/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/b7128c45-ad6a-4750-8539-fda33f983fb0/gr.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰৰ বিশিষ্ট শিক্ষাবিদ, লেখক, শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিকৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ নীলমনি মহন্ত গুৰুতৰভাৱে অসুস্থ। হাওঁফাওঁৰ তথা হৃদযন্ত্রৰ অন্যান্য ৰোগতো আক্ৰান্ত কৃতী শিক্ষক গৰাকীক শুকুৰবাৰে পুৱা অসুস্থ হৈ পৰে।
তাৰপাছতে পুৱা ৫-৩০বজাত প্ৰায় অজ্ঞান অৱস্থাত পত্নী ডঃ অৰুন্ধতীমহন্তই প্ৰথমে অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও আই চি উত আসন নথকাত ডিমৌ সাহিত্য চ্যুকাফা হাস্পতালত ভৰ্তি কৰে। ইফালে কৰ্মসূত্ৰে গুৱাহাটীত থকা তেওঁলোকৰ পুত্ৰ, জী, জোৱাই আদি আত্মীয় খবৰ পায়ে শিৱসাগৰ লৈ ৰাওনা হৈছে।
সত্ৰীয়া সংস্কৃতিৰো সাধক গৰাকীৰ স্বাস্থ্য এতিয়াও সংকটাপন্ন অৱস্থাত আছে। চিকিৎসকৰ মতে কাৰ্বন মনোক্সাইড আৰু পটাচিয়ামৰ পৰিমান অতিকে বৃদ্ধি পোৱাৰ বাবে এনে পৰিস্থিতি ৰ সৃষ্টি হৈছে।
Also Read: 'ইণ্ডিয়া'ক এৰি বিজেপিৰ সহযোগত নীতিশ কুমাৰৰ নতুন চৰকাৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us