উদুলি-মুদুলি নাজিৰা মেছাগড় "চাওবিন ক্ষেত্ৰ"

উদুলি-মুদুলি নাজিৰা মেছাগড় "চাওবিন ক্ষেত্ৰ"

ডিজিটেল সংবাদ,চৰাইদেউঃ শিৱসাগৰ জিলাৰ নাজিৰা মেছাগড় তিনিআলিৰ সমীপৰ মুকলি পথাৰত  "চাওবিন ক্ষেত্ৰ" নামাংকন কৰি অহা ২৭,২৮ আৰু ২৯ জানুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া সদৌ বৰগোহাঞি বংশাৱলীৰ শতবৰ্ষীয় পূৰ্ণাঙ্গ অধিৱেশনখনি  সাফল্যমণ্ডিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে আয়োজক সমিতিয়ে ৷ তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া বৰগোহাঞি বংশাৱলীৰ শতবৰ্ষীয় পূৰ্ণাংগ অধিৱেশনক কেন্দ্ৰ কৰি নাজিৰা মেছাগড়স্হিত  "চাওবিন ক্ষেত্ৰ"ত এক উথপথপ পৰিৱেশ বিৰাজ কৰিছে ৷

এই অধিৱেশন সুকলমে অনুষ্ঠিত কৰিবলৈ আয়োজক সমিতিয়ে মেছাগড় মুকলি বৃহৎ পথাৰত বিশাল মণ্ডপ,আটকধুনীয়া তোৰণ, পতাকা বেদী, ভোজনালয়,অতিথি গৃহ, পূজা গৃহ,নামঘৰ,প্ৰতিনিধি শিবিৰ,উদ্যানকে ধৰি সকলো প্ৰস্তুতি পূৰ্ণ গতিত চলোৱা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, বৰ অসমৰ স্ৰষ্টা চাওল্যুং চুকাফাৰ লগত অহা চাওথাংলুঙ্গ থাও -মুং-কাঙ্গন বৰগোহাঞি বংশধৰ সকলে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ বৰগোহাঞি বংশধৰসকলে অতীজৰে পৰা বংশৰ ঐতিহ্য মৰ্যাদা অক্ষুণ্ণ ৰাখি বংশৱালী অনুষ্ঠিত কৰি অহাৰ লগতে ২০২১ চনত শতবৰ্ষ অতিক্ৰম কৰে ৷ সেয়ে অহা ২৭,২৮ আৰু ২৯ জানুৱাৰীত তিনিদিনীয়াকৈ শিৱসাগৰ জিলাৰ মেছাগড়, মাদুৰি আৰু মঠিয়াছিগা বাসীৰ সহযোগত শতবৰ্ষীয় এই অধিবেশনখনি অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ৷

অধিৱেশনখনিৰ প্ৰথম দিনা পুৱা সদৌ বৰগোহাঞি বংশাৱলীৰ কেন্দ্রীয় সমিতিৰ সভাপতি মুহি বৰগোহাঞি, শতবর্ষীয় বৰগোহাঞি বংশাৱলীৰ পূর্ণাঙ্গ অধিৱেশনৰ উদযাপন সমিতিৰ সভাপতি ড° দয়ানন্দ বৰগোহাঞি আৰু এশজন জ্যেষ্ঠ বৰগোহাঞি বংশধৰে পৃথকে পৃথকে পতাকা উত্তোলন কৰিব। ইয়াৰ পাছত পৰ্যায় ক্ৰমে মৈদাম তর্পন , থাও ম্যুঙ কাঙ্গন স্মৃতি উদ্যান উদ্বোধন, নাম প্রসঙ্গ, বান-ফী, সাত গৰাকী পুথাওৰ স্মৃতিত গছ পুলি ৰোপন, মুখ্য তোৰণ উদ্বোধন হ'ব।

দিনৰ ১১ বজাত শিবিৰ উদ্বোধন, মহীয়সী জয়মতী স্মৃতি উদ্যান উদ্বোধনৰ পাছত গ্রন্থমেলা, প্রদর্শনী আৰু বাণিজ্য মেলা উদ্বোধন হ'ব। ইয়াৰ পাছতে সদৌ বৰগোহাঞি বংশাৱলীৰ প্রাক্তন যুটীয়া সম্পাদক তথা বিশিষ্ট সমাজকর্মী নিৰঞ্জন বৰগোহাঞিয়ে কথাশিল্পী হোমেন বৰগোহাঞি সোঁৱৰণী মঞ্চ উদ্বোধন কৰিব। দিনৰ ১২ বজাত বংশলতিকা, স্মৃতিগ্রন্থ আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হ'ব। সন্ধিয়া লাইথেপেনা বৰগোহাঞি মৈদামত বন্তি প্রজ্বলন আৰু বৰগোহাঞি বংশধৰৰ গৃহত বন্তি প্রজ্বলনৰ পাছত প্রতিনিধি সভা আৰু সাংস্কৃতিক অনুষ্ঠানৰে প্ৰথম দিনৰ কাৰ্যসূচী অন্ত পৰিব।

দ্বিতীয় দিনা পুৱা নাম প্রসঙ্গৰ পাছত তর্পন অনুষ্ঠান ফুৰালুং অনুষ্ঠিত হ'ব। ইয়াৰ পাছত কথাশিল্পী হোমেন বৰগোহাঞিৰ জীৱন আৰু কৃতি শীর্ষক ৰাজ্যিক ভিত্তিত বক্তৃতা প্রতিযোগিতা অনুষ্ঠিত হ'ব। দিনৰ ১২.৩০ বজাত 'যুগ সন্ধিক্ষণৰ অসম আৰু থলুৱা অসমীয়াৰ ভবিষ্যৎ' শীৰ্ষক এক আলোচনা চক্র অনুষ্ঠিত হ'ব। সন্ধিয়া বন্তি প্রজ্বলনৰ পাছত অনুষ্ঠিত হ'ব লগা যুৱ সম্মিলন উদ্বোধন কৰিব সাংবাদিক নিতুমণি শইকীয়াই ৷

সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আৰু মহীয়সী জয়মতী শীৰ্ষক নাট মঞ্চস্থ হ'ব। অধিৱেশনখনিৰ অন্তিম দিনা মেছাগড় চাওবিন ক্ষেত্ৰৰ পৰা জয়সাগৰ, শিৱসাগৰ, গড়গাঁও আৰু নাজিৰা নগৰ হৈ পুনৰ ক্ষেত্ৰস্থলীলৈ সাংস্কৃতিক শোভাযাত্রা বাহিৰ হ'ব। দুপৰীয়া শতবর্ষীয় বৰগোহাঞি বংশাবলীৰ পূর্ণাঙ্গ অধিৱেশনৰ মুকলি সভা অনুষ্ঠিত হ'ব। আনহাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ- বিদেশীত থকা বংশধৰ সকলকে এই অধিৱেশন অংশগ্ৰহণ কৰিব ৷ ইপিনে অধিৱেশনত আহিবলগীয়া বংশধৰ সকলক আদৰিবলৈ  উদ্যোক্তাসকলে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে৷

উদুলি-মুদুলি নাজিৰা মেছাগড় "চাওবিন ক্ষেত্ৰ"
খানাপাৰাত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱসৰ কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in