcfb26-11cb-4678-9e00-98439040ad13.jpg)
Also Read: শিলচৰত মিনি সচিবালয় পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ