/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/f850824c-b329-46be-a384-c3d4d32369b6/bus_new.jpg)
ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদে মথুৰাপুৰত অঘটন ৷ যাত্ৰীবাহী বাছত মৃত্যু হৈছে এজন লোকৰ । জিলাখনৰ মথুৰাপুৰত যাত্ৰীবাহী বাছত যাত্ৰা কৰি আহি থকা অৱস্থাত এজন যাত্ৰীৰ মৃত্যু হয় ।
শিৱসাগৰ পৰা সোণাৰি অভিমুখে আহি থকা অৱস্থাত কৃষ্ণানু নামৰ যাত্ৰীবাহী বাছত আহি থকা অৱস্থাত ব্যক্তিজন মৃত্যু হয় । ব্যক্তিগৰাকীয়ে যাত্ৰা কৰা বাছথনৰ নম্বৰ হৈছে AS03BC0365 ।
ঘটনা দেখি বাছ কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃত ব্যক্তিজন চৰাইদেউ জিলাৰ চফ্ৰাই চাহ বাগিচাৰ বিতুসিং ৰাজপুত বুলি চিনাক্ত কৰিছে । উল্লেখ্য যে বিতুসিংৰ বৰ্তমানেও মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ সক্ষম হোৱা নাই ।
Also Read: সুদীৰ্ঘ ২২ বছৰৰ পিছত আৰ্জেণ্টিনাৰ বুকুত অনুৰ্ধ্ব-২০ বিশ্বকাপ...