ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা।
সোমবাৰে পুৱা শিৱসাগৰৰ ফুকন নগৰৰ নপামত সংঘটিত হৈছে এই ঘটনা।
গণপ্ৰহাৰত প্ৰাণ গ'ল এজন যুৱকৰ, লগতে আহত হয় এজন।
মৃত যুৱকজনৰ নাম পালু গোৱালা (২৭) বুলি জানিব পৰা গৈছে।
আহত জনৰ নাম দাদু গোৱালা।
জানিব পৰামতে ম'বাইল চুৰিৰ সন্দেহত এদল লোকে প্ৰহাৰ কৰিছিল যুৱক দুজনক।
মৃত পালু গোৱালাৰ ঘৰ শিৱসাগৰ ফুকন নগৰৰ ১০ নং ৱাৰ্ডত বুলি জানিব পৰা গৈছে ।
ইতিমধ্য আৰক্ষীয়ে এই কাণ্ডৰ লগত জড়িত ৮জনক আটক কৰিছে।
উল্লেখযোগ্য যে আটকাধীন কেইজনৰ মাজত ২জন নাবালক।