শিল্পী বিক্ৰম সিং য়েইনৰ ৪৫ সংখ্যক মৃত্যু তিথি উদযাপন

শিল্পী বিক্ৰম সিং য়েইনৰ ৪৫ সংখ্যক মৃত্যু তিথি উদযাপন

author-image
Asomiya Pratidin
New Update
শিল্পী বিক্ৰম সিং য়েইনৰ ৪৫ সংখ্যক মৃত্যু তিথি উদযাপন

ডিজিটেল সংবাদ, গুৱাহাটী : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, বিশ্ববিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা আদিৰ স'তে অভিনয়, গীত পৰিৱেশন কৰা প্ৰথিতযশা গণশিল্পী বিক্ৰম সিং য়েইনৰ সোমবাৰে ৪৫সংখ্যক মৃত্যু দিৱসটি পালন কৰা হয়। তাল চছাইটি আৰু অসম লুতাদ (অসমীয়া, মিছিং ভাষাৰ সাপ্তাহিক কাকত)ৰ উদ্যোগত এই দিৱসটি উদযাপন কৰে ।

Advertisment

প্ৰাককথনতে গণশিল্পী য়েইনৰ স্থিৰচিত্ৰত বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, সাহিত্য কোঁৱৰ কমল কলিতাই। তেঁও কয়- "সৌ তাহানিতে গীতেৰে, কথাৰে অসমীয়া জাতিৰ হ'কে, সমন্বয়-সংহতিৰ বাবে গীত গাই, জাতীয় জীৱনৰ হ'কে অনেক চিন্তা উদ্বেগৰ কাম কৰি বিক্ৰম সিং য়েইনে অনেক মচিব নোৱৰা সাঁচ বহুৱাই থৈ গৈছে ।"

ইয়াৰ পিছতে তাল সংগীত মহাবিদ্যালয় আৰু মলীউড ষ্টুডিঅ' মুকলি কৰে ক্ৰমে অৱসৰপ্ৰাপ্ত প্ৰশাসনীয় বিষয়া কৃষ্ণৰাম মিলি আৰু অৱসৰপ্ৰাপ্ত সেনাৰ বিগ্ৰেডিয়াৰ অৱনী কুমাৰ পাইতে । তাল চছাইটিৰ অধ্যক্ষ ড০ অৰিন্দম প্ৰিন্স পাংগিংয়ে সাৱলীল ধৰণেৰে আঁত ধৰা অনুষ্ঠানতে "অসম লুতাদ" বঁটা প্ৰদান কৰে বিশিষ্ট কবি-গীতিকাৰ, সাহিত্যিক কৃষ্ণৰাম মিলিক ।

আনহাতে, বিক্ৰম সিং য়েইন বঁটা প্ৰদান কৰে জনপ্ৰিয় কন্ঠশিল্পী, অভিনেত্ৰী তৰুলতা কুটুমক। এই অনুষ্ঠানত বিশিষ্ট কবি, সাংবাদিক দীপক শৰ্মা, পংকজ জন টায়ে , কালিনাথ পাংগিং, লিলি দলে, ভানুমতী দলে, জোনালী দলে ,অশ্বিনী পেগু, ড০ মুনীন্দ্ৰ নাথ ঙাটে, লক্ষী নন্দন পেগু, মুন চক্ৰৱৰ্তী আৰু কনক চন্দ্ৰ দলেক বিশেষভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ।

সভাত ৰাষ্ট্ৰীয় ঘাইপথৰ লাইটৰ পোহৰত পঢ়ি লখিমপুৰৰ পূৱ তেলাহী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫টা বিষয়ত লেটাৰ লৈ ষ্টাৰ মাৰ্ক পোৱা ভাইটি দলেক ১৫হেজাৰ টকাসহ সন্মান প্ৰদান কৰাৰ লগতে তাল চছাইটয়ে শিক্ষা জীৱন শেষ নোহোৱালৈ মাহে জলপানি প্ৰদানৰ কথা ঘোষণা কৰে । অনুষ্ঠানত অনাতাঁৰ শিল্পী অৱনী কুমাৰ মিলি, লেখিকা চিত্ৰলেখা টায়ে, সমাজকৰ্মী বালিকা লাহনে বিশিষ্ট অতিথি হিচাপে অংশ লয়।

অনুষ্ঠানত অৱসৰপ্ৰাপ্ত বিগ্ৰেডিয়াৰ অৱনী কুমাৰ মিলিয়ে সেনাত যোগদান কৰিলে মিছিং যুৱকক আৰ্থিক অনুদান দিয়াৰ কথা ঘোষণা কৰে । সভাত সনাতন পেগু, কে কে পাটগিৰি, ডেনিয়েল মিলি, ললিত পাংগিং, ধৰণী টাও প্ৰভৃতিয়ে গীত পৰিবেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৰ্দ্ধন কৰে ।

Also Read: ভাল খবৰ আহিল : টীম ইণ্ডিয়াত স্থান লাভ অসম সন্তান ৰিয়ান পৰাগৰ

artist Bikram Singh Yain