মথুৰাপুৰ-নিমনাগড় গাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰা সম্পন্ন

মথুৰাপুৰ-নিমনাগড় গাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰা সম্পন্ন

ডিজিটেল সংবাদ,সোণৰি : চৰাইদেউ জিলাৰ লাকুৱা উন্নয়ন খণ্ডৰ অধীনস্থ নিমনাগড় গাঁও পঞ্চায়তৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে "বিকশিত ভাৰত সংকল্প যাত্ৰা" অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে।

মন্ত্ৰীগৰাকীয়ে কয় যে, দেশৰ সকলো স্তৰৰ জনসাধাৰণৰ উন্নয়ন সুনিশ্চিত কৰাৰ লক্ষ্যৰে বিগত ১৫ নবেম্বৰৰ পৰা দেশজুৰি বিকশিত ভাৰত সংকল্প যাত্ৰা আৰম্ভ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ জনহিতকৰ আঁচনিসমূহৰ সুফল আজি সৰ্বত্ৰ বিদ্যমান।

যদি কোনো যোগ্য হিতাধিকাৰীয়ে বৰ্তমানলৈও এই আচঁনিসমূহৰ লাভ গ্ৰহণ কৰাৰ পৰা বঞ্চিত হৈ আছে, তেন্তে লোকসকলে এই যাত্ৰাৰ যোগেদি চৰকাৰী আঁচনিৰ বাবে আবেদন কৰাৰ সুযোগ লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে, এই যাত্ৰাই নিশ্চিতভাৱে চৰকাৰ আৰু প্ৰশাসনক ৰাইজৰ নিচেই কাষ চপাই আনিব। তেওঁ যুৱ, মহিলা, কৃষক আৰু দৰিদ্ৰ নাৰায়ণ এই চাৰি শক্তিৰ সবলীকৰণে দেশৰ বিকাশৰ ধাৰা উর্ধমুখী কৰিব।

সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অনুষ্ঠানত অংগ্ৰহণ কৰি কয় যে, সৰ্বসাধাৰণ ৰাইজৰ মাজত কেন্দ্ৰীয় চৰকাৰৰ জনকল্যাণকামী আঁচনিসমূহৰ বিষয়ে সজাগতা বৃদ্ধি কৰাই হ'ল বিকশিত ভাৰত সংকল্প যাত্ৰাৰ মূল উদ্দেশ্য। আচঁনিসমূহৰ লাভ চৰকাৰী বিভাগসমূহৰ যোগেদি থিতাতে লাভ কৰাৰ এক অনন্য সুবিধা এই যাত্ৰাই প্ৰদান কৰিছে বুলি বিধায়ক কোঁৱৰে উল্লেখ কৰে।

চৰাইদেউৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে অনুষ্ঠানত উপস্থিত সকলোকে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ শপতবাক্য পাঠ কৰোৱায়। অনুষ্ঠানত কেইবাগৰকী হিতাধিকাৰীক আয়ুষ্মান কাৰ্ড প্ৰদান কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ জৰিয়তে লাভান্বিত হৈ আৰ্থিকভাৱে স্বাৱলম্বী হোৱা ভালেকেইগৰাকী হিতাধিকাৰীয়ে তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে "মোৰ মুখেৰে মোৰ কাহিনী" শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে প্ৰকাশ কৰে।

তদুপৰি এই অনুষ্ঠানত ভালেকেইগৰাকী বিশেষভাৱে সফল মহিলা, স্বাস্থ্যবান শিশু, খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতাত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা খেলুৱৈ আৰু শিল্পীক সম্বৰ্ধনা জনোৱা হয়। বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াসকলে অনুষ্ঠানটিত বিভাগীয় আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে।

এই যাত্ৰাৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ সুবিধা ৰাইজক প্ৰদান কৰাৰ উদ্দেশ্যে বিভিন্ন চৰকাৰী বিভাগৰ বিপনীও মুকলি কৰা হয়। আজিৰ অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া বিদিত দাস, অতিৰিক্ত জিলা আয়ুক্ত অভিজিত গগৈ, মহকুমাধিপতি (সদৰ) শ্ৰাৱণা সোণোৱাল, সহকাৰী আয়ুক্ত অঞ্জন জ্যোতি দ'লে, বিশিষ্ট সমাজকৰ্মী লক্ষীনাথ তাছা, জিলা পৰিষদৰ সভানত্ৰী বন্তি কোঁৱৰ, সদস্যা মুনমুনি ৰাজকুমাৰী প্ৰমুখ্যে বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

মথুৰাপুৰ-নিমনাগড় গাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰা সম্পন্ন
যোৰহাটৰ লিচুবাৰী সেনা ছাউনিৰ সমীপত বিস্ফোৰণৰ শব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in