প্ৰাথমিক বিদ্যালয়ত চাওঁতালী ভাষাতো হ'ব পাঠদানঃ উৎফুল্লিত অসমৰ চাওঁতাল জনগোষ্ঠী...

প্ৰাথমিক বিদ্যালয়ত চাওঁতালী ভাষাতো হ'ব পাঠদানঃ উৎফুল্লিত অসমৰ চাওঁতাল জনগোষ্ঠী...
প্ৰাথমিক বিদ্যালয়ত চাওঁতালী ভাষাতো হ'ব পাঠদানঃ উৎফুল্লিত অসমৰ চাওঁতাল জনগোষ্ঠী...

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি জনতা ভৱনত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ এটা অন্যতম আছিল চাওঁতালী ভাষাত প্ৰাথমিক শিক্ষা প্ৰদান। সুদীৰ্ঘ দিন ধৰি অসমত বাস কৰি অহা চাওঁতাল জনগোষ্ঠীয় লোকসকলৰ দীৰ্ঘদিনীয়া দাবী আছিল প্ৰাথমিক বিদ্যালয়ত চাওঁতালী ভাষাত শিক্ষা প্ৰদান কৰা বিষয়টো।

অসম চাওঁতালী সাহিত্য সভা, সদৌ চাওঁতাল ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰাই এই দাবী উত্থাপন কৰি আহিছিল। সেয়ে আজিৰ কেবিনেটে গ্ৰহণ কৰা এই গুৰুত্বপূৰ্ণ সিদ্ধান্তক আদৰণি জনাইছে সদৌ চাওঁতাল ছাত্ৰ সন্থাই।

সন্থাৰ সভাপতি মিন্টু হেম্বৰমে এই সন্দৰ্ভত কয়, প্ৰাথমিক বিদ্যালয়ত চাওঁতালী ভাষাৰ প্ৰয়োগ আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল। চাওঁতাল সাহিত্য সভাৰ উপৰিও ২০০৫ চনৰ পৰা আমি এই দাবী উত্থাাপন কৰি আহিছো। সেয়ে কেবিনেটৰ এই সিদ্ধান্তক আদৰণি জনাইছো। আশা কৰো অসমীয়া ভাষাৰ সমানে চাওঁতালী ভাষকো আগুৱাই নিয়াত অসম চৰকাৰে পৰ্যাপ্ত সকলো ব্যৱস্থা গ্ৰহণ কৰিব। চৰকাৰৰ এই সিদ্ধান্তত উৎফুল্লিত হৈ পৰিছে অসমৰ চাওঁতাল জনগোষ্ঠীয় লোকসকল।

মন কৰিবলগীয়া যে, অসমত বৰ্তমান প্ৰায় ১২ লাখৰো অধিক চাওঁতাল জনগোষ্ঠীয় লোকে বাস কৰি আছে। কোকৰাঝাৰ চিৰাং, বাক্সা, ওদালগুৰি, শোণিতপুৰ, গোলাঘাট, ধেমাজিত সৰ্বাধিক চাওঁতাল জনগোষ্ঠীয় লোকে বাস কৰে।

ইয়াৰোপৰি তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, কাৰ্বি আংলং, নগাওঁ, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, কামৰূপ, মৰিগাওঁ, লখিমপুৰ, গোৱালপাৰা, ধুবুৰী আৰু বঙাইগাওঁ জিলাতো এই জনগোষ্ঠীয় লোকসকলে বাস কৰে। অসমত বাস কৰি অহা অন্যান্য জনগোষ্ঠীসমূহৰ দৰেই চাওঁতালসকলো দ্বিভাষিক জাতি।

নিজৰ সমাজত তেওঁলোকে চাওঁতালী ভাষাত কথা বতৰা পাতে যদিও আন আন লোকৰ সৈতে অসমীয়া ভাষাত কথা বতৰা পাতে। বিহাৰ, উৰিষ্যা, পশ্চিমবংগ, ঝাৰখণ্ড, ত্ৰিপুৰাৰ লগতে অসমত বাস কৰে এই জনগোষ্ঠীয় লোকসকলে।

অসমত বাস কৰা চাওঁতালসকলে অসমীয়া ভাষাৰ চৰ্চা কৰি অসমীয়া মাধ্যমতে পঢ়া-শুনা কৰি নিজকে অসমীয়া চাওঁতালী হিচাপে পৰিচয় দি আহিছে। এই জনগোষ্ঠীটোৰ নিজা লিখিত পৰ্যাপ্ত সাহিত্যৰ অভাৱ যদিও মৌখিক সাহিত্যৰে অতি চহকী।

বৰ্তমান যিখিনি লিখিত সাহিত্যৰ সৃষ্টি হৈছে সেইসমূহ চাওঁতাল বসতিপ্ৰধান ৰাজ্যসমূহৰ সংশ্লিষ্ট ভাষা আৰু লিপিৰ মাজেদি ৰাজ্যভেদে চাওঁতালী সাহিত্যৰ লিখিত ৰূপ লাভ কৰিছে। অৱশ্যে এই জনগোষ্ঠীয়ে এটা নিজা লিপিও সৃষ্টি কৰিছে।

অল চিকি নামেৰে পৰিচিত এই লিপিৰ জৰিয়তে চাওঁতালসকলে লিখা,মেলা আৰম্ভ কৰিছে। ইয়াৰোপৰি অসমৰ বিভিন্ন জিলাত চাওঁতাল জনগোষ্ঠীয় লোকসকলৰ মাজত এই অল চিকি লিপিৰ প্ৰচলনত গুৰুত্ব প্ৰদান কৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে জনগোষ্ঠীটোৰ একাংশ সংগঠনে। এই অল চিকি লিপিতেই ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰাথমিক বিদ্যালয়ত শিক্ষাদান কৰিব জনগোষ্ঠীটোৰ শিক্ষাৰ্থীসকল।

প্ৰাথমিক বিদ্যালয়ত চাওঁতালী ভাষাতো হ'ব পাঠদানঃ উৎফুল্লিত অসমৰ চাওঁতাল জনগোষ্ঠী...
ঢেকীয়াজুলিত চহৰৰ মাজমজিয়াত খেদি খেদি দাৰে ঘপিয়াই হত্যা এজনক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in